৬ সন্তানৰ মাতৃ আৰু ১০ সন্তানৰ পিতৃৰ মাজৰ গভীৰ প্ৰেম, সন্তানৰ বিয়া এৰি পলাই গ’ল দুয়ো
প্ৰেম মানেই অন্ধ। প্ৰেমে নামানে বয়স, প্ৰেমে নামানে সম্বন্ধ, প্ৰেমে নামানে জাতি-কুল। ই কেৱল হৃদয়ৰ মিলন। যি মিলনে সকলো বাধা ফালি কেৱল মিলন হব জানে। সেই প্ৰেমৰ ঘটনা এটাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে।
সন্তানৰ বিয়া আছিল, পাছে বিয়াৰ মাথো কেইদিনমান পূৰ্বেই পলাই যায় দুয়ো বিয়ৈ আৰু বিয়নি। এফালে কইনাৰ মাক আনফালে দৰাৰ পিতৃ। বোৱাৰী ঘৰলৈ নিব এৰি নিজেই নতুন পত্নী লৈ ঘৰত উপস্থিত শকিল নামৰ এগৰাকী লোক। যি ঘটানই এতিয়া চাঞ্চল্যৰ লগতে হাঁহিৰো খোৰাক তুলিছে বহুতৰ মাজত।
এই প্ৰেমৰ ঘটনা উত্তৰ প্ৰদেশৰ। এফালে ৬ সন্তানৰ মাতৃ আলফালে ১০ সন্তানৰ পিতৃ। দুয়ো ঘৰৰ পুত্ৰ আৰু কন্যাৰ মাজত ১৭ জুলাইত বিয়া হোৱা কথা আছিল। সেই উদ্দেশ্যে আঙুঠি পিন্ধোৱা পৰ্ৱও সমাপন হৈ গৈছিল। পাছে সকলোকে আচৰিত কৰি কইনাৰ মাতৃ আৰু দৰাৰ পিতৃ নিজেই পলাই যায়।
মহিলাগৰাকীৰ স্বামীয়ে এই কথা জানিব পাৰি স্তম্ভিত হৈ পৰে। পত্নীক অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰি কোতৱালি গঞ্জডুণ্ডৱাৰা থানাত এজাহাৰ দাখিল কৰিছে মহিলাগৰাকীৰ স্বামীয়ে।
পুত্ৰ-কন্যাৰ বিয়া ঠিক হোৱাৰ পাছৰে পৰা সঘনাই কথা-বতৰা হৈছিল বিয়ৈ-বিয়নীৰ মাজত। যি ঘটনা সকলোৱে একেবাৰে সাধাৰণ হিচাপে লৈছিল। পাছে সেই কথা-বতৰাৰ মাজত লুকাই আছিল প্ৰেম। বিয়াৰ বজাৰ সমাৰো কৰিছিল একেলগে।
কিন্তু ঘটনাই শেষত বেলেগ ফালেহে ঢাল খাই পৰে। এতিয়া মহিলাগৰাকীৰ স্বামীৰ এজাহাৰ ভিত্তিত আৰক্ষীয়ে কি ব্যৱস্থা কৰে লগতে দুয়োখন ঘৰৰ সন্তানৰ ঠিক হৈ থকা বিয়াখন হয় নহয়, সেয়াহে লক্ষ্যনীয় হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ