বিনিয়োগকাৰীসকলক আকৃষ্ট কৰাৰ বাবে কেইবাখনো বেংকে উচ্চ সুদৰ হাৰসহ বিশেষ ফিক্সড ডিপোজিট স্কিম আৰম্ভ কৰিছে৷ এই সীমিত সময়ৰ ফিক্সড ডিপোজিটত নিয়মিত আমানতৰ তুলনাত উচ্চ হাৰত ৰিটাৰ্ণ দিয়ে৷ বিশেষকৈ প্ৰবীণ নাগৰিকক৷
এই ফিক্সড ডিপোজিটসমূহৰ সুবিধা কিন্তু সীমিত সময়ৰ বাবেহে লাভ কৰিব৷ এই স্কিমসমূহত বিনিয়োগৰ শেষ তাৰিখ আগন্তুক ৩১ মাৰ্চ৷ ভাৰতীয় ৰিজাৰ্ভ বেংকে সম্প্ৰতি ৰেপো ৰেট কমোৱাৰ কথা ঘোষণা কৰিছে৷ ফলত বেংকসমূহে শীঘ্ৰেই এই উচ্চ হাৰৰ ফিক্সড ডিপোজিট স্কিম বন্ধ কৰি দিব পাৰে৷ সেয়ে আপুনি যদি উচ্চতৰ ৰিটাৰ্ণ নিশ্চিত কৰিব খোজে তেন্তে ৩১ মাৰ্চৰ পূৰ্বে এই স্কিমসমূহত বিনিয়োগ কৰিব পাৰে৷
কোন কোন বেংকে দিছে এই সুবিধা?
১. SBI অমৃত বৃষ্টি
SBIৰ অমৃত বৃদ্ধি ৪৪৪ দিন৷ সাধাৰণ নাগৰিকৰ বাবে ৭.২৫শতাংশ আৰু প্ৰবীণ নাগৰিকৰ বাবে ৭.৭৫শতাংশ সুদ প্ৰদান কৰে৷
2. SBI অমৃত কলশ
এছ বি আইৰ অমৃত কলশ ৪০০ দিনীয়া৷ সাধাৰণ নাগৰিকৰ বাবে ইয়াত ৭.১০ শতাংস আৰু প্ৰবীণ নাগৰিকৰ বাবে ৭.৬০শতাংশ সুদ দিছে৷
৩. আই ডি বি আই উৎসৱ কলেবল এফ ডি
আই ডি বি আই বেংকৰ বিশেষ উৎসৱ কলেবল এফ ডিয়ে ম্যাদৰ ওপৰত ভিত্তি বিভিন্ন সুদৰ হাৰ দিয়ে৷ ৫৫৫ দিনৰ ম্যাদৰ বাবে ছুপাৰ ছিনিয়ৰ ছিটিজেনৰ বাবে সুদৰ হাৰ ৮.০৫শতাংশ, ছিনিয়ৰ চিটিজেনৰ বাবে ৭.৯০শতাংশ আৰু সাধাৰণ নাগৰিকৰ বাবে ৭.৮০শতাংশ৷
একেদৰে ৪৪৪ দিনৰ ম্যাদৰ বাবে ছুপাৰ চিনিয়ৰ চিটিজেন, চিনিয়ৰ চিটিজেন আৰু সাধাৰণ নাগৰিকৰ বাবে সুদৰ হাৰ যথাক্ৰমে ৮শতাংশ, ৭.৮৫শতাংশ আৰু ৭.৩৫শতাংশ৷
৪ ইণ্ডিয়ান বেংকৰ বিশেষ ফিক্সড ডিপোজিট স্কিম
ইণ্ডিয়ান বেংকৰ ‘IND Supreme 300 Days’ ছুপাৰ চিনিয়ৰ চিটিজেনৰ বাবে ৮.০৫শতাংশ সুদৰ হাৰ অফাৰ কৰে৷ অন্যহাতে ছিনিয়ৰ চিটিজেন আৰু সাধাৰণ নাগৰিকৰ বাবে সুদৰ হাৰ যথাক্ৰমে ৭.৮০ শতাংশ আৰু ৭.৩০শতাংশ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ