BCCIৰ আন এক নতুন নিয়মে চিন্তা বঢ়াইছে খেলুৱৈৰ, কৰ্তন হ’ব পাৰে দৰমহা
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৰ্ডাৰ-গাভাস্কাৰ ছিৰিজত পৰাস্ত হৈ কঠিন পৰ্যায়ৰ মাজেৰে পাৰ হৈ গৈছে টিম ইণ্ডিয়া। কেংগাৰু দলৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়ৰ পিছত ১১ জানুৱাৰী শনিবাৰে মুম্বাইত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ বিষয়াসকলে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে।
দলটোত বৃহৎ পৰিৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিচিচিআইয়ে খেলুৱৈসকলৰ বাবে নতুন পৰিকল্পনা আৰম্ভ কৰাৰ কথা চিন্তা কৰিছে। এফালে যদি টুৰ্নামেণ্টৰ সময়ত পৰিয়াল নিয়াৰ ক্ষেত্ৰত আনিছে নিয়ম, আনফালে এইবাৰ ব’ৰ্ডে এজন খেলুৱৈৰ প্ৰদৰ্শন অনুযায়ী দৰমহা কৰ্তনৰ অনুমতি লাভ কৰিব।
নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাত হোৱা পৰাজয়ৰ পৰিপ্ৰেক্ষিতত ব’ৰ্ডে এনে ব্যৱস্থা গঢ়ি তোলাৰ কথা চিন্তা কৰিছে য’ত খেলুৱৈসকলক তেওঁলোকৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি পুৰস্কৃত কৰা হ’ব আৰু দুৰ্বল প্ৰদৰ্শনৰ বাবে তেওঁলোকৰ দৰমহাও কৰ্তন কৰা হ’ব।
এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি বি চি চি আইৰ নতুন সম্পাদক দেৱজিৎ শইকীয়া আৰু কোষাধ্যক্ষ প্ৰভতেজ সিং ভাটিয়াৰ আগমনৰ লগে লগে এই নতুন ব্যৱস্থা কাৰ্যকৰী হ’বলৈ গৈ আছে।
যাৰ ফলত বি চি চি আইৰ কাম-কাজ আৰু ইয়াৰ ধৰণত বহু পৰিৱৰ্তন আহিব বুলি আশা কৰা হৈছে। ইয়াৰে এটা পৰিৱৰ্তন হৈছে কৰ্মক্ষমতা ভিত্তিক দৰমহাৰ প্ৰৱৰ্তন।
সূত্ৰটোৱে আৰু কয় যে খেলুৱৈসকলক তেওঁলোকৰ প্ৰদৰ্শনৰ বাবে জবাবদিহি কৰা উচিত আৰু যদিহে তেওঁলোকৰ প্ৰদৰ্শন আশা কৰা ধৰণে নহয় বুলি ধৰা পৰে তেন্তে তেওঁলোকৰ দৰমহাও কৰ্তন কৰা উচিত।’
ভাৰতীয় ক্ৰিকেটত ইতিমধ্যে প্ৰদৰ্শন ভিত্তিক ব্যৱস্থা ৰূপায়ণ কৰা হৈছে, যাৰ অধীনত ২০২২-২৩ বৰ্ষৰ পৰা এটা ছিজনত ৫০ শতাংশতকৈ অধিক টেষ্ট মেচৰ ভিতৰত প্লেয়িং ইলেভেনত খেলা খেলুৱৈয়ে ৩০ লাখ টকাকৈ লাভ কৰিব প্ৰতিখন মেচত। আনহাতে যদি কোনো খেলুৱৈয়ে এটা ছিজনত কমেও ৭৫ শতাংশ মেচত অংশগ্ৰহণ কৰে তেন্তে প্ৰতিখন মেচত ৪৫ লাখ টকা লাভ কৰিব পাৰে। টেষ্ট ক্ৰিকেটৰ প্ৰচাৰৰ বাবেই বিচিচিআইয়ে এই পদক্ষেপ আৰম্ভ কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















