যুজবেন্দ্ৰ চহলে সঁচাকৈয়ে ধনশ্ৰীক দিলে নেকি ৬০ কোটি টকা, সত্য কি ?
ভাৰতীয় ক্ৰিকেটাৰ যুজবেন্দ্ৰ চহলে কিছুদিনৰ পৰা বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। অৱশ্যে ক্ৰিকেটৰ বাবে নহয়, ব্যক্তিগত জীৱনৰ বাবেহে বিশেষ চৰ্চা লাভ যুজবেন্দ্ৰৰ। হাৰ্ডিক পাণ্ডিয়াৰ দৰেই এইবাৰ বিবাহ বিচ্ছেদৰ খবৰৰ বাবে চৰ্চিত হৈছে এইগৰাকী খেলুৱৈ।
আচলতে চহলে পত্নী ধনশ্ৰী বাৰ্মাক বিবাহ বিচ্ছেদ কৰিছে বুলি খবৰ উলাই আছে। বহুদিনৰ পৰা তেওঁলোকৰ বিবাহ বিচ্ছেদৰ খবৰে বিশেষ চৰ্চা লাভ কৰি আহিছে। কালি দুয়োৰে বিবাহ বিচ্ছেদ নিশ্চিত হয়।
এতিয়া ধনশ্ৰীৰ ধন লোৱা সন্দৰ্ভত নতুন বিবাদৰ সৃষ্টি হৈছে। কোৱা হৈছে যে চহলে ধনশ্ৰীক ৬০ কোটি টকা জীৱিকা হিচাপে দিছে।
ক্ৰিকেটাৰ যুজবেন্দ্ৰ চহল আৰু ধনশ্ৰী ভাৰ্মাৰ বিবাহ ২০২০ চনৰ ডিচেম্বৰ মাহত হৈছিল। কিন্তু বিগত ডেৰ বছৰ ধৰি পৃথকে পৃথকে থাকিছিল দুয়ো। দুয়োজনে ইজনে সিজনক ছ’চিয়েল মিডিয়াতো আনফ’ল’ কৰিছিল।
২০ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে বান্দ্ৰা পৰিয়াল আদালতত তেওঁলোকৰ বিবাহ বিচ্ছেদৰ চূড়ান্ত শুনানি অনুষ্ঠিত হয়। এই সময়ত দুয়োজনেই তাত উপস্থিত আছিল। ইয়াৰ পিছতেই খবৰ আহে যে চহলে ধনশ্ৰীক জীৱিকা হিচাপে ৬০ কোটি টকা দিছে। পাছে কিমান সত্যতা আছে এই কথাত।
ধনশ্ৰীৰ অধিবক্তাই কয় যে ৬০ কোটি লোৱা কথাটো মিছা। ‘বম্বে টাইমছ’ৰ সৈতে হোৱা কথা-বতৰাত ধনশ্ৰীৰ অধিবক্তাই কয় যে ৬০ কোটি টকাৰ জীৱিকাৰ ধনৰ খবৰটো মিছা। সংবাদ মাধ্যমত ভুল খবৰ ওলাইছে। তেওঁলোকে প্ৰথমে এটা তথ্য পৰীক্ষা কৰা উচিত আছিল। তেওঁ কয়, “এই বিষয়টো এতিয়াও আদালতত আছে। সংবাদ মাধ্যমে প্ৰথমে তথ্য পৰীক্ষা কৰা উচিত।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















