কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডি এ বাঢ়িছে ২শতাংশকৈ। তেওঁলোকৰ ডি এ ৫৩শতাংশৰ পৰা বৃদ্ধি কৰি ৫৫শতাংশ কৰা হৈছে। ডি এ বৃদ্ধিৰ লগে লগে কিমান দৰমহা বাঢ়িল কৰ্মচাৰীৰ?
এই ডিএ কেন্দ্ৰীয় চৰকাৰৰ সমস্ত কৰ্মচাৰীয়েই লাভ কৰিব। পেঞ্চনভোগী সকলেও লাভ কৰিব বৰ্ধিত ডি এৰ ধন। ২৮ মাৰ্চত কৰা ঘোষণা অনুসৰি দেশৰ কোটি কোটি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি পেঞ্চনভোগীসকলেও লাভ কৰিব ডি এ। তেওঁলোকে তিনিমাহৰ বৰ্ধিত ডি এৰ ধন একেলগেই পাব। ইয়াৰ পূৰ্বে ডি এ বাঢ়িছিল ৩শতাংশ আৰু ৪শতাংশ। এইবাৰ কিছু কমাই ২শতাংশ বঢ়াই দিয়া হৈছে ডি এ।
ধৰা হল যাৰ বেছিক পে ১৯ হাজাৰ টকা তেওঁলোকৰ ডি এ এতিয়া ২শতাংশ বৃদ্ধি কৰাত তেওঁলোকে বছৰত অতিৰিক্ত ৪ হাজাৰ ৫৬০ টকা লাভ কৰিব। পেঞ্চনভোগীসকলৰ যিসকলৰ বেছিক পেঞ্চন যদি ৮ হাজাৰ টকা তেন্তে তেওঁলোকে অতিৰিক্ত ১৯২০ টকা লাভ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















