পুত্ৰই মৰণোত্তৰ সন্মান কীৰ্তি চক্ৰ লৈ শহুৰৰ ঘৰ এৰি পঞ্জাৱৰ গুৰদাসপুৰলৈ গুচি গৈছে পুত্ৰবধূ৷ এই অভিযোগ তুলিছে প্ৰয়াত কেপ্টেইন অংশুমান সিঙৰ পিতৃ-মাতৃয়ে৷ বিগত ৫ জুলাইত মৰোণোত্তৰ সন্মান কীৰ্তি চক্ৰ তুলি দিয়া হৈছে প্ৰয়াত কেপ্টেইন অংশুমানৰ মাতৃ আৰু পত্নীৰ হাতত৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে সেই সন্মান তুলি দিয়া হৈছে কেপ্টেইন পৰিয়ালৰ হাতত৷
পুত্ৰবধূৰ বিৰুদ্ধে পুত্ৰৰ মৰণোত্তৰ সন্মান কীৰ্তি চক্ৰ, পুত্ৰৰ ছবি, নথি আৰু কেপ্টেইনৰ যাৱতীয় সকলো স্মৃতি লগত লৈ গুচি যোৱাৰ অভিযোগ তুলিছে অংশুমানৰ পিতৃ-মাতৃয়ে৷ ইণ্ডিয়া টিভিক প্ৰয়াত কেপ্টেইনৰ পিতৃ ৰবি প্ৰতাপ সিংহই জনোৱা অনুসৰি পুত্ৰবধূৱে তেওঁলোকৰ ঘৰ এৰি গুচি গৈছে৷ গুচি যোৱাই নহয় নিজৰ সকলো ঠিকনাও সলনি কৰি লৈছে যাতে শহুৰৰ ঘৰৰ মানুহে তেওঁৰ কোনো সন্ধান উলিয়াব নোৱাৰে৷
অংশুমানৰ পিতৃৰ ভাষ্য, ‘অংশুমানৰ সন্মতিতেই স্মৃতিৰ সৈতে আমি তাৰ বিয়া কৰাই দিছিলো৷ বিয়াৰ পাছত নয়ডাত আমাৰ ছোৱালীৰ ঘৰতেই আছিল স্মৃতি৷ ২০২৩ চনৰ ১৯ জুলাইত যেতিয়া আমি অংশুমানৰ মৃত্যুৰ খবৰ পাৰো তেতিয়া লক্ষ্ণৌলৈ তাইক আমি মাতি পঠিয়ালো৷ অংশুমানৰ শেষকৃ্ত্য কৰিছিলো গোৰক্ষপুৰত৷ কিন্তু সমস্ত আচাৰ ৰীতি শেষ হোৱাৰ পাছতেই গুৰদাসপুৰ ওভতি যাবলৈ জোৰ কৰে স্মৃতিয়ে৷’ কেপ্টেইনৰ পিতৃয়ে লগতে কয়, ‘ইয়াৰ পাছতেই আমি নয়ডাত থকা স্মৃতিৰ বাপেকৰ ঘৰলৈ যাওঁ৷ তাত গৈ দেখো যে অংশুমানৰ যাৱতীয় নথি, পোছাক, সকলোবোৰ তেওঁ লগত লৈ গৈছে৷ ৰাষ্ট্ৰপতিৰ পৰা দিয়া পুত্ৰৰ মৰোণোত্তৰ সন্মানো স্মৃতিয়ে লগত লৈ গৈছে৷’
অংশুমানৰ পিতৃয়ে কয়, ‘যেতিয়া অংশুমানক মৰোণোত্তৰ কীৰ্তি চক্ৰ দিয়া হৈছিল তেতিয়া মোৰ পত্নী আৰু স্মৃতিয়ে সেই সন্মান গ্ৰহণ কৰিছিল৷ পুত্ৰৰ মৰোণোত্তৰ সন্মান কিন্তু চুই চাবও নাপালে মাকে৷’ একেই অভিযোগ অংশুমানৰ মাতৃৰো৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















