• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডক্টৰ এপিজে আব্দুল কালামৰ মৃত্যু দিন… জানি থওক কালামৰ ২০টা অবিস্মৰণীয় উক্তি, যিয়ে সলনি কৰি দিব পাৰে আপোনাৰো জীৱন

ডক্টৰ এপিজে আব্দুল কালামৰ মৃত্যু দিন… জানি থওক কালামৰ ২০টা অবিস্মৰণীয় উক্তি, যিয়ে সলনি কৰি দিব পাৰে আপোনাৰো জীৱন

2 years ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

9 minutes ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

1 hour ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

2 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

3 hours ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

4 hours ago
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

4 hours ago
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

5 hours ago
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

5 hours ago
মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

6 hours ago
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

6 hours ago
ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

6 hours ago
কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ডক্টৰ এপিজে আব্দুল কালামৰ মৃত্যু দিন… জানি থওক কালামৰ ২০টা অবিস্মৰণীয় উক্তি, যিয়ে সলনি কৰি দিব পাৰে আপোনাৰো জীৱন

ডক্টৰ এপিজে আব্দুল কালামৰ মৃত্যু দিন... জানি থওক কালামৰ ২০টা অবিস্মৰণীয় উক্তি, যিয়ে সলনি কৰি দিব পাৰে আপোনাৰো জীৱন

editor by editor
July 27, 2024
in জীৱনশৈলী, ভাৰত, লেখা, শিক্ষা
0
ডক্টৰ এপিজে আব্দুল কালামৰ মৃত্যু দিন… জানি থওক কালামৰ ২০টা অবিস্মৰণীয় উক্তি, যিয়ে সলনি কৰি দিব পাৰে আপোনাৰো জীৱন
0
SHARES
291
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আবুল ফকিৰ জয়নুল আবেদিন আব্দুল কালাম চমুকৈ এপিজে আব্দুল কালামৰ আজি মৃত্যু দিন৷ ২০১৫ চনৰ ২৭ জুলাইত শ্বিলঙত এখন সভাত ভাগ ল’বলৈ আহি শেষ নিশ্বাস ত্যাগ কৰিছিল প্ৰাক্তন ৰাষ্ট্ৰপতি এপিজে আব্দুল কালামে৷ আব্দুল কালামৰ জন্ম হৈছিল ১৯৩১ চনৰ ১৫ অক্টোবৰত তামিলনাডুৰ ৰামেশ্বৰমত৷ তেওঁ আছিল একাধাৰে বিজ্ঞানী, লেখক সমাজচিন্তক আৰু ভাৰতবৰ্ষৰ একাদশতম ৰাষ্ট্ৰপতি৷ তেওঁ জীৱনকালত অসংখ্য মহামূল্যবাণ বাণী লিখি গৈছে যি বাণীয়ে আমাক সকলোকে অনুপ্ৰাণিত কৰে৷

জানি থওক এপিজে আব্দুল কালামৰ ২০টা অবিস্মৰণীয় উক্তি

১. জীৱন আৰু সময় পৃথিৱীৰ শ্ৰেষ্ট শিক্ষক৷ জীৱনত শিকাৰ সময়ক ভালধৰণে ব্যৱহাৰ কৰক৷

২. মই দেখাত সুপুৰুষ নহয়৷ কিন্তু যেতিয়া কোনো বিপদত পৰো তেতিয়া সহায়ৰ হাত আগুৱাই দিও৷ সৌন্দৰ্য থাকে মানুহৰ মনত চেহেৰাত নহয়৷

৩. ফেইল কৰিলে হতাশ নহ’ব৷ ইংৰাজী শব্দ Fail মানে First Attempt in Learning’ অৰ্থাৎ শিকাৰ প্ৰথম ধাপ৷ বিফলতাই তোমাক সফল হোৱাৰ ৰাস্তা দেখুৱাই দিয়ে৷

৪. সমাপ্তি মানেই শেষ নহয়৷ END শব্দটোৰ অৰ্থ হৈছে Effort Never Dies অৰ্থাৎ প্ৰচেষ্টাৰ মৃত্যু নাই৷

৫. এজন বেয়া ছাত্ৰই এজন দক্ষ শিক্ষকৰ ওচৰত শিকিব পাৰে আৰু ভাল ছাত্ৰ এজনে বেয়া শিক্ষকৰ পৰা তাতোকৈ বহু বেছি শিক্ষা গ্ৰহণ কৰিব পাৰে৷

৬.  তুমি যদি সূৰ্যৰ দৰে উজ্বল হ’ব খোজা তেন্তে প্ৰথমে তুলি সূৰ্যৰ দৰে পুৰিব লাগিব৷

৭.  সপোন পূৰণ নোহোৱালৈকে সপোন দেখি যাওক৷ সপোন সেয়া নহয় যি তুমি শুই শুই দেখা৷ সপোন সেয়াই যি তোমাক শুবলৈ নিদিয়ে৷

৮. সফলতাৰ গল্প নপঢ়িব, কাৰণ তাৰপৰা আপুনি কেৱল গল্পটোৱেই জানিব৷ ব্যৰ্থতাৰ গল্প পঢ়ক তেতিয়া সফল হোৱাৰ কিটিপ শিকিব৷

৯.  মানুহে ভৱিষ্যৎ পৰিবৰ্তন কৰিব নোৱাৰে কিন্তু অভ্যাস পৰিবৰ্তন কৰিব পাৰে৷ অভ্যাসেই মানুহৰ ভৱিষ্যত পৰিবৰ্তন কৰি দিয়ে৷

১০. প্ৰথম সাফল্যৰ পাছত বহি নাথাকিব৷ কাৰণ দ্বিতীয়বাৰ যেতিয়া আপুনি ব্যৰ্থ হ’ব তেতিয়া বহুতেই আপোনাক ক’ব, প্রথমটো ভাগ্যৰ জোৰতহে সফল হৈছিল৷

১১. বৰষুণ আৰম্ভ হ’লে সকলো চৰায়েই আশ্ৰয়ৰ সন্ধান কৰে৷ কিন্তু ঈগলে মেঘৰ ওপৰেৰে উৰি বৰষুণৰ টোপালক ইতিকিং কৰি যায়৷

১২. জীৱনত সমস্যাৰ প্ৰয়োজন আছে৷ সমস্যা আছে বাবেই সাফল্য ইমান আনন্দৰ৷

১৩. সফলতাৰ গল্পত কেৱল এক বাৰ্তা থাকে কিন্তু ব্যৰ্থতাৰ গল্পত সফল হোৱাৰ উপায় থাকে৷

১৪. জীৱনত কঠিন সময় আহে এই সময় তোমাক ভাঙিবলৈ নহয়৷ এই সময় আহে তোমাৰ ভিতৰত লুকাই থকা অদম্য শক্তিক অনুধাৱন কৰাবলৈকে৷ বাধাসমূহক দেখুৱাই দিয়া যে তুমিও কম কঠিন নহয়৷

১৫. যি মানুহে  তোমাক কয়, ‘তুমি নোৱাৰিবা!’ তেওঁলোকে আচলতে ভীতিগ্ৰস্থ হৈ থাকে তোমাক লৈ৷ তেওঁলোকে জানে তুমি পাৰিবাই৷

১৬. এখন ভাল গ্ৰন্থ এজন ভাল বন্ধুৰ সমান কিন্তু এজন ভাল বন্ধু এটা লাইব্ৰেৰীৰ সমান৷

১৭. যিয়ে মনৰ পৰা কাম নকৰে তেওঁলোকে একোতেই সফল হ’ব নোৱাৰে৷ আয় কৰিলেও সেয়া হয় অৰ্ধেক হৃদয়ৰ এক সফলতা৷ তেওঁলোকৰ সময় তিক্ততাৰেই পাৰ হয়৷

১৮.  টকাৰে তুমি ঘৰ কিনিব পাৰিব কিন্তু টকাৰে তুমি ভাল পৰিয়াল তৈয়াৰ কৰিব নোৱাৰা৷ টকাৰে তুমি এখন বিছনা কিনিব পাৰিবা কিন্তু টোপনি কিনিব নোৱাৰা, টকাৰে তুমি ঘড়ী কিনিব পাৰিবা কিন্তু সময় নহয়৷ টকাৰে তুমি গ্ৰন্থ কিনিব পাৰিবা কিন্তু জ্ঞান নহয়৷ টকাই তোমাক বহু বন্ধু দিব কিন্তু ভালপোৱা নহয়৷

১৯. সমস্যা আহিলে কেতিয়াও পলাবলৈ চেষ্টা নকৰিব৷ মুখামুখি হ’ব৷ মনত ৰাখিব, সমস্যাহীন জয়ত কোনো আনন্দ নাই আৰু সকলো সমস্যাৰ সমাধান আছে৷

২০. সমস্যাক কেতিয়াও তোমাৰ ওপৰত চাপ হ’বলৈ নিদিব৷ হতাশ নহৈ তুমি সপোন পূৰণৰ কিমান কাষত আছা সেই কথা ভাৱা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ
অসম

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

March 28, 2026
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ
অসম

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

March 28, 2026
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক
জীৱনশৈলী

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

March 28, 2026
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক
জীৱনশৈলী

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

March 28, 2026
Next Post
ছালত দেখা দিয়া এইকেইটা লক্ষণো ডায়েবেটিছৰেই হ’ব পাৰে, কেনেকৈ বুজিব আপোনাৰ ডায়েবেটিছেই হৈছে?

ছালত দেখা দিয়া এইকেইটা লক্ষণো ডায়েবেটিছৰেই হ’ব পাৰে, কেনেকৈ বুজিব আপোনাৰ ডায়েবেটিছেই হৈছে?

মহিলাই আনিব নেকি দেশলৈ প্ৰথমটো সোণ? অলিম্পিকৰ এয়াৰ পিস্তল ইভেণ্টৰ ফাইনেলত ভাৰতীয় খেলুৱৈ মনু ভাকেৰ

মহিলাই আনিব নেকি দেশলৈ প্ৰথমটো সোণ? অলিম্পিকৰ এয়াৰ পিস্তল ইভেণ্টৰ ফাইনেলত ভাৰতীয় খেলুৱৈ মনু ভাকেৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.