পুৱতি নিশা শোকাৱহ দুৰ্ঘটনা, বাহন কাটিহে উদ্ধাৰ ৫ নিহতক, অন্য ৫ আহত
আজি পুৱতি নিশা উত্তৰ প্ৰদেশৰ আলিগড়ত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। পথৰ দাঁতিত ৰখাই থোৱা কেণ্টাৰৰ সৈতে এখন ইকো বাহনৰ প্ৰচণ্ড জোৰে সংঘৰ্ষ হয়। সংঘৰ্ষ হোৱাৰ লগে লগে ইকো বাহনখন টুকুৰা টুকুৰ হৈ পৰে। বাহনখনত যাত্ৰা কৰা ৫ জন লোকৰ থিতাতে মৃত্যু হয়। বাহনখন এনেদৰে ভাঙি যায় যে বাহনখন কাটিহে মৃতদেহবোৰ আঁতৰাব লগা হয়।
আৰক্ষীয়ে মৃতদেহকেইটা নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আনহাতে এই দুৰ্ঘটনাত ৫জন লোকো গুৰুতৰভাৱে আহত হোৱাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। মৃত আৰু আহত কেইজন উত্তৰ প্ৰদেশৰ পিলিভিটৰ বাসিন্দা বুলি জানিব পৰা গৈছে। পিলিভীত আৰক্ষীৰ সহায়ত মৃত আৰু আহতক চিনাক্ত কৰা হয়৷
আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি পালৱাল পথৰ খাইৰ কোতৱালিৰ অন্তৰ্গত অঞ্চলত সংঘটিত হৈছে এই দুৰ্ঘটনা। নিশা প্ৰায় ১ মান বজাত সংঘটিত হোৱা দুৰ্ঘটনাটোত ক্ষতিগ্ৰস্ত হোৱা গাড়ীখনৰ গতি দুৰ্ঘটনাৰ সময়ত প্ৰায় ১০০ কিলোমিটাৰ তীব্ৰ গতিত আছিল বুলি জানিব পৰা গৈছে। আহতসকলে জানিবলৈ দিয়া অনুসৰি, বাহনখন তীব্ৰগতিত থকাৰ বাবে চালকজনক বাৰে বাৰে নিয়ন্ত্ৰণ কৰিবলৈ কৈ আছিল যদিও চালক মান্তি নহ’ল আৰু শেষত দুৰ্ঘটনা সংঘটিত হয়।
আৰক্ষীয়ে জনোৱা মতে, ইকো বাহনখন টাপ্পালৰ পৰা আহি আছিল আৰু কেণ্টাৰখন আলিগড়লৈ গৈ আছিল। কিন্তু সৌভাগ্যক্ৰমে কেন্টাৰখনৰ চালকজনে ফ্ৰেছ হ’বলৈ সেই সময়ত বাহনখন ৰখাই নামি গৈছিল, তেনে সময়তে ইকো গাড়ীখনে কেণ্টাৰৰ সৈতে সংঘৰ্ষ কৰে। যাৰ ফলত প্ৰাণ ৰক্ষা পৰে কেন্টাৰ খনৰ চালক আৰু হেল্পাৰ।
আৰক্ষীৰ তথ্য অনুসৰি দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকল হ’ল ৩৫ বছৰীয়া বিপিন, ৩৬ বছৰীয়া লালতা, ২৫ বছৰীয়া অৰ্জুন আৰু ২৭ বছৰীয়া হৰিয়ম। চালকজনক চিনাক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। আহতসকলৰ নাম ৩৬ বছৰীয়া ৰামু, ২৮ বছৰীয়া বিমলেশ, ৪০ বছৰীয়া ৰামকুমাৰ, ৩৫ বছৰীয়া অনন্ত্রম আৰু ২২ বছৰীয়া মুনিশ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ