কাইলৈ মালব্য ৰাজযোগত বিপুল অৰ্থলাভ, লাভাম্বিত হ’ব ৫ ৰাশি
কাইলৈ ৭ ফেব্ৰুৱাৰী ২০২৫ তাৰিখ শুকুৰবাৰে চন্দ্ৰ গোটেই দিনটো বৃষ ৰাশিত থাকিব। বৈদিক পঞ্জিকা অনুসৰি কাইলৈ মাঘ মাহৰ শুক্ল পক্ষৰ দশম দিন। জ্যোতিষৰ হিচাপ অনুসৰি কাইলৈ ইন্দ্ৰ যোগ আৰু বৈধৃতি যোগৰ প্ৰভাৱ থাকিব।
তাতে আৰু হিন্দু ধৰ্মত শুকুৰবাৰ লক্ষ্মী দেৱীৰ প্ৰিয় দিন বুলি মান্যতা আছে। জ্যোতিষৰ হিচাপ অনুসৰি মালব্য ৰাজযোগৰ বাবে ৫ ৰাশিৰ লোকে কাইলৈ জীৱনত বহুত সুখ আৰু সফলতা লাভ কৰিব।
মেষ ৰাশি
কাইলৈ ৰেহিনী তাৰকাৰ প্ৰভাৱত মেষ ৰাশিৰ লোকে কোনো আত্মীয় বা ওচৰ-চুবুৰীয়াৰ পৰা কিছুমান অতি ভাল খবৰ লাভ কৰিবলৈ ওলাইছে। ফলত কাইলৈ আপোনাৰ মনটো আনন্দৰে ভৰি পৰিব। কিন্তু বিৰোধীয়ে আপোনাক বিপদত পেলাবলৈ বিভিন্ন আঁচনি ৰচনা কৰিব পাৰে। বিৰোধীৰ এই ষড়যন্ত্ৰ আপুনি বিফল কৰিব পাৰে। বৰঞ্চ আপোনাৰ শত্ৰুৱে নিজৰ মাজতে যুদ্ধ কৰিবলৈ আৰম্ভ কৰিব।
মিথুন ৰাশি
কাইলৈ মিথুন ৰাশিৰ লোকসকলে কিছু সামাজিক কামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰিব। ইয়াৰ ফলত সমাজত আপোনাৰ প্ৰভাৱ আৰু প্ৰতিপত্তি বৃদ্ধি পাব। কাইলৈ দেৱী লক্ষ্মীৰ আশীৰ্বাদত মিথুন ৰাশিৰ লোকসকল আত্মবিশ্বাসৰ শিখৰত উপনীত হ’ব। যদি পত্নীৰ সৈতে পূৰ্বৰ কোনো ভুল বুজাবুজি হৈছিল তেন্তে কাইলৈসেই সকলোবোৰ সমাধান হ’ব।
তুলা ৰাশি
তুলা ৰাশিৰ লোকসকলে দেৱী লক্ষ্মীৰ আশীৰ্বাদত কাইলৈ ধন-সম্পত্তি বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। যদিও কাইলৈ আপুনি কিছু স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে। কিন্তু ইন্দ্ৰ যোগৰ প্ৰভাৱত তুলা ৰাশিৰ লোকসকলে বৃহৎ আৰ্থিক লাভৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে। নিজৰ শাৰীৰিক স্বাস্থ্যৰ যত্ন লওক।
বৃশ্চিক ৰাশি
কাইলৈ ৰবি যোগৰ শুভ প্ৰভাৱত বৃশ্চিক ৰাশিসকলে যিকোনো কাম হাতত ল’লে সফলতা লাভ কৰিব। কাইলৈআপুনি আপোনাৰ কেৰিয়াৰৰ অগ্ৰগতিৰ শিখৰত উপনীত হ’ব পাৰিব। সকলো কাম সম্পূৰ্ণ মনোযোগেৰে কৰিব। বৃশ্চিক ৰাশিসকলে যিকোনো কাম হাতত ল’লে সফলতা লাভ কৰিব।
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ লোকে কাইলৈসন্তান সন্দৰ্ভত ভাল খবৰ পাব পাৰে। আপোনাৰ নৈতিকতা আৰু আদৰ্শবোধৰ বাবেই আপুনি সকলো ধৰণৰ অসৎ কামৰ পৰা আঁতৰি থাকিব। ফলত প্ৰথমতে কিছু সমস্যা হ’লেও শেষত জয়ী হ’ব। কুম্ভ ৰাশিৰ লোকে ক’ৰবাত বিনিয়োগ কৰিলে ভাল লাভ কৰিব পাৰে। আপোনাৰ সংগীৰ সৈতে মানসম্পন্ন সময় কটাবলৈ সুযোগ পাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















