জন্মদাত্ৰী মাতৃৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ, মাৰ্ঘেৰিটাত নিজৰেই ৫ বছৰীয়া সন্তানক …
মাৰ্ঘেৰিটাত এক ৫ বছৰীয়া শিশুৰ মৃত্যুৰ ঘটনাই জোকাৰি গৈছে। কেইবাদিনো ধৰি সন্ধানহীন হৈ থকা নদীত শিশুটোৰ মৃতদেহ উদ্ধাৰৰ পাছতহে ঘটনাৰ নতুন দিশ উন্মোচন কৰে মাৰ্ঘেৰিটা আৰক্ষীয়ে।
জন্মাদাত্ৰী মাতৃৰ বিৰুদ্ধেই উত্থাপন হৈছে শিশুটিৰ হত্যাৰ গুৰুতৰ অভিযোগ। দুৰ্গা পূজাৰে পৰা সন্ধানহীন হৈ আছিল শিশুটি। আজি অভিযোগ উত্থাপিত হোৱা মাতৃগৰাকীক আটক কৰে মাৰ্ঘেৰিটা আৰক্ষীয়ে।
ঘটনা সন্দৰ্ভত বৰ্তমানলৈ জানিব পৰা অনুসৰি, দুৰ্গাপূজাৰ আৰম্ভণিৰ ১১ অক্টোবৰ তাৰিখে পুৱা প্ৰায় ৯ মান বজাত এখন অট’ ৰিক্সাৰে মাতৃয়ে ঘৰৰ পৰা উলিয়াই নিছিল ৫ বছৰীয়া পুত্ৰ সন্তানক। তাৰ পাছত দিনৰ ১১ মান বজাত পুত্ৰ অবিহনে অকলশৰীয়াকৈ বেলেগ এখন অট’ৰে ঘৰলৈ ঘূৰি আহিছিল মহিলাগৰাকী।
পাছত আৰক্ষীয়ে জন্মদাত্ৰীৰ ওপৰতেই সন্দেহ হোৱাত সেই অটো ৰিক্সা চালকৰ সন্ধান কৰি সোধপোচ কৰাতহে উলাই পৰে সত্য। ঘৰৰ পৰা সন্তানক উলিয়াই নিনদীৰ পাৰলৈ লৈ গৈছিল। তাতেই ৫ বছৰীয়া কনমানি সন্তানক পানীত ডুবাই প্ৰাণ কাঢ়ে মাতৃয়ে। এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰি প্ৰথমে সন্তানটি নিৰুদ্দেশৰ নাটক তাৰ পিছত হত্যা।
উল্লেখ্যে যে যোৱা ১১ তাৰিখে মাৰ্ঘেৰিটাৰ পুৰণি ৰামকৃষ্ণ বিদ্যাপীঠৰ সমীপৰ মহিলাগৰাকীয়ে নিজৰ ৫ বছৰীয়া সন্তানৰ নিৰুদ্দেশ হোৱা বুলি মাৰ্ঘেৰিটা থানাত এজেহাৰ দাখিল কৰিছিল। ১৫ তাৰিখে বুঢ়ীদিহিং নৈত উদ্ধাৰ হৈছিল নিৰুদিষ্ট ৫ বছৰীয়া শিশু অভিমন্যু চক্ৰৱৰ্তীৰ মৃতদেহ।
কিন্তু আৰক্ষীৰ সন্দেহ আৰু তদন্তত উলাই পৰে ভয়ংকৰ তথ্য। সোধপোচত ওলাই পৰে সকলো। সাংবাদিকৰ আগত এতিয়াও মূখ খোলা নাই হত্যাৰ অভিযোগত অভিযুক্ত মাতৃগৰাকীয়ে। পুত্ৰ হত্যাকাৰী মাতৃৰ চকুত আনকি নাই অনুতপ্ত হোৱাৰ লক্ষণ। বৰ্তমানলৈ কিয় সন্তানক তেনেদৰে হত্যা কৰে মাতৃয়ে সেই সন্দৰ্ভত জানিব পৰা হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ