আদানী সাম্ৰাজ্যৰ কমাণ্ড ত্যাগ কৰিব গৌতম আদানীয়ে, উত্তৰাধিকাৰী কোন হ’ব সেই বিষয়েও সদৰি
এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ কমাণ্ড হস্তান্তৰ কৰাটো দেশৰ বৃহৎ ব্যৱসায়িক গোষ্ঠীসমূহৰ মাজত সদায় এক বিতৰ্কিত বিষয় হৈ আহিছে। ৰিলায়েন্সৰ পৰা আৰম্ভ কৰি গোড্ৰেজ আৰু কে কে মোডী গ্ৰুপলৈকে বহু গোচৰ পোহৰলৈ আহিছে, য’ত ব্যৱসায়িক সাম্ৰাজ্য বিভাজনৰ সৈতে জড়িত বিবাদ আদালতত উপনীত হৈছে আৰু শিৰোনাম দখল কৰিছে। ইতিমধ্যে দেশৰ দ্বিতীয় ধনী ব্যক্তি গৌতম আদানীয়ে পৰিয়ালৰ এনে বিতৰ্কিত পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ পৰিকল্পনা যুগুত কৰা দেখা গৈছে।
এক প্ৰতিবেদনত আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীৰ উদ্ধৃতিৰে কোৱা হৈছে যে তেওঁ ৭০ বছৰ সম্পূৰ্ণ হ’লে অৱসৰ লোৱাৰ পৰিকল্পনা কৰিছে। বৰ্তমান গৌতম আদানীৰ বয়স ৬২ বছৰ। অৰ্থাৎ অহা ৮ বছৰৰ পাছত তেওঁ সক্ৰিয় ব্যৱসায়ৰ পৰা অৱসৰ ল’ব পাৰিব। গৌতম আদানীৰ পৰিকল্পনা অনুসৰি তেওঁৰ পিছত ব্যৱসায়ৰ নেতৃত্ব তথা দায়িত্ব তেওঁৰ পুত্ৰ-ভতিজাৰ কান্ধত পৰিব। এই পৰিৱৰ্তনৰ ৰূপায়ণ ২০৩০ চনৰ পৰা আৰম্ভ হ’ব পাৰে।
প্ৰতিবেদন অনুসৰি গৌতম আদানীৰ অৱসৰৰ পিছত কোটি কোটি টকাৰ আদানী গ্ৰুপৰ ব্যৱসায়িক সাম্ৰাজ্য চম্ভালিব তেওঁৰ দুই পুত্ৰ কৰণ আদানী আৰু জীত আদানী আৰু দুই ভতিজা প্ৰণৱ আদানী আৰু সাগৰ আদানীয়ে। গৌতম আদানীৰ জ্যেষ্ঠ পুত্ৰ কৰণ আদানীয়ে বৰ্তমান আদানী বন্দৰৰ পৰিচালন সঞ্চালক হিচাপে কাম কৰাৰ বিপৰীতে জীত আদানীয়ে আদানী বিমানবন্দৰৰ কাম-কাজ চম্ভালি আছে। একেদৰে প্ৰণৱ আদানী বৰ্তমান আদানী এণ্টাৰপ্ৰাইজৰ সঞ্চালক, আনহাতে সাগৰ আদানীয়ে আদানী সেউজ শক্তিৰ কাৰ্যবাহী সঞ্চালকৰ পদ লাভ কৰিছে।
প্ৰতিবেদনত ইয়াকো প্ৰকাশ পাইছে যে গৌতম আদানীৰ অৱসৰৰ পিছত চাৰিওজন উত্তৰাধিকাৰীয়ে গোটত সমান দায়িত্ব লাভ কৰিব পাৰে। তেওঁৰ পিছত গোটৰ অধ্যক্ষৰ দায়িত্ব হয়তো তেওঁৰ ডাঙৰ পুত্ৰ কৰণ আদানী বা ভতিজা প্ৰণৱ আদানীৰ হাতলৈ যাব পাৰে। প্ৰতিবেদন অনুসৰি আদানী ফেমিলি ট্ৰাষ্টৰ জৰিয়তে উত্তৰাধিকাৰ হস্তান্তৰ হ’ব পাৰে। এই পৰিৱৰ্তনৰ বাবে গোপনীয় চুক্তি ব্যৱহাৰ কৰিব পাৰি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ