তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ৷ এই নৱনিৰ্বাচিত চৰকাৰৰ প্ৰতিজন প্ৰতিনিধিয়েই আজি সাংসদ হিচাপে শপত লৈ চমজি লৈছে নিজা নিজা বিষয়বাব৷ ২৪ জুনৰ পৰা আৰম্ভ হৈছে ১৮ সংখ্যক সংসদ অধিবেশন৷ পুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে অধিবেশন৷ অধিবেশন চলাই নিবলৈ প্ৰটেম স্পিকাৰ হিচাপে শপতবাক্য পাঠ কৰিছে বিজেপিৰ ভতৃহৰি মহতাবে৷ নতুন সংসদভৱনত সোমবাৰ আৰু মঙলবাৰে সাংসদসকলৰ শপতগ্ৰহণ অনুষ্ঠান আৰম্ভ হৈছে৷ সংসদ অধিবেশনৰ আৰম্ভণিতেই আকৌ এবাৰ সাংসদৰূপে শপতগ্ৰহণ কৰিছে নৰেন্দ্ৰ মোদীয়ে৷
অধিবেশনৰ আৰম্ভণিতেই সংসদভৱনৰ বাহিৰত অনুষ্ঠিত সংবাদমেলক অংশগ্ৰহণো কৰিছে নৰেন্দ্ৰ মোদীয়ে৷ বৈঠকতেই তেওঁ ১৮সংখ্যক সংসদীয় অধিবেশনৰ মহত্বৰ কথাও বাখ্যা কৰিছে৷ নতুন সংসদভৱনত তৃতীয়বাৰ চৰকাৰ সুচাৰুৰূপে চলোৱাৰ প্ৰতিশ্ৰুতি দিছে নৰেন্দ্ৰ মোদীয়ে৷ একক সংখ্যাগৰিষ্ঠতা নাথাকিলেও তৃতীয়বাৰৰ বাবে এন ডি এ জোঁটক লৈ চৰকাৰ গঠন কৰিছে বিজেপি দলে৷ আকৌ প্ৰধানমন্ত্ৰীৰ আসনত বহিছে নৰেন্দ্ৰ মোদী৷
ইফালে লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই দেশত NEET, NETসহ একাধিক সৰ্বভাৰতীয় স্তৰৰ পৰীক্ষা কেলেংকাৰীও পোহৰলৈ আহিছে৷ ঘটিছে ৰে’ল দুৰ্ঘটনাও৷ সকলোবোৰৰ মাজত সংসদীয় অধিবেশন আৰম্ভ হৈছে৷ সংসদ অধিবেশনৰ প্ৰথম দিনটোতেই সংসদ ভৱনৰ বাহিৰত জোৰদাৰ প্ৰতিবাদ অব্যাহত ৰাখিছে বিৰোধী শিৱিৰে৷ বিৰোধী শিবিৰক সংসদৰ অধিবেশনৰ পৰা মোদীয়ে কয়, ‘আমি বিচাৰিছো বিৰোধীসকলক লৈ একেলগে আগুৱাই যাওঁ৷ গণতন্ত্ৰক মজবুত কৰাৰ বাবে বিৰোধী শক্তিশালী হোৱাটো প্ৰয়োজন৷ আপোনালোকৰ মূল্যবান মতামতে আমাক সহায় কৰিব৷ সংসদত আমি শ্লোগান নহয়, মতামত বিচাৰিছো৷ আপোনালোকৰ মূল্যবান মতামতে আমাক কাম কৰাত সহায় কৰিব৷’
বিৰোধী উদ্দেশ্য কৰি বাক্যবাণ এৰাতেই শান্ত থকা নাই নৰেন্দ্ৰ মোদী৷ দেশৰ জনতাকো মোদী ৩.০ ৰ প্ৰতিশ্ৰুতিৰ কথা আকৌ এবাৰ সোঁৱৰাই দিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ প্ৰতিশ্ৰুতি দি মোদীয়ে কয়, ‘বিকশিত ভাৰতৰ সংকল্প পূৰণৰ বাবে আমি ব্যৱস্থা কৰিম৷ আমি সংকল্প লৈছো আমি দেশৰ জনতাৰ বাবে কাম কৰিম৷ পৰিশ্ৰমত ত্ৰুটি নাৰাখো৷ তৃতীয়বাৰ দেশ চলাবৰ বাবে আমি তিনিগুণ বেছি পৰিশ্ৰম কৰিম৷
১৮ৰ গুৰুত্ব বুজাবলৈ গৈ মোদীয়ে লগতে কয়, ‘১৮ তম লোকসভা বহু দিশৰ পৰাই বৈচিত্ৰপূৰ্ণ৷ এইবাৰ যুৱসাংসদৰ সংখ্যা বেছি৷ গীতাতো মুঠ ১৮ টা অধ্যায় আছে৷ পুৰাণ আৰু উপপুৰাণৰ সংখ্যাও ১৮৷ ১৮ বছৰ বয়সতেই আমাৰ দেশৰ যুৱক-যুৱতীয়ে ভোটদানৰ অধিকাৰ লাভ কৰে৷ ইয়াৰোপৰি ১৮ৰ আধা হৈছে ৯৷ ৯ হৈছে দুই অংকৰ ঠিক আগৰ ধাপ৷ সেয়ে এই সংখ্যাৰ গুৰুত্ব যথেষ্ট বেছি৷’ এইবাৰ মোদীৰ ভাষণত আকৌ প্ৰাণ পাই উঠিল জৰুৰী অৱস্থাৰ প্ৰসংগও৷ ২৫ জুন অৰ্থাৎ মঙলবাৰৰ দিনটোৰ কথা উল্লেখ কৰি তেওঁ কয়, ‘সংসদক যিসকলে সন্মান কৰে তেওঁলোকে এই দিনটোক ভুলতো পাহৰিব নোৱাৰে৷ ২৫ জুন অৰ্থাৎ মঙলবাৰৰ দিনটোৰ কথা উল্লেখ কৰি তেওঁ কয়, ‘২৫ জুনতেই সংবিধানৰ কলা দাগ লাগিছিল৷ সেই দিনটোৰ ৫০ বছৰ পূৰ্ণ হ’ব৷ আমি এতিয়া এই দিনটোতেই সংসদত কেইবাটাও গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম৷ সংবিধান ৰক্ষা কৰাৰ বাবে সিদ্ধান্ত লম৷ দেশবাসীয়েও সংকল্প ল’ব যে ভৱিষ্যতে আৰু কোনোৱে এই কলা দিন অনাৰ সাহস দেখুৱাব নোৱাৰিব৷ আমি জনগণৰ স্বপ্ন পূৰণৰ বাবে সংকল্পবদ্ধ৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















