১০ ঘণ্টাজুৰি আকাশত উৰণ৷ অথচ গন্তব্যস্থানত উপস্থিত নহ’ল৷ বৰং আকৌ ওলোটাই আমেৰিকালৈকে উভতি আহিব লগা হ’ল Air India-ৰ বিমান৷ এয়াৰ ইণ্ডিয়া বিমান সংস্থাৰ দাবী যে প্ৰযুক্তিগত ত্ৰুটিৰ বাবেই আমেৰিকালৈ উভতিব লগা হয় বিমানখন৷ কিন্তু সংবাদ সংস্থা পি টি আইৰ সূত্ৰৰ খবৰ অনুসৰি, মাজ আকাশত বিমানৰ শৌচাগাৰ ভৰি যোৱাৰ বাবেই আমেৰিকালৈ উভতি যাব লগা হয় বিমানখন৷
বৃহস্পতিবাৰে আমেৰিকাৰ চিকাগোৰ পৰা দিল্লীলৈ উভতিছিল বিমানখন৷ কিন্তু ১০ ঘণ্টা উৰাৰ পাছত মাজৰাস্তাৰ পৰা চিকাগো বিমানবন্দৰলৈ উভতি যাব লগা হয়৷ বিমানৰ গতিবিধিৰ ওপৰত নজৰদাৰি চলোৱা flightradar24.com ৰ প্ৰদত্ত তথ্যই কৈছে চিকাগোৰ ORD বিমানবন্দৰৰ পৰা উৰাৰ পাছত ১০ ঘণ্টাতকৈ বেছি আকাশত উৰে Boeing 777-337 ER বিমানখন৷ তাৰপিছতেই কি এনে ঘটনা ঘটিল যে চিকাগোলৈকে আকৌ উভতি যাব লগা হ’ল বিমানখন?
এটা সূত্ৰক উদ্ধৃতি দি পি টি আইয়ে জনাইছে যে Air India-ৰ Boeing 777-337 ER বিমানখনত ১০ টা শৌচাগাৰ আছে যাৰ মাজত ফাৰ্ষ্ট ক্লাছ যাত্ৰীৰ বাবেই আছে দুটা শৌচাগাৰ৷ বিমান যাত্ৰীৰ বাবে মুঠ আসনৰ সংখ্যা ৩৪০তকৈ বেছি৷ ফাৰ্ষ্ট ক্লাছ, বিজনেছ ক্লাছ আৰু ইকনমিক ক্লাছ, তিনিটা শ্ৰেণীৰ আসন আছে বিমানখনত৷ কিন্তু বিমান আকাশত উৰাৰ লগে লগেই এটা শৌচাগাৰহে ব্যৱহাৰৰ যোগ্য হৈ থাকে৷ বাকীসমূহ বৰ্জ্যৰে ভৰি যায়৷
এই বিষয়টোক লৈ যোগাযোগ কৰিলে Air India-ৰ মুখপাত্ৰই জনাই যে AI126 বিমানখন ৬মাৰ্চত চিকাগোৰ পৰা দিল্লীলৈ উৰিছিল৷ মাজপথত যান্ত্ৰিক বিজুতিয়ে দেখা দিয়াৰ ফলত চিকাগোলৈ উভতি যায়৷ তাত নমাৰ পাছতেই যাত্ৰীসকলক ভাড়াৰ টকাও ঘূৰাই দিয়া হয়৷ কোনোৱে যাতে অসুবিধাত নপৰে তাৰবাবে বিকল্প ব্যৱস্থাও কৰি দিয়ে বিমানকৰ্মীসকলে৷ যাতে যাত্ৰীসকলে গন্তব্য স্থানত উপস্থিত হয়৷
Air India-ক লৈ পূৰ্বেও একাধিক অভিযোগ উঠিছে৷ পৰিসেৱাক লৈ অসন্তুষ প্ৰকাশ কৰিছে যাত্ৰীসকলেও৷ কেতিয়াও বিজনেছ ক্লাছৰ পৰা ইকনমিত নমাই দিয়াৰ অভিযোগ উঠে, কেতিয়াবা আকৌ বহা আসনৰ পৰা আদি কৰি খাদ্যৰ মানদণ্ডক লৈয়ো প্ৰশ্ন উঠে৷ সম্প্ৰতি এগৰাকী ব্যক্তিয়ে সংস্থাৰ বিৰুদ্ধে মাৰাত্মক অভিযোগ তুলিছে৷ পাইলটৰ প্ৰশিক্ষণৰ দায়িত্বৰ থকা ব্যক্তিয়ে কৰ্তব্যত গাফিলতিক লৈ অভিযোগ আনিছে৷ তাৰপিছতেই Air Indiaৰ অধীনত প্ৰশিক্ষণ প্ৰাপ্ত ১০ পাইলটক বৰ্খাস্ত কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ