কেৱল ভাৰতৰেই নহয়৷ ব্ৰিটেইনৰ নাগৰিক লোকসভাৰো বিৰোধী দলনেতা ৰাহুল গান্ধী৷ বিজেপি নেতাৰ এই অভিযোগৰ ভিত্তিতেই কেন্দ্ৰৰ পৰা মতামত জানিব খুজিছে এলাহবাদ হাইকৰ্টে৷ ৰাহুলৰ নাগৰিকত্বক লৈ আগন্তুক ৪ সপ্তাহৰ ভিতৰত কেন্দ্ৰৰ মতামত জানিব বিচাৰিছে আদালতে৷ সম্প্ৰতি বিজেপি নেতা ভিগ্নেশ শিশিৰে এলাহবাদ হাইকৰ্টত দাবী কৰিছে যে ৰাহুল গান্ধী কেৱল ভাৰতৰেই নাগৰিক নহয়, তাৰ বহু প্ৰমাণ তেওঁৰ হাতত আছে৷ সেই বিজেপি নেতাই আদালতত দাবী কৰিছে যে ৰাহুলৰ নাগৰিকত্বক লৈ তথ্য জানিবলৈ তেওঁ ব্ৰিটেইন চৰকাৰৰ সৈতে যোগাযোগ কৰিছিল৷ কিছু তথ্যও তেওঁক দিছে৷ গোপনীয়তাৰ খাতিৰত সকলোবোৰ মুকলিকৈ তেওঁলোকে কোৱা নাই৷ সেয়ে এই বিষয়ে চিবিআই তদন্ত হোৱা উচিত৷ কেন্দ্ৰইয়ো এই বিষয়ত হস্তক্ষেপ কৰা উচিত৷ এলাহবাদ হাইকৰ্টে এই বিষয়ত কেন্দ্ৰৰ অৱস্থান জানিব খুজিছে৷ ইয়াৰ পূৰ্বে কেন্দ্ৰক একাধিক দফাত মতামত জনোৱাৰ বাবে সময় দিয়া হৈছিল৷ কিন্তু এতিয়াও কেন্দ্ৰৰ অৱস্থান স্পষ্ট নহয়৷
এলাহবাদ হাইকৰ্টে এইবাৰ বিষয়টোৰ দ্ৰুত নিষ্পত্তি কৰিব খুজিছে৷ আগন্তুক ২১ এপ্ৰিলত এই গোচৰৰ পৰবৰ্তী শুনানি৷ তাৰপূৰ্বে এই বিষয়ক লৈ মতামত জনাব লাগিব মোদী চৰকাৰে৷ কেন্দ্ৰই ৰাহুলৰ নাগৰিকত্বক লৈ ৰিপৰ্ট জমা দিয়াৰ বাবে ৯ সপ্তাহৰ সময় বিচাৰিছিল৷ কিন্তু আদালতে ইমান সময় দিবলৈ ৰাজী নহয়৷ ৪ সপ্তাহ সময়হে কেন্দ্ৰক দিছে এলাহবাদ হাইকৰ্টে৷
উল্লেখ্য যে ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ ইয়াৰ পূৰ্বেও একাধিকবাৰ প্ৰশ্ন উঠিছে৷ ইয়াৰ পূৰ্বে দিল্লী হাইকৰ্টত একেই অভিযোগত গোচৰ তৰিছে বিজেপি নেতা সুব্ৰহ্মণ্যম স্বামীয়েও৷ সুব্ৰহ্মণ্যম স্বামীৰ দাবী ব্ৰিটিছ সংস্থা বেকপছ লিমিটেডৰ মাধ্যমেৰে ২০০৫ৰ পৰা ২০০৬ চনত ৰাহুলে দাখিল কৰা বাৰ্ষিক ৰিটাৰ্ণ সংক্ৰান্তিয় নথিসমূহে তেওঁ ব্ৰিটেইনৰ নাগৰিক সেই কথাৰ প্ৰমাণ দিয়ে৷ ইয়াৰোপৰি ইংলেণ্ডত ৰাহুলৰ নামত থকা এটা কোম্পানীৰ ঘোষণাপত্ৰত নিজকে তেওঁ ইংলেণ্ডৰ নাগৰিক হিচাপে উল্লেখ কৰিছে৷
ৰাহুল ব্ৰিটেইনৰ নাগৰিক এই অভিযোগ তুলি তেওঁৰ মনোনয়ন খাৰিজৰো দাবী একাধিকবাৰ উঠিছে৷ ঘটনাচক্ৰত বিজেপি নেতাই এইবাৰ ৰাহুল গান্ধীৰ বিদেশৰ নাগৰিক হিচাপে প্ৰমাণ কৰাৰ চেষ্টা কৰিলেও কেন্দ্ৰই তেনে কোনো মন্তব্য কৰা নাই৷ প্ৰতিবাৰেই ৰাহুলৰ নাগৰিকত্বৰ ইছ্যুটোক এৰাই চলিছে মোদী চৰকাৰে৷ কেন্দ্ৰই এইবাৰ এলাহবাদ হাইকৰ্টক কি জৱাব দিব সেই কথা জানিবলৈ আগ্ৰহী এতিয়া ৰাজনৈতিক সচেতন বহু ব্যক্তি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















