কাইলৈ ২৯ জুলাই শাওনৰ দ্বিতীয়টো সোমবাৰ৷ কাইলৈ চন্দ্ৰই প্ৰথমে মেষ ৰাশি আৰু তাৰপাছত বৃষ ৰাশিত গোচৰ কৰিব৷ কাইলৈ শাওনৰ কৃষ্ণা নৱমী তিথি৷ শাওন মাহৰ দ্বিতীয় সোমবাৰে মহাদেৱৰ আৰাধনা কৰিব বহু ভক্তই৷ হিন্দুধৰ্ম অনুসৰি সোমবাৰ হৈছে মহাদেৱৰ প্ৰিয় দিন৷ শাওন মাহৰ এই সোমবাৰ জ্যোতিষ গণনা অনুসৰি থাকিব বৃদ্ধি যোগৰ শুভ প্ৰভাৱ৷ ইয়াৰোপৰি কাইলৈ থাকিব প্ৰথমে ভৰণী আৰু তাৰপিছত কৃত্তিকা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈৰ দিনটো শুভ হ’ব৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ পাঁচ ৰাশিৰ জাতকৰ জীৱনলৈ প্ৰচুৰ সুখ সমৃদ্ধি আহিব৷ জানি থওক ভাগ্যবানৰ তালিকাত কোন কোন আছে?
মিথুন ৰাশি
২৯ জুলাই দুৰ্দান্ত হ’ব বৃষ ৰাশিৰ জাতকৰ৷ আপোনাৰ মূৰত নতুন নতুন চিন্তা আহিব৷ ইয়াৰ ফলত জীৱনত উন্নতি কৰাৰ ৰাস্তা আহিব৷ উপাৰ্জনৰ নতুন সূত্ৰ খুল খাব বৃষ ৰাশিৰ জাতকৰ সন্মুখত৷ কাইলৈ আপুনি কামৰ প্ৰতি মনোযোগীও হৈ পৰিব৷ কেৰিয়াৰত বৃহৎ উন্নতি কৰিব পাৰে৷ কাৰ্যালয়ৰ ঊৰ্ধতন কৰ্তৃপক্ষৰ সাহায্য পাব আপুনি৷
সিংহ ৰাশি
ত্ৰিপুষ্কৰ যোগৰ প্ৰভাৱত ভাল দিন কটাব কৰ্কট ৰাশিৰ জাতকে৷ সকলো কামত আপুনি মন পৰিষ্কাৰ ৰাখিব পাৰে৷ ফলত নিজৰ লক্ষ্যত উপনীত হ’ব কৰ্কট ৰাশিৰ জাতক৷ আপোনাৰ সন্মুখত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হ’ব৷ কামত সাফল্যৰ সৈতে অতিৰিক্ত অৰ্থ ৰোজগাৰ কৰিব পাৰে৷ ঘৰলৈ ন অতিথিৰো আগমন হ’ব পাৰে৷
কন্যা ৰাশি
ৰবি যোগৰ শুভ প্ৰভাৱত কাইলৈ লাভ কৰিব সিংহ ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ ওপৰত বজৰংবলীৰ আশীৰ্বাদ থাকিব৷ নিজৰ সকলো কামত উৎসাহ আৰু উদ্দীপনাৰ সৈতে কাম কৰিবষ নিজৰ ব্যৱসায় চলোৱাসকলে বৃহৎ কোনো চুক্তিত স্বাক্ষৰ কৰিব পাৰে৷ কাইলৈ একাধিক উপায়েৰে ধন সংগ্ৰহ কৰিব সিংহ ৰাশিৰ জাতকে৷ পৰিয়ালত কোনো সমস্যা থাকিলে আঁতৰি যাব৷
বৃশ্চিক ৰাশি
কাইলৈ সাধ্য যোগৰ শুভ প্ৰভাৱ লক্ষ্য কৰা যাব তুলা ৰাশিৰ জাতকৰ ওপৰত৷ আপোনাৰ জীৱনৰ সকলো সমস্যাৰেই সমাধান পাব৷ নিজৰ ক্ষেত্ৰত আপুনি নেতৃত্ব দি সকলোকে চালনা কৰিব৷ নিজৰ প্ৰতিযোগীসকলক পিছ পেলাই আগবাঢ়িব৷ অতিৰিক্ত অৰ্থ উপাৰ্জন কৰিব পাৰে৷ মনত সুখ শান্তি ভৰপুৰ হৈ থাকিব আপোনাৰ৷
মকৰ ৰাশি
পজিটিভ পৰিবৰ্তন আহিব৷ কাইলৈ আপুনি অতিৰিক্ত অৰ্থ উপাৰ্জন কৰিব পাৰে৷ পাবলগীয়া ধন লাভ কৰিব৷ নিজৰ বেংক বেলেন্স বাঢ়িব৷ ঘৰৰ জ্যেষ্ঠসকলৰ সৈতে সু সম্পৰ্ক বৰ্তি থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















