• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২২ গজত আফগানৰ জয়…যুঁজ তেওঁলোকৰ মজ্জাগত, ছেমিফাইনেলত কাবুলিৱালাৰ দেশ

২২ গজত আফগানৰ জয়…যুঁজ তেওঁলোকৰ মজ্জাগত, ছেমিফাইনেলত কাবুলিৱালাৰ দেশ

2 years ago
প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

10 hours ago
মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

11 hours ago
ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?

খঙত অগ্নিশৰ্মা হৈ থাকে এই তাৰিখত জন্মা লোকসকল! শীঘ্ৰে হওক সাৱধান!

11 hours ago
কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

12 hours ago
নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

14 hours ago
ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

14 hours ago
আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

15 hours ago
ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

15 hours ago
স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

16 hours ago
চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

16 hours ago
আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

17 hours ago
মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

২২ গজত আফগানৰ জয়…যুঁজ তেওঁলোকৰ মজ্জাগত, ছেমিফাইনেলত কাবুলিৱালাৰ দেশ

২২ গজত আফগানৰ জয়...যুঁজ তেওঁলোকৰ মজ্জাগত, ছেমিফাইনেলত কাবুলিৱালাৰ দেশ

editor by editor
June 25, 2024
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
২২ গজত আফগানৰ জয়…যুঁজ তেওঁলোকৰ মজ্জাগত, ছেমিফাইনেলত কাবুলিৱালাৰ দেশ
0
SHARES
165
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
প্ৰকৃতিৰ ৰুক্ষতাই যাক বশ কৰিব নোৱাৰে, এই ২২ গজৰ সমতল কেনেকৈ প্ৰতিকূল হব পাৰে? যুঁজ প্ৰতিজন আফগানৰ মজ্জাত আছে। সেই যুঁজ ২২ গজতেই নহয়, সেই যুঁজ ৰাজনৈতিক, মানৱাধিকাৰ ৰক্ষাৰ যুঁজ, নাৰী স্বাধীনতাৰ বাবে যুঁজ। বগা বলৰ ক্ৰিকেটত আফগানিস্তান আৰু কোনো সৰু দল নহয়। এদিনীয়া বিশ্বকাপৰ পাছত টি-২০ বিশ্বকাপত ৰছিদ খানৰ দলৰ সাফল্য সমীহ কৰিবলগীয়াই।
যুদ্ধবিধ্বস্ত এখন দেশৰ এই উত্থান ক্ৰিকটৰ বাবে ইতিবাচক খবৰ। এই খবৰ আৰু বেছি ইতিবাচক আফগানসকলৰ বাবে। চৌদিশে গুলীয়াগুলি, ভূমিকম্পৰ ত্ৰাস, তাৰ মাজতো তালিবানে দখল কৰি ৰখা এই ভূমিত জীয়াই আছে ক্ৰিকেট। ক্ৰিকেট জীয়াই থকা নাই, এই দেশৰ জনতাক ক্ৰিকেটেই দি আহিছে অকণমান আশাৰ কিৰণ। ৰছিদ মহম্মদ নবী, নবীন উল হক, ৰহমানুল্লাহ গুৰবাজহতেঁ প্ৰমাণ কৰি দিছে সাধনাৰ ওচৰত প্ৰতিকূলতাও হাৰ মানিবলৈ বাধ্য। বিগত বছৰ ভাৰতৰ মাটিত এদিনীয়া বিশ্বকাপৰ প্ৰথম ৬টা দলৰ মাজত স্থান পাইছিল আফগানিস্তান দলে। ইংলেণ্ড, পাকিস্তান, শ্ৰীলংকাৰ দৰে দলক হৰুৱাই দিছিল ৰছিদহঁতে।
আফগান ক্ৰিকেটাৰে বিশ্বৰ ক্ৰিকেটপ্ৰেমীৰ চকু মেল খোৱাই দিছিল। সেই যে চকু মেল খালে সেই চকু আৰু জাপ খাবলৈ নিদিলে। হঠাৎ উত্থান হৈ আকৌ শেষ হৈ গল তেনেকুৱা নহয়। এই বিজয়ৰ যাত্ৰা সাময়িক নহয়, এই যাত্ৰা অনাদিলৈ বুলি এইবাৰ প্ৰমাণ কৰি দিলে আফগান ক্ৰিকেট দলে। টি-২০ বিশ্বকাপত উজ্বলি উঠিছে আফগানিস্তানৰ দলটো। এটাৰ পাছত আনটো বিজয়, এই বিজয় সাধাৰণ নহয়, বিশ্বৰ শক্তিশালী দলটোক পৰাজিত কৰাই ৰছিদৰ দলে আঁজুৰি লোৱা বিজয়।
এই বিজয়ৰ বাবেই যেন বহুদিন, বহু ৰাতিৰ অপেক্ষা আছিল ৰছিদহঁতৰ। যুঁজলৈনো কি ভয় কৰিব ৰছিদৰ দলে? যুঁজটো তেওঁলোকৰ মজ্জাত সোমাই আছে। সেই যুঁজ কেৱল ২২ গজতেই তেনে নহয়। সেই যুঁজ দেশৰ আৰ্থ সামাজিক পৰিস্থিতিৰ বিৰুদ্ধে যুঁজ, প্ৰাকৃতিক প্ৰতিকূলতাৰ সৈতে সহাবস্তানৰ যুঁজ, ৰাজনৈতিক যুঁজ, মানৱাধিকাৰ ৰক্ষাৰ যুঁজ, নাৰী স্বাধীনতাৰ বাবে যুঁজ ইত্যাদি, ইত্যাদি। তেওঁলোকৰ জীৱনটোৱেই কেৱল যুঁজ আৰু যুঁজ।তেওঁলোকে যুঁজত পাৰ্গত যদিও যুঁজত জিকি আনন্দ প্ৰকাশ কৰা, বা বিজয়োল্লাস তেওঁলোকৰ সংবিধানৰ পৰা আঁতৰাই দিয়া এক শব্দ। যি শব্দৰ বাবেই আকৌ যুঁজ। কিন্তু এই যুঁজত তেওঁলোক এইবাৰ জয়ী হৈছে। মন খুলি উদযাপন কৰিবলৈ সাঁজুও হৈছে। বিজয়োল্লাসক আৰু সামৰি ৰাখিব খোজা নাই আফগান দলে। ২২ গজেই তেওঁলোকক দিছে এই প্ৰাপ্তি।
দুবছৰ পূৰ্বে আফগানিস্তানৰ নামটো শুনিলেই মনলৈ লগে লগে আহে তালিবানৰ নাম। আফগানিস্তানক নিজৰ দখললৈ আনি আফগান জনতাৰ ওপৰত চলোৱা অত্যাচাৰৰ ছবিখন এবাৰ গুগল চাৰ্ছ কৰিলেই আপোনাৰ সন্মুখত ভাঁহি উঠিব। চৌদিশে গুলী ফুটা এই দেশত আপুনি কেনেকৈ শুনা পাব বেট-বলৰ শব্দ? কেনেকৈ দেখা পাব ২২ গজৰ এখন সমতল ঠাই?সমতল ঠাই দেখিলেও সেই ঠাইত হয়তো দেখিব কাৰোবাৰ গোট মৰা তেজ নতুবা কোনো নাৰীয়ে আইন অমান্য কৰাৰ বাবে তেওঁক জীৱন্তে সমাধিস্ত কৰাৰ ছবি।
সেই দুৰ্বিসহ সময় নেওচি ওলাই আহিছে আফগান দল। ২২ গজত তেওঁলোকক কোনো প্ৰতিপক্ষই আৰু টোপনি কাঢ়িব নোৱাৰে তেনেকৈয়ে নিজকে সাঁজু কৰিছে ৰছিদৰ দলে। আফগান ক্ৰিকেটাৰসকল এতিয়া ক্ৰিকেট জগতৰ একোজন বাঘ নহয় তেওঁলোক একো একোজন হায়না। চিকাৰৰ বাবে তেওঁলোক প্ৰতিক্ষণেই সাঁজু।
ৰছিদহঁতে নিজৰ দেশৰ মাটিত খেলিব নোৱাৰে। যি দেশত কাইলৈ সূৰ্য দেখিবনে সেই কথাৰেই কোনো নিশ্চয়তা নাই, তাত ক্ৰিকেট অবাস্তৱ কথা। ৰছিদহঁতে এই বিজয় দেখা পালেও তেওঁৰ দেশৰ নাগৰিকে কেতিয়াবা এনেকৈ আন্তৰ্জাতিক কোনো মেচ কাষৰ পৰা দেখিবনে সেই কথা তেওঁলোকে নাজানে। তেওঁলোকে নাজানে এনেকুৱা বিজয় কাষৰ পৰা দেখিলে তেওঁলোকৰ দেশৰ নাগৰিকৰ উত্তেজনা বাঢ়িবনে?চিঞৰি উঠিবনে আনন্দত? একোৱেই নাজানে তেওঁলোকে। তেওঁলোক এতিয়া ভাৰতৰ ওপৰতেই সম্পূৰ্ণ নিৰ্ভৰশীল। তেওঁলোকে বিজয়ৰ পাছত চাই ভাৰতীয় কোনো বাতৰি কাকত নতুবা টেলিভিছন। কাৰণ তেওঁলোকৰ বিজয়োল্লাস এই দেশৰ বাতৰিতেই তেওঁলোকে দেখা পায়। ভাৰতীয় ক্ৰিকেট বৰ্ডে তেওঁলোকক জীয়াই ৰাখিছে। এসময়লৈ ধৰ্মশালাই আছিল আফগান ক্ৰিকেটাৰৰ ঘৰ। নতুন চুক্তিত নয়ডাৰ নতুন ষ্টেডিয়ামত তেওঁলোকে অনুশীলনৰ সুবিধা লাভ কৰিছে। যি ফিল্ডত তেওঁলোকে আন্তৰ্জাতিক খেল খেলিবলৈ সাজু হৈছে সেই ষ্টেডিয়ামত ভাৰতীয় দলেই আজিলৈকে খেলা নাই কোনো আন্তৰ্জাতিক খেল। নিশ্চিন্ত মনে অনুশীলন, আধুনিক পৰিকাঠামো, প্ৰশিক্ষণৰ সৰঞ্জাম সকলোবোৰেই আফগান ক্ৰিকেটাৰক যোগান ধৰিছে বিচিচিআইয়ে।
সকলো সুযোগ সুবিধা লাভ কৰিলেও, দিনৰ পাছত দিন, মাহৰ পিছত মাহ এনেকৈ আন এখন দেশত থাকি অনুশীলন চলোৱাৰ মনোকষ্ট কেৱল ৰছিদৰ দলৰ প্ৰতিজন খেলুৱৈয়েহে অনুভৱ কৰিব পাৰে। সকলো ভাৱনাক হত্যা কৰি তেওঁলোক ভাৰতত আছে। সেই অধ্যবসায়ৰেই ফল লাভ কৰিছে আফগানিস্তান ক্ৰিকেট দলে। চৌদিশে নাই আৰু নাই, তাৰমাজত অকণমান পোৱাৰ প্ৰাপ্তি সঁছায়ে সুকীয়া। ২২ গজৰ সুখত সুখী হৈছে আফগানিস্তানৰ সাধাৰণ জনতাও। আফগানিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ কৰিম ছাদিকে এবাৰ কৈছিল, ‘আমাৰ খেল এখন চলি আছিল। হঠাত বোমা ফুটিল। আমি ফিল্ডৰ পৰা চাই আছো, কেনেকৈ প্ৰাণ মুঠিত লৈ গেলাৰীৰ পৰা দৰ্শক পলাইছে। আমি খেল পাহৰি জনতাৰ জীৱন বচোৱাৰ কথাহে ভাৱিব লগা হৈছিল সেই সময়ত। কিন্তু দুৱাৰৰ পৰা বাহিৰলৈ ওলাই দেখিলো এটাৰ পাছত এটা বোমা ফুটিছে। থিতাতেই হেৰাই গৈছে এটা এটা জীৱন। একাংশক লৈ আমি হাস্পতাল দৌৰিছিলো। গুলী, বোমা, মিছাইলৰ শব্দ,বাৰুদৰ গোন্ধ তেজৰ চেকুৰা এইবোৰ আমাৰ প্ৰতি দিনৰ সংগী।‘
হিন্দুকুশ পৰ্বতমালাৰ সিপাৰে এক অন্য পৃথিৱী। সমগ্ৰ পৃথিৱীৰ সৈতে যোগাযোগ সীমিত, নিয়ন্ত্ৰিত। তাৰমাজতেই যুঁজ চলাইছে একোজন ক্ৰীড়াবীদে। ক্ৰিকেট, ফুটবল, ভলিবলৰ দৰে খেলসমূহৰো উন্নতিৰ চেষ্টা চলাইছে। ভাৰতীয় ফুটবল দলৰ এজন প্ৰাক্তন কোচ ইগৰ স্তিমাছে তেওঁৰ চাকৰি হেৰুৱাইছিল। কাৰণ কি জানেনে, তেওঁ দেশৰ মাটিত আফগানিস্তানৰ হাতত পৰাজয় বৰণ কৰিছিল। খেলত আফগানিস্তানৰ উন্নতি সকলো দেশৰ বাবেই যেন যন্ত্ৰণা। যি যন্ত্ৰণাই তেওঁলোককো দহিছে। মনোকষ্ট দিছে, কাটি পেলাইছে মনৰ পৃথিৱীখন কিন্তু সেই ভংগুৰতাতকৈ আফগানিস্তানক এখন শান্ত সমাহিত দেশলৈ পৰিণত কৰোৱাত তেঁওলোকেই ভূমিকা লব লাগিব সেই কথা বুজি উঠিছে প্ৰতিজন আফগান খেলুৱৈয়ে।
ৰাজনৈতিক কাৰণত বিদেশী ক্ৰিকেটাৰক তেওঁলোকৰ দেশৰ মাটিত গৈ সহায় কৰা সম্ভৱ নহয়। কিন্তু পাৰ্যমানে সহায় কৰিছে বিচিচিআইয়ে। আফগান ক্ৰিকেট বৰ্ডেও তৰুণ প্ৰতিভা তুলি অনাৰ বাবে প্ৰতি বছৰে স্পাগিজা ক্ৰিকেট লীগৰ আয়োজন কৰে। তাতেই তেওঁলোকে জাতীয় ক্ৰিকেট দলৰ অন্তৰ্ভুক্তিৰ বাবে খেলুৱৈ উলিয়াই আনে।
আফগানৰ তেজত হাৰ শব্দটো যেন মৃত্যুসম। সেয়ে তেওঁলোকে শেষ পৰ্যায়লৈকে যুঁজিবলৈ সাঁজু থাকে। এইবাৰ অষ্ট্ৰেলিয়াক হৰুওৱাৰ পাছতেই আফগান দলৰ অধিনায়ক ৰছিদে কয়, ‘এই জয় আমাৰ দল আৰু দেশৰ বাবে বৰ বিশেষ। অষ্ট্ৰেলিয়াক হৰুওৱাৰ আনন্দই সুকীয়া। ২০২২ আৰু ২৩ চনৰ বিশ্বকাপত আমি চেষ্টা কৰিও নোৱাৰিলো। কিন্তু আমি হাৰ নামানো। হাৰ নমনাৰ বাবেই আমি এইবাৰ এই বিজয়ৰ মুখ দেখিছো।’ ৰছিদহঁতে জানে তেঁওলোকৰ দেশৰ জনতাৰ সুখ বুলিবলৈ এতিয়া ক্ৰিকেটেই আছে। সেয়ে অষ্ট্ৰেলিয়াক হৰুওৱাৰ লগে লগেই তেওঁৰ মুখত শুনা গ’ল দেশৰ কথা। বিগত আইপিএলৰ পাছত দেশলৈ গৈছে ৰছিদহঁতৰ দলতো। বিগত চাৰি বছৰ পাছত দেশৰ মাটিত উপস্থিত হৈছিল দলটো। ক্ৰিকেটৰ বাবেই নিজৰ ঘৰ, দেশ সকলো এৰিছে এই দলৰ প্ৰতিগৰাকী খেলুৱৈয়ে।
ৰছিদে অষ্ট্ৰেলিয়াক হৰুওৱাৰ পাছতেই কৈছে, তেওঁলোকে দেশৰ মাটিত থাকি খেলত আগুৱাই যাব বিচাৰে। একেই কথা দলৰেই আন এজন খেলুৱৈৰো।নাইবে এই বিজয় সন্দৰ্ভত কয়, ‘এই মেচৰ পৰা শিক্ষা লৈছো। আমাৰ বেটাৰসকলৰ খেল দেখি বুজাৰ চেষ্টা কৰিছো। এই জয় আমাৰ দলৰ জয়। আমি ব্যক্তি বিশেষে এই জয় সম্ভৱ নহয়। এই বিশ্বকাপত নিউজিলেণ্ডৰ পাছত অষ্ট্ৰেলিয়াক হৰুওৱালো। এটা চেম্পিয়ন দলক হৰুওৱালো। আমি কিয় সুখী নহম। আমাৰ হৈ আমাক সমৰ্থন জনোৱা সকলোলৈকে অশেষ ধন্যবাদ।
আফগান ক্ৰিকেটাৰৰ প্ৰতিজনৰেই মুখত কেৱল দেশৰ কথাই শুনিবলৈ পোৱা যায়। তেওঁলোকৰ দেশৰ প্ৰতি প্ৰেম অন্যতকৈ পৃথক। পৃথক হোৱাৰো কথা। কাৰণ তেওঁলোকেই সেই দেশৰ সাহস, সেই দেশৰ নায়ক, সেই দেশত নায়ক বুলিলে আমি বুজাৰ দৰে ছলমান, শ্বাহৰুখ বুলি কোনো নাই। তেওঁলোকৰ বাবে নায়ক মানেই ৰছিদ খান, নায়ক মানেই মহম্মদ নবি, ইব্ৰাহিম জাদৰান, নবীন উল হক। কাৰণ তেঁওলোকৰ বাবেই আফগানিস্তান বিশ্বত চৰ্চিত। অন্যথা এই দেশৰ অস্তিত্ব বুলিবলৈনো কি আছে?
আফগানিস্তান ক্ৰিকেট বৰ্ডে কৰা অনুৰোধ ৰাখিয়েই ২০১৭ চনত বিচিচিআইয়ে দলটোৰ দায়িত্ব লৈছে। আফগানিস্তানত আন্তৰৰ্জাতিক খেল আয়োজন কৰাৰ সুবিধা নাই সেয়ে ৰছিদহঁতে হোম চিৰিজসমূহ ভাৰততেই খেলিছে। আয়াৰলেণ্ড, ৱেষ্ট ইণ্ডিজ, বাংলাদেশৰ বিৰুদ্ধে চিৰিজকেইখন ভাৰততেই খেলিছে। লখনৌ, ডেৰাডুন, গ্ৰেটাৰ নয়ডা ষ্টেডিয়ামত এই মেচসমূহ অনুষ্ঠিত হৈছিল। তাৰপৰাই আন্তৰ্জাতিক ক্ৰিকেটত প্ৰৱেশ আফগানিস্তানৰ। আইচিচিৰ পৰা টেষ্ট খেলাৰ অনুমোদন পায় আফগানিস্তানৰ দলটোৱে। বিচিচিআইয়েও আফগানিস্তানৰ দলটোক পাৰ্যমানে সহায় কৰি আছে। নামমাত্ৰ অৰ্থৰ বিনিময়ত সকলো সুবিধা দিছে বিচিচিআইয়ে। সুবিধাৰ সু প্ৰয়োগ কৰিয়েই ক্ৰিকেটৰ বিশ্বত নিজয়ে হায়না কৰি তুলিছে আফগান দলে। ক্ৰিকেটৰ ডাঙৰ ডাঙৰ দলসমূহৰ বিৰুদ্ধে জিকাটো ক্ৰমে অভ্যাসেই হৈ পৰিছে আফগান দলৰ। কিন্তু তেওঁলোকৰ মতে এইয়াতো আৰম্ভণি। ক্ৰিকেটক বাদ আফগানিস্তানৰ হাততনো কি আছে? সেয়ে এই যুঁজত তেওঁলোক হাৰিব নোখোজে। এই হাৰ মানিব নোখোজা স্বভাৱৰ বাবেই এই দলটোক আপুনি মই সমীহ কৰিবলৈ বাধ্য। প্ৰকৃতিৰ ৰুক্ষতাই যাক বশ কৰিব নোৱাৰে তেঁওলোকৰ বাবে ২২ গজ সমতল জানো প্ৰতিকূল হ’ব পাৰে?

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

May 30, 2026
মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ
বিনোদন

মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

May 30, 2026
ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?
জীৱনশৈলী

খঙত অগ্নিশৰ্মা হৈ থাকে এই তাৰিখত জন্মা লোকসকল! শীঘ্ৰে হওক সাৱধান!

May 30, 2026
কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!
জীৱনশৈলী

কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

May 30, 2026
Next Post
বছৰৰ শেষ ৬মাহ লক্ষ্মীৰ আশীৰ্বাদ এই ৪ৰাশিৰ ওপৰত থাকিব, অপাৰ ধনসম্পত্তি লাভ কৰিব কেইটামান ৰাশিৰ জাতকে

বছৰৰ শেষ ৬মাহ লক্ষ্মীৰ আশীৰ্বাদ এই ৪ৰাশিৰ ওপৰত থাকিব, অপাৰ ধনসম্পত্তি লাভ কৰিব কেইটামান ৰাশিৰ জাতকে

এইবাৰ হজৰ সময়ত ৬টা কাৰণত মক্কাত বাঢ়িছে মৃতকৰ সংখ্যা

এইবাৰ হজৰ সময়ত ৬টা কাৰণত মক্কাত বাঢ়িছে মৃতকৰ সংখ্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.