আবুল ফকিৰ জয়নুল আবেদিন আব্দুল কালাম চমুকৈ এপিজে আব্দুল কালামৰ আজি মৃত্যু দিন৷ ২০১৫ চনৰ ২৭ জুলাইত শ্বিলঙত এখন সভাত ভাগ ল’বলৈ আহি শেষ নিশ্বাস ত্যাগ কৰিছিল প্ৰাক্তন ৰাষ্ট্ৰপতি এপিজে আব্দুল কালামে৷ আব্দুল কালামৰ জন্ম হৈছিল ১৯৩১ চনৰ ১৫ অক্টোবৰত তামিলনাডুৰ ৰামেশ্বৰমত৷ তেওঁ আছিল একাধাৰে বিজ্ঞানী, লেখক সমাজচিন্তক আৰু ভাৰতবৰ্ষৰ একাদশতম ৰাষ্ট্ৰপতি৷ তেওঁ জীৱনকালত অসংখ্য মহামূল্যবাণ বাণী লিখি গৈছে যি বাণীয়ে আমাক সকলোকে অনুপ্ৰাণিত কৰে৷
জানি থওক এপিজে আব্দুল কালামৰ ২০টা অবিস্মৰণীয় উক্তি
১. জীৱন আৰু সময় পৃথিৱীৰ শ্ৰেষ্ট শিক্ষক৷ জীৱনত শিকাৰ সময়ক ভালধৰণে ব্যৱহাৰ কৰক৷
২. মই দেখাত সুপুৰুষ নহয়৷ কিন্তু যেতিয়া কোনো বিপদত পৰো তেতিয়া সহায়ৰ হাত আগুৱাই দিও৷ সৌন্দৰ্য থাকে মানুহৰ মনত চেহেৰাত নহয়৷
৩. ফেইল কৰিলে হতাশ নহ’ব৷ ইংৰাজী শব্দ Fail মানে First Attempt in Learning’ অৰ্থাৎ শিকাৰ প্ৰথম ধাপ৷ বিফলতাই তোমাক সফল হোৱাৰ ৰাস্তা দেখুৱাই দিয়ে৷
৪. সমাপ্তি মানেই শেষ নহয়৷ END শব্দটোৰ অৰ্থ হৈছে Effort Never Dies অৰ্থাৎ প্ৰচেষ্টাৰ মৃত্যু নাই৷
৫. এজন বেয়া ছাত্ৰই এজন দক্ষ শিক্ষকৰ ওচৰত শিকিব পাৰে আৰু ভাল ছাত্ৰ এজনে বেয়া শিক্ষকৰ পৰা তাতোকৈ বহু বেছি শিক্ষা গ্ৰহণ কৰিব পাৰে৷
৬. তুমি যদি সূৰ্যৰ দৰে উজ্বল হ’ব খোজা তেন্তে প্ৰথমে তুলি সূৰ্যৰ দৰে পুৰিব লাগিব৷
৭. সপোন পূৰণ নোহোৱালৈকে সপোন দেখি যাওক৷ সপোন সেয়া নহয় যি তুমি শুই শুই দেখা৷ সপোন সেয়াই যি তোমাক শুবলৈ নিদিয়ে৷
৮. সফলতাৰ গল্প নপঢ়িব, কাৰণ তাৰপৰা আপুনি কেৱল গল্পটোৱেই জানিব৷ ব্যৰ্থতাৰ গল্প পঢ়ক তেতিয়া সফল হোৱাৰ কিটিপ শিকিব৷
৯. মানুহে ভৱিষ্যৎ পৰিবৰ্তন কৰিব নোৱাৰে কিন্তু অভ্যাস পৰিবৰ্তন কৰিব পাৰে৷ অভ্যাসেই মানুহৰ ভৱিষ্যত পৰিবৰ্তন কৰি দিয়ে৷
১০. প্ৰথম সাফল্যৰ পাছত বহি নাথাকিব৷ কাৰণ দ্বিতীয়বাৰ যেতিয়া আপুনি ব্যৰ্থ হ’ব তেতিয়া বহুতেই আপোনাক ক’ব, প্রথমটো ভাগ্যৰ জোৰতহে সফল হৈছিল৷
১১. বৰষুণ আৰম্ভ হ’লে সকলো চৰায়েই আশ্ৰয়ৰ সন্ধান কৰে৷ কিন্তু ঈগলে মেঘৰ ওপৰেৰে উৰি বৰষুণৰ টোপালক ইতিকিং কৰি যায়৷
১২. জীৱনত সমস্যাৰ প্ৰয়োজন আছে৷ সমস্যা আছে বাবেই সাফল্য ইমান আনন্দৰ৷
১৩. সফলতাৰ গল্পত কেৱল এক বাৰ্তা থাকে কিন্তু ব্যৰ্থতাৰ গল্পত সফল হোৱাৰ উপায় থাকে৷
১৪. জীৱনত কঠিন সময় আহে এই সময় তোমাক ভাঙিবলৈ নহয়৷ এই সময় আহে তোমাৰ ভিতৰত লুকাই থকা অদম্য শক্তিক অনুধাৱন কৰাবলৈকে৷ বাধাসমূহক দেখুৱাই দিয়া যে তুমিও কম কঠিন নহয়৷
১৫. যি মানুহে তোমাক কয়, ‘তুমি নোৱাৰিবা!’ তেওঁলোকে আচলতে ভীতিগ্ৰস্থ হৈ থাকে তোমাক লৈ৷ তেওঁলোকে জানে তুমি পাৰিবাই৷
১৬. এখন ভাল গ্ৰন্থ এজন ভাল বন্ধুৰ সমান কিন্তু এজন ভাল বন্ধু এটা লাইব্ৰেৰীৰ সমান৷
১৭. যিয়ে মনৰ পৰা কাম নকৰে তেওঁলোকে একোতেই সফল হ’ব নোৱাৰে৷ আয় কৰিলেও সেয়া হয় অৰ্ধেক হৃদয়ৰ এক সফলতা৷ তেওঁলোকৰ সময় তিক্ততাৰেই পাৰ হয়৷
১৮. টকাৰে তুমি ঘৰ কিনিব পাৰিব কিন্তু টকাৰে তুমি ভাল পৰিয়াল তৈয়াৰ কৰিব নোৱাৰা৷ টকাৰে তুমি এখন বিছনা কিনিব পাৰিবা কিন্তু টোপনি কিনিব নোৱাৰা, টকাৰে তুমি ঘড়ী কিনিব পাৰিবা কিন্তু সময় নহয়৷ টকাৰে তুমি গ্ৰন্থ কিনিব পাৰিবা কিন্তু জ্ঞান নহয়৷ টকাই তোমাক বহু বন্ধু দিব কিন্তু ভালপোৱা নহয়৷
১৯. সমস্যা আহিলে কেতিয়াও পলাবলৈ চেষ্টা নকৰিব৷ মুখামুখি হ’ব৷ মনত ৰাখিব, সমস্যাহীন জয়ত কোনো আনন্দ নাই আৰু সকলো সমস্যাৰ সমাধান আছে৷
২০. সমস্যাক কেতিয়াও তোমাৰ ওপৰত চাপ হ’বলৈ নিদিব৷ হতাশ নহৈ তুমি সপোন পূৰণৰ কিমান কাষত আছা সেই কথা ভাৱা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ