ওস্তাদৰ এক নজনা কথা, নিজৰ সৌন্দৰ্যৰে হৰুৱাইছিল অমিতাভ বচ্চনক
কেৱল শিল্প কৰ্মৰে নহয়, সৌন্দৰ্যৰেও বহু জনপ্ৰিয় আছিল সদ্যহতে কোটি কোটি অনুৰাগীক শোক সাগৰত পেলাই ইহ সংসাৰৰ পৰা চিৰ বিদায় লোৱা ওস্তাদ জাকিৰ হুছেইন। নিজৰ সৌন্দৰ্যৰে আনকি হৰুৱাইছিল বিগ বি এংগ্ৰী ইয়ং মেন অমিতাভ বচ্চনকো।

সেয়া ১৯৯৪ চনৰ কথা। এখন মেগাজিনে অনুষ্ঠিত কৰিছিল ‘চেক্সিয়েষ্ট মেন খিতাপ’ (সবাতোকৈ সুন্দৰ মানুহ)। সেই প্ৰতিযোগিতাত বিজয়ী ভোটদানৰ জৰিয়তে নিৰ্বাচন কৰা হৈছিল।
https://x.com/t2telegraph/status/1868350265059061884
বিভিন্ন প্ৰতিযোগিৰ মাজত চূড়ান্ত হৈছিল বলীউডৰ অন্যতম অভিনেতা বিগ বি অমিতাভ বচ্চন আৰু তবলাৰে বিশ্ব জয় কৰা ওস্তাদ জাকিৰ হুছেইন। সকলোৱে ভাবিছিল চ্যুট-টাই পৰিধান কৰা ৬ ফুট ২ ইঞ্চি উচ্চতাৰ বলিষ্ঠ কণ্ঠৰ অধিকাৰী অমিতাভেই সেই খিতাপ জয় কৰিব।

পাছে সকলোকে আচৰিত কৰি সেই ১৯৯৪ চনৰ চেক্সিয়েষ্ট মেনৰ খিতাপ দখল কৰিছিল ওস্তাদ জাকিৰ হুছেইনে। বহু ভোটত অমিতাভ বচ্চনক পিছ পেলাই চেক্সীয়েষ্ট মেনৰ খিতাপ জয় কৰিছিল জাকিৰ হুছেইনে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















