ৰতন টাটাক চিনি নাপাও বুলি কোৱা মানুহ কাৎসিতহে ওলাব ভাৰতত৷ টাটাৰ নিমখৰ পৰা বাহনলৈ৷ টাটা প্ৰডাক্ট বুলিলেই ভৰসাৰ অন্য নাম৷ টাটাৰ বয়স বাঢ়িছে কিন্তু মনটো চিৰ তৰুণ৷ তৰুণ প্ৰজন্মৰ দৰেই চিন্তা টাটাৰ৷ দৈনিক ন ন প্ৰযুক্তিৰ সৈতে খোজত খোজ মিলাই আগবাঢ়ি ভালপায় টাটাই৷ ৮৬ বছৰীয়া ৰতন টাটাৰ কোম্পানী আকৌ এবাৰ এক নতুন প্ৰকল্প হাতত লৈ চৰ্চালৈ আহিছে৷ অসমত টাটাই আৰম্ভ কৰিছে এইবাৰ বৃহৎ এক প্ৰকল্পৰ কাম৷ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ বাবে অসমত বৃহৎ ভূমি টাটাই আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিছে৷ জাগীৰোডত ৫১৭.২৭ বিঘা ভুমি প্ৰকল্পৰ বাবে গ্ৰহণ কৰিলে টাটা কোম্পানীয়ে৷
জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাৰ উপস্থিতিত ভূমিৰ গৰাকীয়ে চমজাই দিলে ভূমি৷ চেমিকণ্ডাক্টৰ প্ৰকল্পৰ বাবে ৬০ বছৰলৈ টাটাই লীজত ল’লে এই ভূমি৷ অসম চৰকাৰৰ সৈতে ২৭ হাজাৰ কোটি টকা বিনিয়োগ কৰিব টাটাই৷ ৩০ হাজাৰ যুৱক যুৱতীয়ে নিযুক্তি লাভ কৰিব এই প্ৰকল্পৰ অধীনত৷ কেৱল অসমৰ বাবেই নহয় সমগ্ৰ দেশৰ বাবে আজিৰ দিনটো ঐতিহাসিক৷ প্রথমবাৰৰ বাবে অসমত এনে বৃহৎ উদ্যোগৰ বাবে আগবাঢ়ি আহিছে ৰতন টাটা৷ অসমৰ এই চেমিকণ্ডাক্টৰ প্ৰকল্পই আৰ্থিকভাৱে সৱল কৰিব ভাৰতীয় অৰ্থনীতিকো৷ এই প্ৰকল্পত দৈনিক ৪৮ হাজাৰ চেমিকণ্ডাক্টৰ চিপছ উৎপাদন হ’ব৷
কি এই ছেমিকণ্ডাক্টৰ প্ৰকল্প?
ছেমিকণ্ডাক্টৰ ফেব্ৰিকেছন প্লেণ্টক সাধাৰণতে ফেবচ বুলি কোৱা হয়৷ এই প্ৰকল্পটো ২০,০০০ৰো বেছি প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থান সৃষ্টি কৰিব বুলি অনুমান কৰা হৈছে৷ ছেমিকণ্ডাক্টৰ ফেবত প্ৰতিমাহে ৫০,০০০ পৰ্যন্ত ৱেফাৰ উৎপাদনৰ ক্ষমতা থাকিব এই প্ৰজেক্টত৷ উল্লেখ্য যে ৱেফাৰ হৈছে এবিধ পাতল, গোলাকাৰ ছেমিকণ্ডাক্টৰ মেটেৰিয়েল৷ সাধাৰণতে জাৰ্মেনিয়াম বা ছিলিকনৰ পৰা তৈয়াৰ কৰা হয় এই চিপছ৷ ডাটা এনালাইটিক্স আৰু মেছিন লাৰ্নিং সহ উন্নত ফেক্টৰীৰ অটোমেছন ক্ষমতাত স্থান কৰা হয় এই চিপছ৷ টাটা গ্ৰুপে এই বিশেষ চিপছ উৎপাদনৰ বাবে অসমত প্ৰতিষ্ঠা কৰিছে এই প্ৰকল্প৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ