• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৭০ সংগঠনৰ ৰাজনৈতিক দল গঠন

কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৭০ সংগঠনৰ ৰাজনৈতিক দল গঠন

6 years ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

37 minutes ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

1 hour ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

2 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

2 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

3 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

4 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

5 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

5 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

6 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

6 hours ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

8 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৭০ সংগঠনৰ ৰাজনৈতিক দল গঠন

নাম পঞ্জীয়নৰ বাবে ৱেবচাইট মুকলি 'ৰাইজৰ দল'ৰ

editor by editor
October 2, 2020
in অসম, ৰাজনীতি
0
কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৭০ সংগঠনৰ ৰাজনৈতিক দল গঠন
0
SHARES
733
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৭০টা সংগঠনৰ সহযোগত আজি গঠন কৰিলে ৰাজনৈতিক দল। ‘ৰাইজৰ দল’ নামেৰে পৰিচিত হ’ব এই ৰাজনৈতিক দলটো। গুৱাহাটীৰ হোটেল গে’টৱে গ্ৰেণ্ডত ৰাজনৈতিক দল গঠন উপলক্ষে ৭০টা সংগঠন আৰু ৰাইজৰ উপস্থিতিত এক অনুষ্ঠান আয়োজন কৰে। ৰাইজৰ দলৰ উপদেষ্টাৰ দায়িত্বত আছে ড০ হীৰেন গোহাঁই, ড০ নগেন শইকীয়া, জাহ্নু বৰুৱা, উদয়াদিত্য ভৰালী, ড০ আবু চৈয়দ নাছিৰ আহমেদ, পৃথ্বীৰাজ ৰাভা, সঞ্জয় কুমাৰ তাঁতী, হাফিজ ৰছিদ চৌধুৰী, ডাঃ নাৰায়ণ শৰ্মা, ড০ সীতানাথ লহকৰ, জে পি দাস, ঘনশ্যাম নাথ, সত্যেন্দ্ৰ প্ৰসাদ ডেকা, অৰুণ গগৈ আৰু সুমিত্ৰা হাজৰিকা। ৰাজনৈতিক দল গঠনৰ প্ৰস্তুতি সমিতিত অন্তৰ্ভুক্ত হৈ আছে টাই আহোম যুৱ পৰিষদ, আহোম জাতীয় গণ মঞ্চ, অসমীয়া যুৱ মঞ্চ, তিৱা যুৱ পৰিষদ, অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদ, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, আমৰি কাৰ্বি ছাত্ৰ সন্থা, সদৌ মটক যুৱ-ছাত্ৰ পৰিষদ, সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ, সদৌ কলিতা ছাত্ৰ সন্থা, অসম প্ৰেমী যুৱ-ছাত্ৰ সমাজ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, আহোম সেনা, মদমুক্ত অসম, অগ্ৰণী মহিলা মঞ্চ, সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ পৰিষদ, সদৌ অসম মৰিয়া যুৱ-ছাত্ৰ পৰিষদ, অসম বড়ো-কছাৰী জাতীয় পৰিষদ, তেজপুৰৰ ‘কা’ বিৰোধী ঐক্যমঞ্চ, যোৰহাটৰ ‘কা’ বিৰোধী মঞ্চ, সন্মিলিত জনগোষ্ঠীয় সংগ্ৰাম সমিতি, কৃষিভূমি আৰু পৰিৱেশ সংৰক্ষণ সমিতি, গোৰ্খা ছাত্ৰ সন্থা, বৰাকৰ প্ৰতিনিধি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয় ঐক্যমঞ্চ, অসম সুৰক্ষা সেনা, সদৌ অসম অন্যান্য পিছপৰা শ্ৰেণী ছাত্ৰ সন্থা, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি, সদৌ অসম একত্ৰিত যুৱ পৰিষদ, দুৰ্নীতিবিৰোধী মানৱ অধিকাৰ সুৰক্ষা মঞ্চ, পূৰ্বাঞ্চলীয় খিলঞ্জীয়া পৰিষদ, অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ, গণ ঐক্য সংগ্ৰাম সমিতি, অসম সংগ্ৰামী যুৱ-ছাত্ৰ সন্থা, সদৌ অসম চাহ জনগোষ্ঠী অধিকাৰ সমিতি, পিপলছ কাউন্সিল ফৰ পীচ এণ্ড ডেভেলপমেণ্ট (অসম), বীৰ লাচিত সেনা, কৃষক মুক্তি সংগ্ৰাম সমিতি, সদৌ অসম গৰিয়া যুৱ-ছাত্ৰ পৰিষদ, সদৌ অসম গাৰো গাঁওবুঢ়া সমাজ, সদৌ অসম মুছলিম যুৱ পৰিষদ আৰু সংখ্যালঘু নাগৰিক সমাজ। নতুন ৰাজনৈতিক দলটোৰ মুখ্য ৰাজ্যিক আহ্বায়কৰ দায়িত্বত আছে অখিল গগৈ, ভাস্কো ডি শইকীয়া, লোহিত গগৈ, মহেন্দ্ৰ দিহিঙীয়া, অলোক নাথ, হুছেইন মঃ শ্বাহজাহান, জিতুল ডেকা, ৰত্নেশ্বৰ দেউৰী, গিৰিশংকৰ গোস্বামী, ৰুবুল দাস। ‘ৰাইজৰ দল’ৰ উদ্যোক্তা সংগঠনসমূহৰ সমন্বয়কৰ দায়িত্বত অলোক নাথ, সম্বিত শৰ্মা, পবীন্দ্ৰ চেতিয়া ফুকন, ৰণ্টু পানীফুকন, দেৱজিৎ দত্ত, ৰাজু বৰা, ধৈৰ্য কোঁৱৰ, অংকুৰণ ফুকন, ধ্ৰুৱজ্যোতি ভৰালী, মনিদীপ মহন, দীপাংকৰ কলিতা। আজি দল গঠনৰ পাছতে ‘ৰাইজৰ দল’ৰ www.raijordal.org নামৰ এটি ৱেবছাইট মুকলি কৰে। ৱেবচাইটৰ জৰিয়তে স্বেচ্ছাসেৱক আৰু সদস্য হিচাপে নাম পঞ্জীয়ন কৰাৰ সুবিধা প্ৰদান কৰিছে । CAAৰ বিৰুদ্ধে পূৰ্বৰ স্থিতিত অটল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত গঠিত ‘ৰাইজৰ দল’। CAAৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজ দিবলৈ সংকল্পবদ্ধ ‘ৰাইজৰ দল’। হোটেল গে’টৱে গ্ৰেণ্ডত দল গঠনৰ পূৰ্বে CAA আন্দোলনৰ পঞ্চ ছহিদক শ্ৰদ্ধা জনোৱাৰ লগতে গান্ধী জয়ন্তী উপলক্ষে জাতিৰ পিতা গান্ধীজীলৈ শ্ৰদ্ধা নিৱেদন কৰে সংগঠনসমূহে। তদুপৰি অখিল গগৈৰ মুক্তিৰ দাবীত ধ্বনি দিলে সমবেত সংগঠনসমূহৰ প্ৰতিনিধিয়ে। ‘ৰাইজৰ দল’ গঠনৰ লগে লগে মংগল ধ্বনিৰে মুখৰ হয় হোটেল গে’টৱে গ্ৰেণ্ড। ৰাজ্যত বিশেষ প্ৰভাৱশালী কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰত্যক্ষ ৰাজনীতিত প্ৰৱেশ কৰাৰ লগে লগে একপ্ৰকাৰ ৰাজ্যৰ ৰাজনীতিত জোকাৰণিৰ সৃষ্টি হৈছে। ‘ৰাইজৰ দল’ৰ উপদেষ্টা মণ্ডলীত থকা একাংশ আছুৰ নেতৃত্বত গঠিত ৰাজনৈতিক দল এ জে পিৰ উপদেষ্টাৰ তালিকাতো অন্তৰ্ভুক্ত হোৱাত ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছে। উল্লেখ্য আজি KMSSৰ নেতা অখিল গগৈৰ ওপজা দিন। এই দিনটোতে কৃষক মুক্তিয়ে জন্ম দিলে ‘ৰাইজৰ দল’।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 70 organisation assamakhil gogoi new partykmss new partykrishak mukti sangram samitinew political party assamraijor dalৰাইজৰ দল
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!
জীৱনশৈলী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

April 10, 2026
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী
অসম

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

April 10, 2026
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?
অসম

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

April 9, 2026
Next Post
‘দালাল হ’লে দিবন ডেকাৰ দৰে হ’ব লাগে’

'দালাল হ'লে দিবন ডেকাৰ দৰে হ'ব লাগে'

পুত্ৰ অখিল গগৈৰ জন্মদিন, 'ৰাইজৰ দল' সন্দৰ্ভত কি ক'লে মাতৃ প্ৰিয়দা গগৈয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.