কম দৰমহাৰ লোকে প্ৰায়েই ভাৱে যে তেওঁলোকৰ পক্ষে সঞ্চয় কৰা সম্ভৱ নহয়৷ তেওঁলোকৰ মনত প্ৰশ্ন জাগে, সামান্য সঞ্চয়েনো জীৱনত কি এনে পৰিবৰ্তন আনিব পাৰিব৷ এই সঞ্চয়ে তেওঁলোকৰ অৱসৰ নিৰাপদ কৰিব পাৰিবনে? বহুলোকেই বিশ্বাস কৰে যে সঞ্চয় কেৱল ধনী বা উচ্চ দৰমহাপ্ৰাপ্ত ব্যক্তিৰ পক্ষেহে সম্ভৱ৷ কিন্তু সত্য এয়াই যে সঞ্চয় আয়ৰ ওপৰত নিৰ্ভৰশীল নহয়, নিজৰ অভ্যাসৰ ওপৰতহে নিৰ্ভৰশীল৷
কোনোৱে যদি ভাৱে যে কম দৰমহাৰেই তেওঁ কোটিপতি হ’ব তেন্তে এয়া সম্ভৱ কৰি দেখুৱাবও পাৰে৷ সঠিক ঠাইত বিনিয়োগ কৰি কোটিপতি হ’ব পাৰে যিকোনো ব্যক্তিয়েই৷ ধৰা হ’ল আপুনি ২০০০০ টকা মাহিলী আয় কৰে তেন্তে কেনেকৈ কোটিপতি হ’ব আপুনি?
উপায়
বিশেষজ্ঞৰ বিশ্বাস কৰে যে, সঞ্চয় এটা অভ্যাস আৰু প্ৰত্যেক ব্যক্তিয়েই এই অভ্যাস গ্ৰহণ কৰা উচিত৷ আয় যিমানেই নহওক কিয়৷ কেৱল সঞ্চয়েই অৱশ্যে যথেষ্ট নহয় এই সঞ্চয়ক সঠিক স্থানত বিনিয়োগ কৰাটোও গুৰুত্বপূৰ্ণ৷ কাৰণ সময়ৰ সৈতে বিনিয়োগ কৰা অৰ্থ বৃদ্ধি পায় আৰু ভাল ৰিটাৰ্ণো পোৱা যায়৷ ইয়াতেই প্ৰশ্ন উঠে, কিমান ছেভিংছ কৰিব? ইয়াৰ বাবে সাধাৰণ নিয়মে কয় যে প্ৰত্যেক ব্যক্তিয়ে তেওঁৰ আয়ৰ কমেও ২০শতাংশ সঞ্চয় কৰা উচিত৷
২০,০০০ হ’লে মাহিলী সঞ্চয় কিমান কৰিব?
যদি কাৰোবাৰ মাহিলী দৰমহা ২০,০০০ হয় তেন্তে এই নিয়ম অনুসৰি প্ৰতিমাহে ৪০০০ টকাকৈ সঞ্চয় কৰা উচিত৷ ইয়াৰ মানে লৈছে ১৬০০০ টকাৰে আপুনি সকলো খৰচ সামৰিব লাগিব৷ আৰু প্ৰতিমাহে আপুনি ৪০০০ টকা সঞ্চয় কৰিব লাগিব৷
ক’ত এই অৰ্থ বিনিয়োগ কৰিব?
আজিকালি বিনিয়োগৰ বহু বিকল্প আছে৷ কিন্তু মিউচুৱেল ফাণ্ড আৰু SIP এতিয়া দুৰ্দান্ত বিনিয়োগ বিকল্প হৈ উঠিছে৷ SIPৰ মাধ্যমেৰে বিনিয়োগত দীৰ্ঘম্যাদত প্ৰচুৰ ৰিটাৰ্ণ লাভ কৰিব আপুনি৷ SIP-ৰ গড় বাৰ্ষিক ৰিটাৰ্ণ ১২শতাংশ পৰ্যন্ত হ’ব পাৰে যি অন্যান্য নিৰ্দিষ্ট আয়ৰ বিকল্পসমূহতকৈ ভাল৷
কেনেকৈ ১ কোটি টকা জমা কৰিব?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















