হঠাৎ দেখিলে ধোঁৱা উলাইছে৷ কিছু আগুৱাই যাওঁতেই দেখা পায় জুইৰ লেলিহান শিখা৷ আগপিছ নাভাৱি জুইৰ মাজত সোমাই গ’ল তেওঁ৷ এটা এটাকৈ ৭টা শিশুক তাৰপৰা উদ্ধাৰ কৰি আনে৷ ৭টা শিশুক উদ্ধাৰ কৰি থাকোতেই তেওঁ পাহৰি পেলাইছিল নিজৰ কন্যাৰ কথা৷ তেওঁৰ কন্যাও ভৰ্তী হৈছিল হাস্পতালত৷ সেই ভয়াৱহ অগ্নিকাণ্ডত মৃত্যু হয় তেঁওৰ কন্যাৰ৷ জুই যমজ কন্যাই প্ৰাণ হেৰুৱাই ভয়াৱহ অগ্নিকাণ্ডত৷
এই মৰ্মান্তিক ঘটনাটো ঘটিছে ঝান্সি হাস্পতালত৷ যমজ সন্তানৰ পিতৃগৰাকীৰ নাম হৈছে য়াকুব মনছুৰি৷ য়াকুবে জনাইছে, যেতিয়া জুই লাগিছিল তেতিয়া তেওঁ ঝান্সি হাস্পতালৰ বাহিৰতেই আছিল৷ তেওঁ খিৰিকি ভাঙি ভিতৰলৈ প্ৰৱেশ কৰে৷ তাতেই শাৰী শাৰীকৈ ৰখা হৈছিল বহু শিশুক৷ অন্য অভিভাৱকেও সেই ৰুমটোত সোমাবলৈ চেষ্টা কৰিছিল যদিও পৰা নাছিল৷
য়াকুবে কোনোমতে সেই ৰুমত সোমাই ৭টা শিশুক উদ্ধাৰ কৰে৷ শিশুকেইটাক উদ্ধাৰ কৰাৰ পাছত হঠাৎ তেওঁৰ মনলৈ আহে যে তেওঁৰ সন্তানো এই হাস্পতালতেই ভৰ্তি হৈ আছে৷ তেওঁৰ কন্যা যিটো ৱৰ্ডত আছিল সেই ৱৰ্ড সম্পূৰ্ণ জুইয়ে ছানি ধৰিছিল৷ সেয়ে চেষ্টা কৰিও য়াকুব তাত প্ৰৱেশ কৰিব নোৱাৰিলে৷ তাৰপিছতেই অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমুওৱাৰ পাছত উদ্ধাৰ হয় তেওঁৰ কন্যাৰ মৃতদেহ৷
ঝান্সিৰ জিলাপ্ৰশাসক অবিনাশ কুমাৰে জনোৱা অনুসৰি প্ৰাথমিক ৰিপৰ্টমতে ১০টা শিশুৰ মৃত্যু হৈছে৷ তাৰপাছতেই আৰু ৬গৰাকীৰ মৃত্যু হয়৷ দুৰ্ঘটনা কেনেকৈ হ’বলৈ পালে সেই সন্দৰ্ভত এসপ্তাহৰ ভিতৰত তথ্য দাখিলৰ নিৰ্দেশ দিছে ইউপি চৰকাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ