২৪ জুন ২০২৪ সোমবাৰে শনিৰ ৰাশি মকৰত দিনজুৰি গোচৰ কৰিব চন্দ্ৰই৷ ইতিমধ্যেই আহাৰ মাহ৷ কাইলৈ পালিত হ’ব আহাৰ কৃষ্ণা দ্বিতীয়া৷ ২৪ জুনৰ পৰা মিথুন ৰাশিত সূৰ্যই অৱস্থান কৰিছে৷ সেই স্থানত পূৰ্বৰে পৰাই বুধ আৰু শুক্ৰই অৱস্থান কৰি আছে৷ ইয়াৰ ফলত মিথুন ৰাশিত গঠিত হৈছে ত্ৰিগ্ৰহী যোগ, শুক্ৰাদিত্য ৰাজযোগ আৰু বুধাদিত্য ৰাজযোগ৷ কাইলৈ থাকিবলগীয়া শুভ যোগসমূহ হৈছে ইন্দ্ৰ যোগ, সৰ্বাৰ্থ সিদ্ধি যোগ আৰু বৈধৃতি যোগ৷ ইয়াৰোপৰি কাইলৈ থাকিব প্ৰথমে উত্তৰ আহাৰ আৰু তাৰপিছতেই শ্ৰাৱণ নক্ষত্ৰ৷ জ্যোতিষ অনুসৰি সোমবাৰ হৈছে মহাদেৱৰ প্ৰিয় দিন৷ ইয়াৰোপৰি সপ্তাহৰ প্ৰথম দিনা চন্দ্ৰৰ প্ৰভাৱ লক্ষ্য কৰা যাব৷ এইসমূহ শুভ যোগৰ প্ৰভাৱত কাইলৈ সৌভাগ্য বৰ্ষণ হ’ব এই পাঁচ ৰাশিৰ জাতকৰ ওপৰত৷ জানি থওক তালিকাত কোন কোন আছে৷
মেষ ৰাশি
সৰ্বাৰ্থ সিদ্ধি যোগৰ শুভ ফল লাভ কৰিব মেষ ৰাশিৰ জাতকে৷ কাইলৈ মহাদেৱৰ আশীৰ্বাদত আপোনাৰ দাম্পত্য জীৱন সুখৰ হ’ব৷ দীৰ্ঘদিন ধৰি পৰি থকা কোনো অমীমাংসিত কাম কাইলৈ সম্পন্ন কৰিব পাৰিব৷ নতুন কাম আৰম্ভ কৰিব মেষ ৰাশিৰ জাতকে৷ কাইলৈ সকলো কামতেই আপুনি সফলতা পাব৷ শহুৰৰ ঘৰৰ পৰা কিবা সমস্যা থাকিলেও কাইলৈ দূৰ হ’ব৷
সিংহ ৰাশি
২৪ জুন সোমবাৰে ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত মনৰ সকলো ইচ্ছা পূৰণ হ’ব সিংহ ৰাশিৰ জাতকৰ৷ কাইলৈ আপুনি আৰ্থিক অৱস্থাৰ বহু পৰিমানে উন্নতি হ’ব৷ যিয়ে বিদেশত ব্যৱসায় কৰিছে তেওঁলোকে আৰ্থিকভাৱে লাভাম্বিত হ’ব৷ ভায়েক ভনীয়েকৰ মাজত সম্পৰ্ক উন্নত হ’ব৷ প্ৰেম জীৱনত সুখ আৰু ৰোমান্স বৰ্তি থাকিব৷ কাৰ্যালয়ৰ পৰিবেশ অনুকূল থাকিব৷
তুলা ৰাশি
বৈধৃতি যোগৰ প্ৰভাৱত লাভবান হ’ব তুলা ৰাশিৰ জাতক৷ মহাদেৱৰ কৃপাত কাইলৈ জীৱনৰ সকলো সমস্যা দূৰ হৈ শান্তি ঘূৰি আহিব আপোনাৰ জীৱনত৷ কাইলৈ নতুন কোনো ব্যৱসায় আপুনি আৰম্ভ কৰিব পাৰে৷ সহকৰ্মীসকলৰ সৈতে সম্পৰ্কৰ উন্নতি হ’ব তুলা ৰাশিৰ জাতকৰ৷ ব্যৱসায়ত কাইলৈ অতিৰিক্ত লাভ কৰিব পাৰে৷ কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে আলাপ হ’ব পাৰে৷
ধনু ৰাশি
কাইলৈ সপ্তাহৰ প্ৰথম দিনটোত শ্ৰাৱণ নক্ষত্ৰৰ শুভ প্রভাৱ লাভ কৰিব পাৰিব ধনু ৰাশিৰ জাতকে৷ ধৰ্মীয় বিষয়ত কাইলৈ আগ্ৰহী হ’ব আপুনি৷ কেৰিয়াৰত নতুন সাফল্য লাভ কৰিব পাৰে৷ যিয়ে ব্যৱসায় কৰিছে, তেওঁলোকেও কাইলৈ বিশেষভাৱে লাভৱান হ’ব৷ কাইলৈ আপুনি যি কামতেই হাত দিয়ে তাতেই কাংখিত ফল লাভ কৰিব৷ ধনু ৰাশিৰ জাতকে কাইলৈ বিদেশ যাত্ৰাৰ কথাও চিন্তা কৰিব পাৰে৷
কুম্ভ ৰাশি
সোমবাৰে চন্দ্ৰ দেৱতাৰ আশীৰ্বাদ থাকিব কুম্ভ ৰাশিৰ জাতকৰ ওপৰত৷ কাইলৈ ইন্দ্ৰ যোগৰ প্ৰভাৱত আপোনাৰ দীৰ্ধদিনে ৰৈ থকা কাম সম্পন্ন হ’ব৷ কাইলৈ আপোনাৰ মনত সাহস আৰু আত্মবিশ্বাস থাকিব৷ যিয়ে নতুন চাকৰি বিচাৰি আছে তেওঁলোকে কাইলৈ নতুন চাকৰি লাভ কৰাৰ সম্ভাৱনা আছে৷ ব্যৱসায়ীসকলে কাইলৈ নতুন কোনো চুক্তি কৰিব পাৰে৷ সমাজত কাইলৈ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব কুম্ভ ৰাশিৰ জাতকৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ