ফেছবুকৰ পাছৱৰ্ড মনত নাই! তাৰ ওপৰিও ৰিকভাৰিৰ বাবে ৰেজিষ্টাৰ্ড মোবাইল বা ইমেইল একাউণ্টৰ এক্সেছ নাই৷ এনে পৰিস্থিতিত পৰিলে যিকোনো লোকেই টেনছনত পৰি যায়৷ টেনছনৰ কাৰণ নাই৷ এই পৰিস্থিতিৰ পৰা ৰেহাই পোৱা সহজ৷ ইয়াৰ বাবে আপোনাৰ কাষত থাকিব লাগিব কেৱল মাত্ৰ এনে কোনো ডিভাইছৰ প্ৰয়োজন য’ত আপুনি পূৰ্বে আপোনাৰ একাউণ্টটো লগ ইন কৰিছে৷ আৰু এতিয়াও আপোনাৰ একাউণ্ট সেই ডিভাইছত লগ ইন হৈ আছে৷
নিজৰ ফোন, কম্পিউটাৰ বা আত্মীয় কোনো বন্ধুৰ ফোন কম্পিউটাৰ হ’লেও হ’ব৷ আৰু সেই ব্ৰাউজাৰত গৈ facebook.com/login/identify টাইপ কৰক৷ আৰু তাতেই কোনো এটা ইমেইল এড্ৰেছ কিংবা মোবাইল ফোনৰ নম্বৰ লিখক৷ যদি ইয়াতো কাম নহয় তেন্তে আপোনাৰ একাউণ্টৰ নাম অথৱা ইউজাৰ নাম লিখক৷ এইবাৰ একাউণ্টটি হাতত পাবলৈ যোৱাৰ পাছত প্ৰথমেই ন লঙ্গাৰ হেভ এক্সেছ টু দিছত ক্লিক কৰক৷ তাতেই কি কি তথ্য বিচাৰিছে সেয়া দাখিল কৰক৷ নতুন এটা কনটেক্ট ডিটেইল দিয়ক৷ কেৱল ধ্যান ৰাখক, এই কনটেক্ট ইনফৰমেছন যেন ইয়াৰ পূৰ্বে কোনো ফেছবুক একাউণ্টত ব্যৱহাৰ কৰা নহয়৷ এইবাৰ যদি সমস্ত ছিকিউৰিটি চেক পাছ কৰি যায়, তেন্তে সুযোগ আহিব পাছৱৰ্ড ৰিচেট কৰাৰ৷
আপোনাৰ একাউণ্টটো যদি আপুনি আকৌ ব্যৱহাৰ কৰাৰ উপযোগী হৈ পৰিব৷ যদি এই পদ্ধতিত কাম নহ’লে আপুনি গ্ৰিবেন্স অফিচাৰৰ সৈতে যোগাযোগ কৰিব পাৰে৷ এই অফিচাৰৰ সৈতেও যোগাযোগৰ দুটা উপায় আছে৷ যাৰ মাজত প্ৰথমটো হৈছে এটা অনলাইন ফৰ্ম পূৰণ কৰা৷ ইয়াত আপোনাক কিছু বিকল্প বাছি লোৱা হ’ব৷ তাতেই একাউণ্ট লক কৰাৰ কাৰণ, পুনৰুদ্ধাৰৰ উদ্দেশ্য ইত্যাদি লৈ প্ৰশ্ন কৰা হ’ব৷ এই ফৰ্মত ইলেক্ট্ৰনিক স্বাক্ষৰো দিয়া হ’ব৷ ইয়াৰোপৰি ইমেইল বা পোষ্টৰ মাধ্যমেৰে অভিযোগ দাখিল কৰিব পাৰিব আপুনি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ