• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতীয় নোটত গান্ধীজিৰ ছবি ৰখাৰ ভাৱনা নাছিল, কেনেকৈ নোটত আহিল জাতিৰ জনক?

ভাৰতীয় নোটত গান্ধীজিৰ ছবি ৰখাৰ ভাৱনা নাছিল, কেনেকৈ নোটত আহিল জাতিৰ জনক?

2 years ago
বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

4 minutes ago
চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

2 hours ago
স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

3 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

3 hours ago
LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

4 hours ago
বিয়া পাতিলে ঠিকেই, কিন্তু দৰা দেখি সহ্য নহ’ল পিতৃৰ! শেষত কৰিলে বিয়া বাতিল

বিয়া পাতিলে ঠিকেই, কিন্তু দৰা দেখি সহ্য নহ’ল পিতৃৰ! শেষত কৰিলে বিয়া বাতিল

5 hours ago
কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ সকলো ৰাজ্যতে পৃথক পৃথক হয়?

কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ সকলো ৰাজ্যতে পৃথক পৃথক হয়?

5 hours ago
ডালিম খাই বাকলি পেলাই দিয়ে নেকি? বাকলিৰো আছে চমৎকাৰী গুণ!

ডালিম খাই বাকলি পেলাই দিয়ে নেকি? বাকলিৰো আছে চমৎকাৰী গুণ!

6 hours ago
জীৱনত ৩ টা বস্তুক নকৰিব অৱহেলা, ধ্বংস হ’ব আপুনি!

জীৱনত ৩ টা বস্তুক নকৰিব অৱহেলা, ধ্বংস হ’ব আপুনি!

7 hours ago
সোমবাৰে ভুলতো নকৰিব এইবোৰ কাম, ক্ষুব্ধ হ’ব মহাদেৱ!

সোমবাৰে ভুলতো নকৰিব এইবোৰ কাম, ক্ষুব্ধ হ’ব মহাদেৱ!

7 hours ago
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

8 hours ago
কাইলৈ কেনেকুৱা যাব আপোনাৰ দিনটো? ভাল সুযোগ আহিব বহুতৰে জীৱনলৈ

কাইলৈ কেনেকুৱা যাব আপোনাৰ দিনটো? ভাল সুযোগ আহিব বহুতৰে জীৱনলৈ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাৰতীয় নোটত গান্ধীজিৰ ছবি ৰখাৰ ভাৱনা নাছিল, কেনেকৈ নোটত আহিল জাতিৰ জনক?

ভাৰতীয় নোটত গান্ধীজিৰ ছবি ৰখাৰ ভাৱনা নাছিল, কেনেকৈ নোটত আহিল জাতিৰ জনক?

editor by editor
October 2, 2024
in জীৱনশৈলী, ভাৰত, লেখা
0
ভাৰতীয় নোটত গান্ধীজিৰ ছবি ৰখাৰ ভাৱনা নাছিল, কেনেকৈ নোটত আহিল জাতিৰ জনক?
0
SHARES
229
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৱালেট খুলিয়েই যদি হঠাৎ দেখে টকাৰ নোটত গান্ধীজি নাই? টকাটোও টকা যেন নালাগিব আপোনাৰ৷ ভাৰতীয় মুদ্ৰাত গান্ধীজিৰ ছবি নথকাৰ কথাটো সপোনতো ভাৱিব নোৱাৰি৷ কিন্তু জানেনে স্বাধীনতাৰ পৰবৰ্তী সময়তো নোটত মহাত্মা গান্ধীৰ ছবি দিয়াৰ কথা ভৱা হোৱা নাছিল৷ ঠিক যেনেকৈ আমেৰিকান ডলাৰত আছে জৰ্জ ৱাছিংটনৰ ছবি, পাকিস্তানী মুদ্ৰাত আছে মহম্মদ আলি জিন্নাহৰ ছবি তেনেকৈ ভাৰতীয় নোটত আছে গান্ধীজি৷ কিন্তু গান্ধীজি নোটৰ মুখ হিচাপে প্ৰথম পছন্দৰ নাছিল কাৰোৱে৷ পৰিকল্পনা আছিল অন্য৷ সাধাৰণতে মুদ্ৰাত থকা ছবি, চিম্বল কিংবা লগ’ই এখন দেশৰ ইতিহাস তুলি ধৰে৷ বিশ্বজুৰি বহু দেশতেই যিসকল নেতাক সন্মান কৰা হয় তেনে নেতাও মুদ্ৰাৰ ছবি হ’ব পাৰে৷ ভাৰতেও জাতীয় জনক মহাত্মা গান্ধীক সন্মান জনাই মুদ্ৰাত তেওঁৰ ছবি ৰখাৰ সিদ্ধান্ত লয়৷ তাৎপৰ্যপূৰ্ণভাৱে ১৯৪৭ চনত ভাৰত স্বাধীন হোৱাৰ পাছত গান্ধীজিৰ ছবি নোটত ব্যৱহাৰ কৰাৰ কোনো পৰিকল্পনাও নাছিল৷

কিয় নোটৰ ছবিত গান্ধীজিক বিচৰা নাছিল?

স্বাধীনতাৰ পাছতেই ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া চিন্তাত পৰে যে দেশৰ নতুন মুদ্ৰা দেখাত কেনে হ’লে ভাল হয়৷ আৰ বিআইৰ ৱেবচাইটত উল্লেখ আছে কেনেকৈ নোটৰ ওপৰৰ লেখা কিংবা ছবি বাচি লোৱা হয়৷ পৰাধীন দেশৰ পৰা স্বাধীনতাৰ পৰবৰ্তী সময়লৈকে এই নোটৰ ডিজাইন বাচি লোৱা কামটো মুঠেও সহজ নাছিল৷ ১৯৪৭ চনৰ ১৪ আগষ্টৰ মাজনিশা ভাৰতত নোটৰ ডিজাইন বচাৰ কামো চলিছিল৷ সহজ নাছিল নোটৰ ডিজাইন বাচনিৰ কাম৷ ১৯৪৭ চনৰ ১৪ আগষ্টৰ মাজনিশা ভাৰতে ব্ৰিটিছৰ হাতৰ পৰা স্বাধীনতা লাভ কৰে৷

কিন্তু ভাৰতত সংবিধান গঠিত হৈছিল ১৯৫০ চনৰ ২৬ জানুৱাৰীতহে৷ সেই সময়ৰ মাজত অধিকাংশ পুৰণি নোটেই বজাৰত চলি আছিল৷ ১৯৪৯ চনত প্ৰথম ১ টকাৰ নোট আৰম্ভ কৰে ভাৰত চৰকাৰে৷ এই নতুন নোটৰ ডিজাইনত স্বাধীন ভাৰতৰ পৰিচয় বৰ্ণনা কৰাৰ পৰিকল্পনা কৰা হৈছিল৷ প্ৰয়োজন আছিল ব্ৰিটিছ ৰজাৰ পৰিবৰ্তে স্বাধীন ভাৰতৰ কোনো এক চিম্বলৰ৷ ঠিক কৰা হয় যে নোটৰ ওপৰত থাকিব ‘লায়ন কেপিটেলৰ’ ছবি৷

কেনে আছিল পুৰণি ভাৰতীয় নোট?

বহু বছৰ ধৰি ভাৰতৰ সংস্কৃতি, আৰ্থিক উন্নতিয়েই মুদ্ৰাৰ প্ৰতীক হিচাপে তুলি ধৰা হৈছিল৷ ১৯৫০ চনৰ পৰা ১৯৬০ চন পৰ্যন্ত নোটত আছিল বাঘ, হৰিণৰ ছবি৷ ইয়াৰোপৰি আছিল হীৰাকুণ্ড বান্ধ, আৰ্যভট্ট চেটেলাইট, বৃহদেশ্বৰ মন্দিৰৰ ছবি আদি৷ এই ডিজাইনৰ নোটসমূহ মূলত দেশৰ উন্নয়ন, আধুনিকীকৰণ আৰু সংস্কৃতিৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছিল৷ ১৯৬৯ চনত মহাত্মা গান্ধীৰ জন্ম শতবৰ্ষত প্ৰথম ভাৰতীয় নোটত তেওঁৰ মুখ ব্যৱহাৰ কৰা হয়৷ সেইয়া আছিল তেওঁৰ সেৱাগ্ৰাম আশ্ৰমত বহি থকা অৱস্থাত তোলা এখন ফটো৷ ১৯৮৭ চন পৰ্যন্ত ধীৰে ধীৰে প্ৰায় সকলো নোটতেই তেওঁৰ ছবি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা হ’ল৷ ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত নতুন ৫০০ টকাৰ নোট আৰম্ভ কৰা হয়৷ তেতিয়াই গান্ধীজিৰ মুখৰ এখন ডাঙৰ ছবি প্ৰথমবাৰ ব্যৱহাৰ কৰা হয়৷ ১৯৯০ চনৰ পৰা ১৯৯৬ চনলৈকে আৰ বিআইয়ে নতুন নোটৰ চিৰিজ বজাৰলৈ আনে৷ নাম দিয়া হয় গান্ধী চিৰিজ৷ তাৰপাছতেই সমস্ত নোটত তেওঁৰ ছবি বাধ্যতামূলকভাৱে ছপা কৰা আৰম্ভ হয়৷ দিয়া হয় ৱাটাৰ মাৰ্কো৷ ধীৰে ধীৰে ভাৰতীয় মুদ্ৰাৰ আইকনিক চিম্বলত পৰিণত হয় মহাত্মা গান্ধীৰ ছবি৷

কাক কাক ভাৰতীয় নোটৰ চিম্বল কৰাৰ পৰিকল্পনা কৰা হৈছিল?

নানান মহলে সেই সময়ত দাবী কৰিছিল যে নোটত মহাত্মা গান্ধীৰ পৰিবৰ্তে প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু কিংবা সুভাষ চন্দ্ৰ বসু বা চৰ্দাৰ বল্লভভাই পেটেলৰ ছবি ৰখা হওক৷ আনকি লক্ষ্মী, গণেশৰ ছবি ৰাখিবলৈকো দাবী কৰিছিল একাংশ মহলে৷ ২০১৬ চনত নোটত গান্ধীজিৰ ছবি পৰিবৰ্তনৰ কথা আহোতে সেই সময়ত বিত্ত প্ৰতিমন্ত্ৰী অৰ্জুন মেঘৱালে স্পষ্টকৈ জনাইছিল যে নোট সলনি কৰাৰ কোনো প্ৰয়োজন নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ
ভাৰত

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

April 6, 2026
চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ
জীৱনশৈলী

চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

April 6, 2026
স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা
ভাৰত

স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

April 6, 2026
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

April 6, 2026
Next Post
কাইলৈ দেৱীপক্ষৰ প্ৰথম দিন, শুক্লা প্ৰতিপদ বৈধৃতি যোগত ভাগ্য খুলিব এই ৫ৰাশিৰ

কাইলৈ দেৱীপক্ষৰ প্ৰথম দিন, শুক্লা প্ৰতিপদ বৈধৃতি যোগত ভাগ্য খুলিব এই ৫ৰাশিৰ

ব্যৰ্থতা স্বীকাৰ প্ৰধানমন্ত্ৰীৰ! অপৰিকল্পিত নগৰ নিৰ্মাণেই শেষ কৰিছে নেপাল, সহায় বিচাৰি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

ব্যৰ্থতা স্বীকাৰ প্ৰধানমন্ত্ৰীৰ! অপৰিকল্পিত নগৰ নিৰ্মাণেই শেষ কৰিছে নেপাল, সহায় বিচাৰি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.