পেছাত তেওঁ আৰক্ষীৰ উচ্চখাপৰ বিষয়াই আছিল৷ পৰিচয় DSP কৃপা শংকৰ কনৌজা৷ উত্তৰপ্ৰদেশৰ উন্নাও প্ৰদেশৰ এগৰাকী নামজ্বলা বিষয়া৷ কিন্তু সেই বিষয়াই হঠাৎ পৰিচয় হেৰুৱাই কনিষ্ঠবললৈ অৱনমিত হৈছে৷ এগৰাকী DSPক কিয় হঠাৎ এগৰাকী কনিষ্টবললৈ পৰ্যবাসিত কৰা হ’ল?
ৰাষ্ট্ৰীয় সংবাদমাধ্যমে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, তিনি বছৰ পূৰ্বে কানপুৰৰ এখন হোটেলত এগৰাকী মহিলা কনিষ্টবলৰ সৈতে ধৰা পৰাৰ পাছতেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তেওঁক নিলম্বন কৰাৰ লগতে কনিষ্টবললৈ অৱনমিত কৰা হয়।
কৃপা শংকৰ কানোজিয়াই ২০২১ চনৰ ৬ জুলাইত পাৰিবাৰিক সমস্যাৰ কথা উল্লেখ কৰি উন্নাও আৰক্ষী অধীক্ষকৰ পৰা ছুটী বিচাৰিছিল। ছুটী দিয়াৰ পাছতো কৃপা শংকৰ ঘৰলৈ যোৱা নাছিল। কানপুৰৰ এখন হোটেলত এগৰাকী মহিলা কনিষ্টবলৰ লগত সময় কটাইছিল কৃপা শংকৰে৷ হোটেলত থকাৰ সময়ত চৰকাৰী আৰু ব্যক্তিগত দুয়োটা মোবাইল নম্বৰ চুইচ অফ কৰি ৰাখিছিল কৃপা শংকৰে। এনেকৈ ফোন অফ হোৱাৰ বাবেই তেওঁৰ পত্নী চিন্তিত হৈ পৰিল। পত্নীয়ে খবৰ ল’লেহি তেওঁৰ কাৰ্যালয়ত৷ কিন্তু কাৰ্যালয়ত সোধ-পোছ কৰাত গম পালে যে, তেওঁ ছুটী লৈ ঘৰলৈ গৈছে৷’ আৰক্ষী কাৰ্যালয়ত লাভ কৰা খবৰ শুনি পত্নী আচৰিতো হয়৷ ঘৰলৈ যাম বুলি ক’লৈ গ’ল স্বামী? লগে লগেই তেওঁ এছ পিক বিষয়টো অৱগত কৰি তদন্ত কৰিবলৈ কয়৷
উন্নাও থানাৰ SPয়ে লগে লগেই DSP কৃপা শংকৰৰ সন্ধানত অভিযান আৰম্ভ কৰে৷ বহু বিচাৰ খোচাৰৰ অন্তত কানপুৰৰ এখন হোটেলৰ পৰা কৃপা শংকৰক উদ্ধাৰ কৰে৷ তদন্তৰ সময়ত আৰক্ষীয়ে DSP কৃপাৰ সৈতে হাতেলোটে ধৰা পেলাই এগৰাকী মহিলা কনিষ্টবলক৷ তাৰপিছতেই আৰক্ষী বিভাগে পত্নীক প্ৰতাৰণা কৰাৰ গোচৰত কৃপাক DSPৰ পৰা কনিষ্টবললৈ অৱনমিত কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ