দেৱভূমি উত্তৰাখণ্ডৰ নাইনিতালৰ পৰা ৩৮ কিঃমিঃ দূৰৈত আছে কাঞ্চিধাম৷ কুমায়ুন উপত্যকাৰ নৈসৰ্গিক সৌন্দৰ্যৰ মাজত অৱস্থিত নিম কৰোলি বাবাৰ আশ্ৰম৷ নিম কৰোলি বাবাৰ আশ্ৰমলৈ বহু লোক দৈনিক উপস্থিত হয়৷ কিছুদিন পূৰ্বে বৃন্দাবনৰ নিম কৰোলি বাবাৰ আশ্ৰমত ক্ৰিকেটাৰ বিৰাট কোহলি আৰু তেওঁৰ পত্নী অভিনেত্ৰী অনুষ্কা শৰ্মাও উপস্থিত হোৱাৰ খবৰ ভাইৰেল হৈছিল৷ তথ্যই কৈছে নিম কৰোলি বাবাৰ আশ্ৰমলৈ একালত আহিছিল ধনকুবেৰ ষ্টিভ জোবছৰ পৰা আৰম্ভ কৰি মাৰ্ক জুকাৰবাৰ্গো৷ কিন্তু এই নিম কৰোলি বাবা কোন? জানি থওক তেওঁৰ বিষয়ে এই ১১ টা চমকপ্ৰদ তথ্য৷
নিম কৰোলি বাবাঃ
১. হিন্দু ধৰ্মগুৰু নিম কৰোলি বাবাই তেওঁৰ ভক্তসকলৰ মাজত মহাৰাজজী নামেৰে পৰিচিত৷ তেওঁ বজৰংবলীৰ ভক্ত আছিল৷
২. উইকিপিডিয়াৰ তথ্যই কয় ১৯০০ চনত উত্তৰপ্ৰদেশত জন্ম হৈছিল নিম কৰোলি বাবাৰ৷ তাতেই ফিৰোজাবাদৰ আকবৰপুৰ গাওঁত এক ব্ৰাহ্মণ পৰিয়ালত নিম কৰোলি বাবাৰ জন্ম৷
৩. নিম কৰোলি বাবাৰ প্ৰকৃত নাম লক্ষ্মীনাৰায়ণ শৰ্মা৷ তথ্যই কৈছে তেওঁক ১১ বছৰ বয়সত বিয়া কৰাই দিয়ে পিতৃ মাতৃয়ে৷ কিন্তু বিবাহৰ পাছতেই তেওঁৰ সন্ন্যাসী হোৱাৰ ইচ্ছা জাগি উঠে বাবে তেওঁ ঘৰ এৰি আঁতৰি আহে৷
৪. ঘৰ এৰি যোৱাৰ পাছত আকৌ পিতৃৰ অনুৰোধত তেওঁ ঘৰলৈ উভতি আহে৷ বিবাহিত জীৱন যাপন কৰে৷ পাছলৈ তেওঁ বাবা লক্ষ্মণ দাস নামেৰে পৰিচিত হয়৷ ইয়াৰপাছতেই ১৯৫৮ চনত তেওঁ আকৌ ঘৰ এৰে বাবা লক্ষ্মণ দাসে৷ তাৰপিছতেই তেওঁ সমগ্ৰ উত্তৰ ভাৰতৰ নানান প্ৰান্তত উপস্থিত হয়৷
৫. নিম কৰোলি বাবাৰ দুখন আশ্ৰম আছে৷ এখন কাঞ্চি ধাম আনখন আছে বৃন্দাবনত৷
৬. কাঞ্চিধামতেই তেওঁ জীৱনৰ শেষ সময় কটাইছিল৷ এই আশ্ৰম ১৯৬৮ চনত তৈয়াৰ হৈছিল৷ আশ্ৰমৰ সৈতে আছে হনুমান মন্দিৰ৷
৭. দ্যা টাইমছ অফ ইণ্ডিয়াৰ ৰিপৰ্টত উল্লেখিত তথ্যই কৈছে, ১৯৭০ চনৰ মাজত নিম কৰোলি বাবাৰ উত্তৰাখণ্ডৰ আশ্ৰমলৈ এপলৰ প্ৰতিষ্ঠাতা ষ্টিভ জোবছ আহিছিল৷ তাতেই বাবাৰ আশ্ৰমিকসকলৰ সৈতে তেওঁ সময় কটাইছিল৷
৮. ৰিপৰ্টে দাবী কৰিছে যে ২০১৫ চনত নিম কৰোলি বাবাৰ সেই আশ্ৰমলৈ মাৰ্ক জুকাৰবাৰ্গো আহিছিল৷ সেই সময়ত ফেছবুকে বৰ বেছি জনপ্ৰিয়তা অৰ্জন কৰিব পৰা নাছিল৷ উন্নতিৰ জখলাত ভৰিহে থৈছিল ফেছবুকে৷
৯. টুইটাৰৰ প্ৰাক্তন সহ প্ৰতিষ্ঠাতা দ্যাক ডৰছিও এই নিম কৰোলি বাবাৰ আশ্ৰমলৈ আহিছিল বুলি জনা যায়৷
১০. মূলত ভালপোৱা, সেৱা, ধ্যান আৰু নানান বিষয় সম্পৰ্কে নানান দিশত চৰ্চা কৰিছিল নিম কৰোলি বাবাই৷
১১. তথ্য অনুসৰি ১৯৭৩ চনত বৃন্দাবনৰ এখন হাস্পতালত শেষ নিঃশ্বাস ত্যাগ কৰে নিম কৰোলি বাবাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ