ট্ৰেন যাত্ৰা কোনে নকৰে৷ ট্ৰেন অবিহনে বহু ঠাইত যাতায়াতৰ কথা ভাৱিবই নোৱাৰি৷ ১ ঘণ্টাৰ ৰাস্তা ১০ মিনিটত পোৱাই দিয়ে এই ট্ৰেনে৷ কেৱল কম সময়েই নহয় ট্ৰেনত যাত্ৰা কৰিলে ধনো ৰেহাই হয়৷ ট্ৰেন একপ্ৰকাৰৰ ভাৰতৰ মেৰুদণ্ড৷ দূৰৈত কৰোবাত ভ্ৰমণ কিংবা নিত্যদিনৰ কাৰ্যালয় যাত্ৰা সকলোতেই ট্ৰেনৰ চাহিদা আছে৷ কিন্তু ভাৰতৰ প্ৰথম ইঞ্জিনবিহীন ট্ৰেন কোনখন জানেনে? বহুতেই ইয়াৰ উত্তৰ নাজানে৷
ইঞ্জিনবিহীন ট্ৰেনৰ নাম কি?
এই মুহূৰ্তত দেশৰ প্ৰথম ইঞ্জিনবিহীন ট্ৰেনক লৈ বহুতেই আলোচনা কৰিছে৷ প্ৰতিদিনে এই ইঞ্জিনবিহীন ট্ৰেন ভাৰতত চলি আছে৷ ইঞ্জিন নাথাকিলেও এই ট্ৰেনৰ গতি অতি তীব্ৰ৷ ৰাজধানী, চেন্নাই, শতাব্দী সকলোকে টক্কৰ দিয়ে এই ট্ৰেনে৷ তথ্যসূত্ৰে জনা গৈছে যে ইঞ্জিনবিহীন এই ট্ৰেনৰ সৰ্বোচ্চ গতিবেগ ১৮৩ কিঃমিঃ প্ৰতি ঘণ্টা হ’লেও ৰেলপথ আৰু ট্ৰেফিক সীমাবদ্ধতাৰ কাৰণে এই ট্ৰেইন চলি আছে প্ৰতি ঘণ্টাত ১৬০ কিঃমিঃ বেগত৷
আপুনি নিশ্চয় ধাৰণা কৰিব পাৰিছে আমি কোনখন ট্ৰেইনৰ কথা ক’ব খুজিছো৷ এই ট্ৰেইন হৈছে বন্দে ভাৰত এক্সপ্ৰেছ৷ বৰ্তমান সময়ত এই ট্ৰেইনৰ চাহিদা সকলোতকৈ বেছি৷ প্ৰায় অধিকাংশ মানুহেই এই ট্ৰেইনত যাত্ৰা কৰিবলৈ উৎসুক৷ এই ট্ৰেইনৰ বিলাসবহুল সুবিধা আৰু গতিবেগৰ বাবেই বহুতৰে এই ট্ৰেইন বিশেষ পছন্দৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ