দীপাৱলী উদযাপন কৰি থকাৰ সময়তে দুই দুৰ্বৃত্তই আহি ভৰি চুই সেৱা কৰি সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড
দীপাৱলীৰ উদযাপনত সকলো মগ্ন হৈ থকাৰ সময়তে ৰাজধানী দিল্লীত সংঘটিত হয় এক অতিকে ভয়ংকৰ ঘটনা। ঘৰৰ সমুখতে গুলিয়াই হত্যা কৰি যায় ২জনক। যি ঘটনাই এতিয়া সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিছে। ৩১ অক্টোবৰৰ নিশা সংঘটিত হৈছে এই ঘটনা।
যি সময়ত সমগ্ৰ দিল্লী দীপাৱলীৰ উলহ-মালহৰ মাজত ব্যস্ত আছিল। সেই সময়তে দিল্লীৰ শ্বাহদৰা অঞ্চলত দীপাৱলীৰ নিশা সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা। ফটকাৰ কোলাহলৰ মাজতে দুই দুৰ্বৃত্ত আহি একেলগে এখন ঘৰৰে খুৰাক আৰপ ভতিজাক গুলিয়াই হত্যা কৰে।
ঘৰৰ সমুখতে সংঘটিত হয় এই ঘটনা। যি আক্ৰমণত এটি শিশু আহত হয়। জানিবপৰা মতে আহত শিশুটি নিহত হোৱা লোকগৰাকীৰে পুত্ৰ। এই গুলীচালনাত আকাশ আৰু তেওঁৰ ভতিজা ঋষভৰ মৃত্যু হৈছে। আনহাতে আকাশৰ পুত্ৰ কৃষ আহত হয়।
দিল্লী আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ চিচিটিভি ফুটে লাভ কৰিছে। এই ফুটেজ অনুসৰি আকাশে পুত্ৰ আৰু ভতিজাৰ সৈতে ঘৰৰ বাহিৰত দীপাৱলী উদযাপন কৰি আছিল। শিশুসকলে ফটকা জ্বলাই আছিল। ঠিক তেতিয়াই স্কুটী এখনত দুজন দুস্কৃতিকাৰী আহে। এজনে স্কুটাৰৰ পৰা নামি থিয় হয়। আনজন স্কুটাৰত বহি থাকে।
আকাশে যেতিয়া সন্তানৰ সৈতে ফটকা ফুটাই আছিল, তেতিয়া আক্ৰমণকাৰীৰ এজনে আকাশৰ ভৰি চুই – ৰাম-ৰাম খুড়া কয় আৰু আনজনক গুলিওৱাৰ নিৰ্দেশ দিয়ে। তেতিয়া আনজন আক্ৰমণকাৰীয়ে কঁকালৰ পৰা বন্দুক উলিয়াই আকাশক হত্যা কৰে।
এই গুলীচালনাত আকাশ আৰু ভতিজা ঋষভৰ মৃত্যু হয়। ঘৰৰ প্ৰৱেশদ্বাৰতে এই ঘটনা সংঘটিত কৰে আক্ৰমণকাৰীয়ে। আৰক্ষীৰ মতে, এই ঘটনাত আক্ৰমণকাৰীয়ে ঠিকাভিত্তিক হত্যাৰ আশ্ৰয় লৈছে। আকাশক গুলীয়াই হত্যা কৰাৰ পিছতে ঘৰৰ ভিতৰত থকা পুত্ৰ কৃষকো গুলীচালনা কৰে।
তাৰ পাছত যেতিয়া আক্রমণকাৰী পলাবলৈ চেষ্টা কৰে, আকাশৰ ভতিজা ঋষভে ৰাস্তাৰ ফালে দৌৰি গৈ আক্রমণকাৰীক ৰখাবলৈ চেষ্টা কৰাত আকাশক ৰাস্তাত গুলীচালনা কৰে৷
গোচৰত দিল্লী আৰক্ষীয়ে ঘৰটোৰ চাৰিটা চিচিটিভি কেমেৰাৰ পৰা ফুটেজ লাভ কৰিছে। ইয়াৰ উপৰিও আশে-পাশে থকা অঞ্চলৰ চিচিটিভি কেমেৰাৰ ফুটেজো লোৱা হৈছে। এই ঘৰৰ বাহিৰত ইতিমধ্যে বহুতো চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে যাতে যিকোনো মানুহৰ গতিবিধি ধৰা পেলাব পাৰে।
শত্ৰুতাৰ বাবেই এই ঘটনা সংঘটিত হ’ব পাৰে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। মৃত আকাশৰ বয়স ৪০ বছৰ আৰু ভতিজা ঋষভৰ বয়স ১৬ বছৰ। গুলীচালনাত আহত হয় আকাশৰ পুত্ৰ কৃষ।
এই দুটাকৈ হত্যাকাণ্ডৰ গোচৰত এতিয়ালৈকে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন অভিযুক্তক। ফৰছ বজাৰৰ দ্বৈত হত্যাকাণ্ডৰ গোচৰত দিল্লী আৰক্ষীয়ে আটক কৰি ৰখা ব্যক্তিজনৰ বয়স ১৭ বছৰ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জনোৱা মতে, মৃতকৰ পৰিয়ালে ইতিমধ্যে অভিযুক্তক চিনাক্ত কৰিছে। অৱশ্যে এতিয়ালৈকে এই হত্যাকাণ্ডৰ উদ্দেশ্য পোহৰলৈ অহা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















