তিনিখন এছ-৪০০ মিছাইল চিষ্টেম ভাৰতলৈ পঠিয়াইছে ৰাছিয়াই৷ শুকুৰবাৰে এই কথা জনাইছে ভাৰতীয় এয়াৰ ফৰ্ছ প্ৰধান অমৰপ্ৰীত সিঙে৷ তেওঁ জনাইছে যে চুক্তি অনুসৰি এছ-৪০০ মিছাইল চিষ্টেমৰ আৰু ২টা ইউনিট আগন্তুক বৰ্ষত ভাৰতলৈ পঠিয়াব ৰাছিয়াই৷ এয়াৰ ফৰ্ছ দিৱসৰ পূৰ্বে সংবাদমেল সম্বোধন কৰি এই খবৰৰ ওপৰিও দেশীয় প্ৰযুক্তিত অস্ত্ৰ তৈয়াৰ কৰা দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত কিমান গুৰুত্বপূৰ্ণ সেয়াও জনাইছে এয়াৰ চিফ মাৰ্ছেলে৷
এছ-৪০০ হৈছে ছাৰফেছ টু এয়াৰ মিছাইল চিষ্টেম৷ ৰাছিয়াই এই মিছাইল তৈয়াৰ কৰে৷ এয়াৰ ডিফেন্সৰ কামো হয় এই মিছাইল চিষ্টেমৰ মাধ্যমেৰে৷ এয়াৰ ফৰ্ছৰ প্ৰধানে জনাইছে যে ২০৪৭ চনৰ ভিতৰত ভাৰতৰ লক্ষ্য দেশত সকলোধৰণৰ অস্ত্ৰ তৈয়াৰ কৰা৷ কিয় সেয়া অৰ্জন কৰা জৰুৰী সেই কথাও স্পষ্টকৈ জনাইছে এয়াৰ চিফ মাৰ্ছেলে৷
তেওঁ কয়, ‘যি দ্বন্দৰ পৰিস্থিতি তৈয়াৰ হৈছে এই সময়ত আপুনি যদি বাহিৰৰ পৰা অনা অস্ত্ৰৰ ওপৰত নিৰ্ভৰ কৰি থাকে তেন্তে এনে পৰিস্থিতি তৈয়াৰ হ’ব পাৰে যি আপোনাৰ স্বাৰ্থৰ পৰিপন্থী হৈ পৰিব পাৰে৷ আপুনি যদি যুদ্ধ জয় কৰিবলৈ হয় তেতিয়া অস্ত্ৰ ভাৰততেই তৈয়াৰ কৰিব লাগিব৷ বাহিৰৰ পৰা অস্ত্ৰ অনা আৰু এনেধৰণৰ ছাপ্লাইৰ ওপৰত ভৰষা কৰা বন্ধ কৰিব লাগিব৷ ইয়াৰোপৰি ভাৰতত যি প্ৰচুৰ অস্ত্ৰ বিশেষকৈ মিছাইল চিষ্টেম তৈয়াৰ কৰা হৈছে সেয়াও আমাৰ বাবেই ভাল খবৰ৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















