বৈদিক শাস্ত্ৰমতে, নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে প্ৰতিটো গ্ৰহই স্থান পৰিবৰ্তন কৰে৷ আকৌ দুই গ্ৰহৰ সংযোগত গুৰুত্বপূৰ্ণ যোগ তৈয়াৰ হয়৷ যাৰ শুভ অশুভ প্ৰভাৱ পৰে ১২ ৰাশিৰ ওপৰত৷ বৰ্তমান গ্ৰহৰ ৰজা সূৰ্য কুম্ভ ৰাশিত আছে৷ সূৰ্যই আগন্তুক ৮মাৰ্চৰ পুৱা ১০ বাজি ৪০ মিনিটত মঙলৰ সৈতে ১২০ ডিগ্ৰীত অৱস্থান কৰিব৷ সেই সময়তেই নৱপঞ্চম ৰাজযোগ গঠন হ’ব৷ কেইবাটাও ৰাশিৰ ওপৰত নৱপঞ্চম ৰাজযোগৰ শুভ প্ৰভাৱ পৰিব৷ ভাগ্যৰ চকা ঘূৰিব কোন কোন ৰাশিৰ জাতকৰ?
সিংহ ৰাশি
নৱপঞ্চম ৰাজযোগৰ প্ৰভাৱত সিংহ ৰাশিৰ শুভ সময় আহিব৷ ব্যৱসায়ত লাভৰ মুখ দেখা পাব৷ নতুন চাকৰি পোৱাৰ যোগ আছে৷ বন্ধুৰ পৰা ঋণৰ টকা শোধ কৰিব পাৰে৷ পুৰণি বিনিয়োগৰ পৰা লাভৱান হ’ব৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷
কুম্ভ ৰাশি
সূৰ্য মঙলৰ নৱপঞ্চম ৰাজযোগ কুম্ভ ৰাশিৰ বাবে লাভজনক হ’ব৷ প্ৰেম জীৱন সুখকৰ হ’ব৷ সম্পৰ্কত বহুদিন ধৰি অশান্তি থাকিলে এইবাৰ দূৰ হ’ব৷ কামত এনাৰ্জি পাব৷ সংসাৰত আৰ্থিক সংকট দূৰ হ’ব৷ নতুন কোনো আয়ৰ উৎস বিচাৰি পাব৷
মীন ৰাশি
শীঘ্ৰেই নৱপঞ্চম ৰাজযোগত মীন ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খুলিব৷ বহুদিন ধৰি ৰৈ থকা টকা পাব৷ কেৰিয়াৰত উন্নতিৰ সুযোগ পাব পাৰে৷ কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পাৰে৷ যি কোনো সাফল্যৰ যোগ আছে৷ সন্তানৰ বিদেশ যাত্ৰাৰ খবৰ পাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















