সাৱধান, ইয়াত প্ৰেম-পিৰিতি নচলিব এয়া OYO Room নহয়, এখন বিশেষ জাননী
এজন কেব চালকৰ সৈতে জড়িত এটা পোষ্ট ছ’চিয়েল মিডিয়াত খুবেই ভাইৰেল হৈ পৰিছে, য’ত তেওঁ গাড়ীত বহি থকা যাত্ৰীসকলৰ বাবে লিখিত সতৰ্কবাণীৰে সৈতে এখন জাননী জাৰি কৰিছে। এতিয়া কেব চালকৰ এই জাননীখন ইণ্টাৰনেটত বহুত শিৰোনাম দখল কৰিছে।
আচলতে প্ৰেমিক-প্ৰেমিকাৰ কেবত হোৱা ৰোমাঞ্চত অশান্তি পাই হায়দৰাবাদৰ এজন কেব চালকে নিজৰ কেবতেই এটা সতৰ্কবাণী জাননী আঁৰি দিলে, য’ত স্পষ্ট ভাষাত প্ৰেমিক-প্ৰেমিকাক দূৰত্ব বজাই ৰাখিবলৈ আৰু ৰোমাঞ্চ নকৰিবলৈ সাৱধানবাণী দিয়া হৈছে।
তেলেংগানাৰ হায়দৰাবাদ চহৰৰ পৰা পোহৰলৈ আহিছে এই ঘটনা। ইয়াত এজন চালকে নিজৰ কেবত বিশেষ অনুৰোধ থকা জাননী এখন ৰাখিছে। কেব চালকজনে কেবখনৰ ভিতৰত ৰোমাঞ্চ নকৰিবলৈ পোষ্টাৰৰ জৰিয়তে প্ৰেমিক-প্ৰেমিকাক সকীয়াই দিছে।
কেব চালকে পোষ্টাৰত দূৰত্ব বজাই ৰাখি বহিবলৈ অনুৰোধ জনাইছে। ভাইৰেল হৈ থকা এই জাননীখন চালেই বুজিব পাৰি যে বিশেষকৈ প্ৰেমিক-প্ৰেমিকাক উদ্দেশ্য কৰি এই জাননী দিছে।
জাননীখনত লিখা আছে, ‘সাৱধান!! ইয়াত ৰোমাঞ্চ তথা প্ৰেম-পিৰিতি নকৰিব। এইয়া এটা কেব, আপোনাৰ ব্যক্তিগত ঠাই বা OYO কোঠা নহয়… গতিকে অনুগ্ৰহ কৰি দূৰত্ব বজাই ৰাখক আৰু মৌন হৈ থাকক।
এই বাৰ্তা ভাইৰেল হোৱা পাছত মানুহক হাঁহিবলৈ বাধ্য কৰাইছে , বহু লোকেই আমোদ লৈছে এই জাননীৰ জৰিয়তে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ