পুনৰ সতীদাহ প্ৰথা নেকি! স্বামীৰ শেষকৃত্যৰ পাছৰে পৰা সন্ধান নাই ৫৭ বৰ্ষীয় গোলাপীৰ
১৮২৯ চনতে ভাৰতবৰ্ষত নিষিদ্ধ হোৱা এক কু প্ৰথা। স্বামীৰ মৃত্যুৰ পাছত সেই একেখন চিতাত পত্নীয়েও জীৱন্তে নিজকে শেষ কৰি দিব লাগিছিল। ৰাজা ৰাম মোহন ৰায়ৰ অশেষ প্ৰচেষ্ঠাৰ অন্তত শেষ হৈছিল নাৰীৰ প্ৰতি থকা সেই কুপ্ৰথাৰ।
মাজে মাজে চেগা-চেৰেকাকৈ দুই এক ঘটনা হৈ আহিছে , ইয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থাও লোৱা হৈছে। পাছে ২০২৪ চনতো তেনেই এক ঘটনা ঘটাৰ সন্দেহ। স্বামীৰ চিতা জ্বলাৰ পাছৰে পৰা কোনো সন্ধান নাই পত্নীৰো। যাৰ বাবে চাঞ্চল্যৰ সৃষ্টি হৈছে।
এইবাৰ এই ঘটনা ছত্তীশগড়ৰ ৰায়গড় জিলাৰ। ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱা এগৰাকী মহিলাই বাতৰিৰ শিৰোনাম দখল কৰিছে। চৰ্চা চলিছে যে স্বামীৰ মৃত্যুৰ পিছত মহিলাগৰাকীৰ স্বামীৰ অন্ত্যেষ্টিক্ৰিয়াৰ সেই একেই চিতাত পত্নীকো জীৱন্তে জ্বলাই দিছিল।
এই গোচৰ পোহৰলৈ অহাৰ পিছত প্ৰশ্ন উত্থাপন হৈছে যে আধুনিক ভাৰততো স্বামীৰ অন্ত্যেষ্টিক্ৰিয়াৰ জুইত এগৰাকী নাৰীক জীৱিত অৱস্থাত জ্বলাই দিব পাৰিনে? আৰক্ষীৰ ৰেকৰ্ডতো মহিলাগৰাকী নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। বৰ্তমান সময়ত আৰক্ষীয়ে নিৰুদ্দেশ গোচৰ ৰুজু কৰা মহিলাগৰাকীৰ সন্ধানো আৰম্ভ কৰিছে।
এই সমগ্ৰ বিষয়টো ছত্তীশগড়-ওড়িশা সীমান্তৰ ওচৰৰ চিটকানী গাঁৱৰ ০০১৭ নম্বৰ ঘৰৰ সৈতে জড়িত। সকলো মানুহৰে এটাই প্ৰশ্ন,- ৫৭ বছৰীয়া গোলাপী গুপ্তা ক’ত? সন্তানক এৰি ক’ত গ’ল মাতৃগৰাকী।
চলিত ২০২৪ চনৰ ১৪ জুলাইত চিটকানী গাঁৱৰ পঞ্চ তথা পেছাত দৰ্জী ৬৫ বছৰীয়া জয়দেৱ গুপ্তাৰ মৃত্যু হয়। যোৱা ডেৰ বছৰ ধৰি নাকৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল জয়দেৱ। জয়দেৱৰ অন্ত্যেষ্টিক্ৰিয়াৰ পিছতে পত্নী গোলাপী গুপ্তা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ পৰে।
জয়দেৱ আৰু গোলাপীৰ একমাত্ৰ পুত্ৰ সুশিলে কয় যে পিতৃৰ মৃত্যুৰ দিনা সন্ধিয়া প্ৰায় ৫.৩০ মান বজাত মৃতেদেহ দাহ কৰা হৈছিল। নিশা প্ৰায় ১০ বজালৈকে মাক সুশিলৰ লগতে আছিল। কিন্তু সকলো শুই পৰাৰ পাছতে নিশা প্ৰায় ১১.৪৫ মান বজাত সুশিল সাৰ পোৱাত মাক ঘৰত নাছিল। তেতিয়াৰ পৰাই আজি পৰ্যন্ত একো খবৰ নাই মাতৃ গোলাপীৰ।
পুত্ৰই লগতে আৰক্ষীৰ ওচৰত দিয়া ভাষ্য অনুসৰি, নিশাই তেওঁলোকে সন্ধান চলাওতে পিতৃৰ চিতাৰ কাষতে মাতৃৰ কাপোৰ আৰু চেণ্ডেল প্ৰত্যক্ষ কৰিছিল। সেয়ে মাতৃয়ে সেই একেই চিতাত নিজকে শেষ কৰি দিয়াৰ সন্দেহ। আনহাতে আৰক্ষীৰ সন্দেহ, পৰিয়াল আৰু গাঁওবাসীয়ে মিলি গোলাপীক একে চিতাত তুলি দিছিল। সেয়ে তদন্ত চলাই আছে আৰক্ষীয়ে, সন্দেহ সঁচা প্ৰমাণিত হলে দোষীয়ে কঠোৰ শাস্তি পাব বুলি মন্তব্য আৰক্ষীৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ