প্ৰায় সকলো নিৰ্বাচনী সমীক্ষাই ডেমোক্ৰেট প্ৰাৰ্থী কমলা হেৰিচক আগুৱাই ৰাখিছিল৷ কিন্তু বেলট বক্স খুলোতেই দেখা গৈছে বিপৰীত ছবি৷ প্ৰথমৰ পৰাই আগুৱাই আছে ডোনাল্ড ট্ৰাম্পৰ ৰিপাব্লিকান পাৰ্টী৷ সেই তুলনাত বহু পৰিমানে পিছুৱাই আছে কমলা৷ মাৰ্কিন প্ৰেছিডেণ্ট নিৰ্বাচনত বিজয় প্ৰায় নিশ্চিত ডোনাল্ড ট্ৰাম্পৰ৷
আমেৰিকাৰ ৪৭সংখ্যক প্ৰেছিডেণ্ট হৈছে ডোনাল্ড ট্ৰাম্প৷ কমলা হেৰিছৰ সন্মুখত ইতিহাস তৈয়াৰৰ সুযোগ আছিল যদিও কমলাই ট্ৰাম্পক হৰুৱাব নোৱাৰিলে৷ ২৭০ মেজিক ফিগাৰ পাৰ কৰি ট্ৰাম্প সাজু হৈছে দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ প্ৰেছিডেণ্টৰ আসনত বহিবৰ বাবে৷ ট্ৰাম্পে পাইছে ২৭৭ ভোট৷ অন্যহাতে কমলা হেৰিছে লাভ কৰিছে ২২৬টা ভোট৷ ৫০খন প্ৰদেশৰ বেছিভাগেই ট্ৰাম্পৰ ৰিপাব্লিকান পাৰ্টীৰ দখলত৷
১৯৯৬ চনৰ প্ৰেছিডেণ্ট নিৰ্বাচনৰ পৰা জৰ্জিয়া নামৰ সমষ্টিটো দখল কৰি আহিছে ৰিপাব্লিকান পাৰ্টীয়ে৷ ২০২০ চনত একেবাৰেই কম ব্যৱধানত ট্ৰাম্পক হৰুৱাইছিল জ’ বাইডেনে৷ এইবাৰ জৰ্জিয়া আকৌ নিজৰ হাতলৈ আনিলে ট্ৰাম্পে৷ সকলোৰে সমৰ্থনত আমেৰিকাৰ ৪৭সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত ল’বলৈ সাজু এতিয়া ডোনাল্ড ট্ৰাম্প৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















