মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভ যোগে মেট্ৰিক-ADRE সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা
সামাজিক মাধ্যম ফেচবুক যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। মেট্ৰিক পৰীক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি ADRE প্ৰাৰ্থীলৈ কেইবাটাও ঘোষণা কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
ঘোষণা কৰা অনুসৰি, মেট্ৰিক পৰীক্ষাৰ্থীয়ে পাব অতিৰিক্ত নম্বৰ। সমাজ অধ্যয়ন বিষয়ত পাব অতিৰিক্ত নম্বৰ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে, – বৰপেটালৈ যোৱাৰ সময়ত বহু ভাগিনে এইবাৰ সমাজ অধ্যয়নৰ প্ৰশ্ন কাকত বহু টান হোৱা বুলি কৈছিল । বৰদোৱাতো একেই সমস্যাৰে লগ পাইছিল বহু ভাগিন।
সেয়ে মুখ্যমন্ত্ৰীয়ে মই গুৱাহাটীলৈ আহি ছেবাৰ অধ্যক্ষৰ সৈতে সমাজ অধ্যয়নৰ প্ৰশ্ন কাকত সন্দৰ্ভত আলোচনা কৰে। ছেবাৰ অধ্যক্ষই কয় যে এইবাৰৰ পেপাৰখনৰ প্ৰশ্নৰ পেটাৰ্ণ সলনি কৰা হৈছিল। যোৱাবছৰো পেটাৰ্ণ সলনি কৰা হৈছিল। এইবাৰো পেটাৰ্ণ সলনি কৰা হৈছে।
সেয়ে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে, যি সকল ছাত্ৰ-ছাত্ৰীৰ সমাজ অধ্যয়নৰ পৰীক্ষা বেয়া হয়, কিন্তু আন বিষয়ত ভাল হয়, তেন্তে সমাজ অধ্যয়নত সকলোকে অতিৰিক্তকৈ নম্বৰৰ ব্যৱস্থা কৰিব।
ইয়াৰ উপৰি ADREৰ তৃতীয় আৰু চতূৰ্থ বৰ্গৰ উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবেও বিশেষ ঘোষণা কৰে। দুয়োটা বৰ্গৰে মৌখিক টেষ্ট তথা পৰীক্ষা জুন মাহত অনুষ্ঠিত হ’ব। ADREৰ তৃতীয় বৰ্গৰ উত্তীৰ্ণ প্ৰাৰ্থীৰ SKILL TEST অনুষ্ঠিত হ’ব। জুন মাহত অনুষ্ঠিত হ’ব তৃতীয় বৰ্গৰ উত্তীৰ্ণ প্ৰাৰ্থীৰ SKILL TEST।
১০ অক্টোবৰত ADRE ৰ নিযুক্তি প্ৰাদনৰ লক্ষ্য চৰকাৰৰ। ইয়াৰ উপৰি নবেম্বৰ, ডিচেম্বৰ, জানুৱাৰীত ADRE ৰ নতুন পদৰ বিজ্ঞাপন প্ৰকাশ পাব বুলিও সদৰি কৰে মুখ্যমন্ত্ৰীয়ে।
লগতে শিক্ষক নিযুক্তিৰ পৰীক্ষাৰ ফলাফলক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ফেচবুকত লাইভযোগে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষকৰ পৰীক্ষাৰ ফলাফল মে’ মাহত প্ৰকাশ হ’ব।
মে’ মাহৰ প্ৰথম সপ্তাহত পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট শিক্ষকৰ ৯০৭৫টা পদৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ছেবাই ঘোষণা কৰিব। ফাইনেল নিযুক্তি ১০ অক্টোবৰত হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ