চলিত বছৰত বহু শক্তিশালী গ্ৰহই অৱস্থান পৰিবৰ্তন কৰিব৷ যাৰ মাজত অন্যতম হৈছে শনি৷ গ্ৰহৰ মাজত সকলোতকৈ ধীৰ গতিত যাত্ৰা কৰে শনিয়ে৷ প্ৰতি আঢ়ৈ বছৰত শনিয়ে ৰাশি পৰিবৰ্তন কৰে৷ ২০২৫ চনৰ ২৯ মাৰ্চত শনিয়ে গোচৰ কৰিব৷ কুম্ভ ৰাশি এৰি বৃহস্পতিৰ ৰাশি অৰ্থাৎ মীন ৰাশিত প্ৰৱেশ কৰিব শনিয়ে৷ আঢ়ৈ বছৰ এই ৰাশিত থকাৰ পাছত মেষ ৰাশিত উপস্থিত হ’ব শনি৷ দৌল অৰ্থাৎ হোলিৰ পাছতেই পাছতেই শনিৰ এই অৱস্থান পৰিবৰ্তনৰ শুভ প্ৰভাৱ পৰিব ৪ ৰাশিৰ ওপৰত৷ কাৰ কাৰ ভাগ্যৰ চকৰি ঘূৰিব?
কৰ্কট ৰাশি
শনিৰ ৰাশি পৰিবৰ্তনে কৰ্কট ৰাশিৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব৷ বহু দিন ধৰি নোহোৱা কামো এই সময়ত সম্পন্ন হ’ব৷ আৰ্থিক অৱস্থাৰ উন্নতি হ’ব৷ আয়ৰ নতুন উৎস মুকলি হ’ব৷ ব্যৱসায়ত লাভৰ মুখ দেখা পাব৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷
তুলা ৰাশি
শনিৰ প্ৰভাৱত তুলা ৰাশিৰ সুদিন উভতি আহিব৷ যদি ব্যৱসায়ত কোনো বিনিয়োগ কৰে তেন্তে লাভৰ সম্ভাৱনা আছে৷ নতুন চাকৰি পোৱাৰ যোগ আছে৷ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি লোৱা শিক্ষাৰ্থীসকলৰ সাফল্যৰ সম্ভাৱনা আছে৷ বহু দিন ধৰি মাটি বাৰী সংক্ৰান্তিয় গোচৰ চলি থাকিলে সেই মীমাংসা সম্পন্ন হ’ব৷
বৃশ্চিক ৰাশি
শনিৰ গোচৰ বৃশ্চিক ৰাশিৰ বাবে লাভজনক হ’ব৷ জীৱনৰ বিভিন্ন বিষয়ত উন্নতিৰ পথ প্ৰশস্ত হ’ব৷ অবিবাহিতসকলে বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷ ফ্লেট, মাটি বা বাহন কিনাৰ যোগ আছে৷ স্বাস্থ্যৰ দিশত নজৰ ৰাখক৷
মকৰ ৰাশি
শনিৰ ৰাশি পৰিবৰ্তনে মকৰ ৰাশিৰ ওপৰত শুভ প্ৰভাৱ পৰিব৷ ব্যৱসায়ত বৃহৎ চুক্তি কৰিব পাৰে যাৰ পৰা ভৱিষ্যতে লাভ হ’ব৷ পেছাগত জীৱনক লৈ মানসিক চাপ দূৰ হ’ব৷ প্ৰিয়জনৰ সৈতে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷ সন্তানৰ পৰা সুখবৰ পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















