স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ জীৱনৰ শংকা- বাবা ভাংগাৰ বিশেষ ভৱিষ্যদ্বাণী
আজিৰ সময়ত প্ৰায়ভাগ মানুহেই স্মাৰ্টফোনত ইমানেই ব্যস্ত যে ফোনটোৰ ফলত হোৱা ক্ষতিৰ বিষয়েও অৱগত নহয়। কিন্তু বিখ্যাত ভৱিষ্যদ্বাণী বাবা ভাংগাৰ এক ভয়ংকৰ ভৱিষ্যদ্বাণীয়ে মানুহক চিন্তা কৰিবলৈ বাধ্য কৰাইছে।
বাবা ভাংগাই কৈছিল যে যদি কোনো ব্যক্তিয়ে মোবাইল ফোন অতিমাত্ৰা ব্যৱহাৰ কৰি থাকে তেন্তে ইয়াৰ প্ৰভাৱ কেৱল শাৰীৰিক নহয় মানসিক আৰু আৱেগিক ভাবেও হ’ব। বাবা ভংগাই বিশ্বাস কৰিছিল যে প্ৰযুক্তিৰ অত্যধিক ব্যৱহাৰৰ বাবে মানুহে পাৰস্পৰিক সম্পৰ্কৰ গুৰুত্ব পাহৰি যাব।
স্মাৰ্টফোনৰ নিচাই ইমানেই আগুৰি ধৰিব যে মানুহে আৱেগ আৰু বাস্তৱ জীৱনৰ পৰা বহু দূৰৈত থাকিব। ইয়াৰ বাহিৰেও বাবাই কৈছিল যে মানুহ ৰবটৰ দৰে হ’ব, কেৱল মেচিনেই হৈ পৰিব জীৱন আৰু ইয়াৰ ফলত মানুহৰ মানসিক ভাৰসাম্য কিমানখিনি অৱনতি ঘটিব সেই কথাও উপলব্ধি কৰিব নোৱাৰিব।
উল্লেখ্য যে বাবা ভাঙাৰ এই ভৱিষ্যদ্বাণী আজিৰ প্ৰজন্মৰ লগত একেবাৰে মিলি যায় যিয়ে ঘণ্টাৰ পিছত ঘণ্টা ধৰি পৰ্দাত স্ক্ৰল কৰি নিজৰ বহুমূলীয়া সময় নষ্ট কৰি আছে।
আজিৰ দ্ৰুতগতিত চলি থকা জীৱনত স্মাৰ্টফোন নিশ্চিতভাৱে মানুহৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে যদিও বহুতে এতিয়া নিজৰ স্ক্ৰীণ টাইম নিয়ন্ত্ৰণ কৰিব পৰা নাই। গৱেষণাৰ পৰা দেখা গৈছে যে বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত স্মাৰ্টফোনৰ নিচাই টোপনি, মানসিক চাপ আৰু কিবা এটাত মনোনিৱেশ কৰাৰ ক্ষমতাত যথেষ্ট প্ৰভাৱ পেলাইছে। অহৰহ নটিফিকেচন, এপ আৰু ছ’চিয়েল মিডিয়াৰ আকৰ্ষণে মানুহক বাস্তৱৰ পৰা আঁতৰাই লৈ গৈছে। ইয়াৰ বাবে মানুহৰ মাজত সম্পৰ্ক দুৰ্বল হৈ পৰাৰ লগতে মানসিক সমস্যা বাঢ়িছে।
বিশেষজ্ঞসকলৰ মতে ম’বাইলৰ অত্যধিক ব্যৱহাৰে উদ্বেগ, হতাশা আৰু নিসংগতাৰ দৰে মানসিক সমস্যাৰ সৃষ্টি কৰিছে। মোবাইলৰ পৰা নিৰ্গত নীলা পোহৰৰ বাবেও মানুহৰ টোপনিৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিছে আৰু ছ’চিয়েল মিডিয়াত দেখা পোৱা আড়ম্বৰপূৰ্ণ জীৱনেও আত্মসন্মানত প্ৰভাৱ পেলায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















