৩৬ বছৰৰ পিছত জয়ী নিউজিলেণ্ড, প্ৰথমখন টেষ্টত পৰাস্ত ভাৰত, ভাৰতৰ পৰাজয়ৰ ২ টা মুখ্য কাৰণ
ভাৰত আৰু নিউজিলেণ্ডৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল বেংগালুৰুত অনুষ্ঠিত হয়। এই খেলখনত টিম ইণ্ডিয়াই ৮ উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। পঞ্চম দিনা নিউজিলেণ্ডৰ জয়ৰ লক্ষ্য আছিল মাত্ৰ ১০৭ ৰান। যিটো কিউই দলে মাত্ৰ ২টা উইকেট হেৰুৱাই অৰ্জন কৰে। ইয়াৰ লগে লগে নিউজিলেণ্ডৰ দলটোৱে ৩৬ বছৰৰ পাছত ভাৰতীয় মাটিত টেষ্ট মেচত জয়ী হোৱাত সফল হৈছে। এতিয়া টিম ইণ্ডিয়াৰ পৰাজয়ৰ দুটা ডাঙৰ কাৰণ পোহৰলৈ আহিছে।
১/ টছ জয় কৰাৰ পিছত বেটিং কৰা
বেংগালুৰু টেষ্ট মেচত টিম ইণ্ডিয়াৰ পৰাজয়ৰ প্ৰথম আৰু আটাইতকৈ ডাঙৰ কাৰণ আছিল টছত জয়ী হোৱা আৰু প্ৰথমে বেটিং কৰা। আচলতে বেংগালুৰু টেষ্ট আৰম্ভ হোৱাৰ আগতেই বৰষুণ হৈছিল। বৰষুণৰ বাবে প্ৰথম দিনাৰ খেল বাতিল কৰা হয়। ইয়াৰ পিছতে খেলখনৰ দ্বিতীয় দিনা টছ অনুষ্ঠিত হয় আৰু ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ পিছতে দ্বিতীয় দিনা সেমেকা পীটছত প্ৰথম ইনিংছত মাত্ৰ ৪৬ ৰান কৰি অল আউট হৈছিল টিম ইণ্ডিয়া। ৰোহিতৰ এই সিদ্ধান্তক লৈ বহু প্ৰশ্ন উত্থাপন হৈছিল। প্ৰথম ইনিংছৰ পিছত ৰোহিতে নিজেই নিজৰ সিদ্ধান্তক ভুল বুলি অভিহিত কৰে।
২) দ্বিতীয় ইনিংছত নিম্ন অৰ্ডাৰৰ বেটছমেনৰ দুৰ্বল প্ৰদৰ্শন
প্ৰথম ইনিংছৰ অন্তত টিম ইণ্ডিয়াৰ বিৰুদ্ধে নিউজিলেণ্ডে ৩৫৬ ৰানৰ অগ্ৰগতি লাভ কৰে। ইয়াৰ পিছত টিম ইণ্ডিয়াৰ সমস্যা অলপ বাঢ়িবলৈ ধৰে। কিন্তু দ্বিতীয় ইনিংছত টিম ইণ্ডিয়াই উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই এই অগ্ৰগতি বাহিৰ কৰাই নহয় ১০৬ ৰানৰ অগ্ৰগতিও লাভ কৰে। দ্বিতীয় ইনিংছত টিম ইণ্ডিয়াৰ টপ অৰ্ডাৰে উজ্জ্বল বেটিং কৰিছিল যদিও পৰৱৰ্তী ৬ জন বেটছমেনে দলটোৰ হৈ মাত্ৰ ৩৮ ৰান সংগ্ৰহ কৰে। যাৰ বাবে দ্বিতীয় ইনিংছৰ পিছত টিম ইণ্ডিয়াই মাত্ৰ ১০৬ ৰানৰ অগ্ৰগতিহে লাভ কৰিবলৈ সক্ষম হয়। যদি টিম ইণ্ডিয়াৰ অগ্ৰগতি প্ৰায় ২০০ ৰান হ’লহেঁতেন তেন্তে ভাৰতে এই মেচত জয়ী হ’ব পাৰিলেহেঁতেন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















