এটামাত্ৰ ভুল৷ তাতেই হেৰুৱালে লাখ টকা ধন৷ কেৰালাৰ পেট্ৰল পাম্পৰ মালিকে ভৰিব লগা হ’ল মোটা অংকৰ ধন৷ কিয় হঠাৎ এই জৰিমনা ভৰিব লগা হল পেট্ৰল পাম্পৰ মালিকে?
পেট্ৰল পাম্পলৈ গৈছিল এগৰাকী মহিলা৷ তেতিয়া নিশা প্ৰায় ১১ বাজো বাজো৷ সেই সময়ত উপস্থিত হৈ মহিলাগৰাকীয়ে টয়লেট ব্যৱহাৰ কৰিব খুজিছিল৷ কিন্তু তেওঁক টয়লেট ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ল৷ যিগৰাকী মহিলাৰ সৈতে এই ঘটনা ঘটিছে তেওঁ পেছাত এগৰাকী স্কুল শিক্ষক৷ মহিলাগৰাকীক সোমাবলৈ নিদিয়াৰ পাছতেই মহিলাগৰাকীয়ে প্ৰশাসনৰ কাষ চাপে৷
বিষয়টো ইমান যে গভীৰ হব সেই কথা ভাৱিবও পৰা নাছিল পেট্ৰল পাম্পৰ কৰ্মীয়ে৷ তেওঁলোকৰ ভুলৰ জৰিমনাও ইমান মোটা হব সেয়া কল্পনা কৰিব পৰা নাছিল৷ পেট্ৰল পাম্পৰ মালিকে গণি গণি ১ লাখ ৬৫ হাজাৰ টকা দিব লগা হয়৷ কিয় নিশাৰ মহিলাক পেট্ৰল পাম্পৰ ব্যৱহাৰ কৰিবলৈ নিদিলে তাৰ বাবেই তেওঁক এই শাস্তি দিয়া হয়৷
উল্লেখ কৰা প্ৰয়োজন যে সমগ্ৰ ভাৰতৰ স্বচ্চ ভাৰত মিছনৰ আওতাত প্ৰতিটো পেট্ৰল পাম্পতেই এই সুবিধা উপলব্ধ থাকিব লাগে৷ সেয়া প্ৰতিক্ষণে পৰিস্কাৰ পৰিচ্ছন্নকৈ ৰখাৰ ওপৰিও প্ৰতি সময়তে খুলাও ৰাখিব লাগে৷ অন্যথা আপুনিও পেট্ৰল পাম্পৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















