‘পুৰুষ নে মহিলা’ বিতৰ্কৰ চাঞ্চল্য মাৰ নাযাওতেই, ইমান খালিফে পদক নিশ্চিত কৰি ৰিঙতে হুকহুকাই কান্দিলে
লিংগ পৰীক্ষাত জৈৱিকভাৱে পুৰুষ বুলি ঘোষণা কৰাৰ পিছত যোৱা বছৰ বিশ্ব চেম্পিয়নশ্বিপৰ পৰা অযোগ্য ঘোষণা কৰা আলজেৰিয়াৰ ট্ৰান্সজেণ্ডাৰ মহিলা বক্সাৰ ইমানে খলিফক ছ’চিয়েল মিডিয়াত ট্ৰ’ল কৰা হৈছে। অলিম্পিকত তেওঁৰ অংশগ্ৰহণ সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে। ইমানৰ বিৰুদ্ধে প্ৰথমখন মেচত নাকত ঘুচা মাৰি মাত্ৰ ৪৬ ছেকেণ্ডতে এঞ্জেলা কেৰিনিক পৰাজয় কৰা সন্দৰ্ভত বিতৰ্কৰ সৃষ্টি হৈছিল।
ইমানেৰ বাহিৰেও মহিলা শাখাত টাইৱানৰ লিন ইউ-টিঙে অংশগ্ৰহণ কৰাটোক লৈ যোৱা কেইদিনমানৰ পৰা বিতৰ্কৰ সৃষ্টি হৈছে। সকলো বিতৰ্ক আৰু শিৰোনামৰ মাজতো আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে কয় যে ইমান আৰু লিনে মহিলা হিচাপে খেলাৰ সম্পূৰ্ণ যোগ্যতা অৰ্জন কৰিছে।
অৱশ্যে এতিয়া ইমানে মহিলা বক্সিঙৰ ৬৬ ওজন শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰি নিজৰ দেশৰ বাবে পদক নিশ্চিত কৰিছে। কোৱাৰ্টাৰ ফাইনেলত হাংগেৰীৰ আনা লুকা হাম’ৰীক ৫-০ গ’লত পৰাস্ত কৰে। ছেমি ফাইনেলত প্ৰৱেশৰ লগে লগে তেওঁ আলজেৰিয়াৰ সপ্তম পদক বিজয়ী বক্সাৰ হিচাপে পৰিগণিত হৈছে।
মহিলা বক্সিংত আলজেৰিয়াৰ এইটোৱেই প্ৰথম অলিম্পিক পদক। খলিফে আৰু লিনে ২০২১ চনত টকিঅ’ অলিম্পিকতো প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পদক লাভ কৰিব পৰা নাছিল। জয় আৰু পদক নিশ্চিত কৰাৰ পিছত ইমানে ৰিঙতে কান্দিবলৈ ধৰে।
ইফালে মেচৰ পিছত আনা লুকাই কয় – কঠিন মেচ আছিল, কিন্তু মই ভাবো যুঁজৰ আগতে মই বিচৰা সকলো কাম কৰিব পাৰিলোঁ। মই ভাবো ভাল যুঁজ আছিল। নিজকে লৈ বহুত গৌৰৱান্বিত আৰু ইয়াত উপস্থিত হোৱাৰ বাবে মই অতিশয় কৃতজ্ঞ। প্ৰতিটো বাউট উপভোগ কৰিবলৈ সক্ষম হৈছিলো আৰু এক মুহূৰ্তৰ বাবেও হতাশ হোৱা নাছিলো। মই খেলুৱৈৰ দৰে আচৰণ কৰিবলৈ চেষ্টা কৰিলোঁ, যাতে মোৰ প্ৰতিদ্বন্দ্বীয়ে মোৰ বিষয়ে বেয়াকৈ একো ক’ব নোৱাৰে।
আনহাতে খবৰ অনুসৰি, নিষিদ্ধ আন্তঃৰাষ্ট্ৰীয় বক্সিং এছ’চিয়েশ্যনে ৪৬ ছেকেণ্ডত ইমানৰ বিৰুদ্ধে পৰাজিত হোৱা ইটালীৰ এঞ্জেলা কাৰিনিক অলিম্পিক চেম্পিয়নে পোৱাৰ দৰে ৪২ লাখ টকা প্ৰদান কৰিব। আই বি এৰ সভাপতি ওমৰ ক্ৰেমলেভে কয় যে এঞ্জেলাৰ বাহিৰেও ইটালীৰ ফেডাৰেচন আৰু প্ৰশিক্ষকক ২১ লাখ টকাকৈ পুৰস্কাৰ ধন দিয়া হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ