পোষ্ট অফিচ মানেই হৈছে এক নিশ্চিত বিনিয়োগৰ স্থান৷ তাতেই কেইবাটাও নিৰ্ভৰযোগ্য স্কিম আছে৷ যদি হিচাপ কৰি পোষ্ট অফিচত বিনিয়োগ কৰা হয় তেন্তে ভাল ৰিটাৰ্ণ নিশ্চিতভাৱেই লাভ কৰিব৷ পোষ্ট অফিচত আছে মাহিলী ইনকাম স্কিম৷ ইয়াত বিনিয়োগ কৰিলে ভাল সুদ লাভ কৰিব আপুনি৷ ইয়াত ধন বিনিয়োগ কৰিলে ধন হেৰুওৱাৰ আশাও কম৷ প্ৰতি ভাৰতেই ইয়াত বিনিয়োগ কৰে নিৰ্ভৰযোগ্যতাৰ বাবেই৷ যদি আপোনাৰ বয়স ১৮ বছৰ হয় তেন্তে আপুনি সহজেই ইয়াত একাউণ্ট খুলিব পাৰে৷ ইয়াত সুদৰ হাৰ প্ৰায় ৭.৪শতাংশ৷
ইয়াত একাউণ্ট খুলিবলৈ হ’লে আপুনি চিংগল বা জয়েণ্ট দুভাগেই খুলিব পাৰে৷ যদি দেশৰ ভিতৰত অন্য কোনো পোষ্ট অফিচত আপুনি ইয়াক ট্ৰেন্সফাৰ কৰিব খোজে তেন্তে সেয়াও সহজেই কৰিব পাৰে৷ ইয়াত আপুনি এজন নমিনি ৰাখিব পাৰে৷ যদি আপোনাৰ মৃত্যু হয় তেন্তে সেই ধন নমিনিয়ে লাভ কৰিব৷
এটা একাউণ্টত তিনিজন নমিনি আপুনি দিব পাৰে৷ চিংগল একাউণ্টৰ ক্ষেত্ৰত আপুনি ১৫০০ টকাৰ পৰা আৰম্ভ কৰিব পাৰে৷ সৰ্বোচ্চ আপুনি ৯লাখ ৰাখিব পাৰে৷ যদি জয়েণ্ট একাউণ্ট থাকে তেন্তে আপুনি ১৫ লাখ টকা ৰাখিব পাৰে৷ যদি ইয়াত আপুনি ৫ লাখ টকা বিনিয়োগ কৰে তেন্তে তাৰপৰা মাহিলী আপুনি লাভ কৰিব ৩ হাজাৰ ৮৩ টকা৷ যদি ইয়াত ৭লাখ বিনিয়োগ কৰিছে তেন্তে আপুনি মাহিলী পাব ৪ হাজাৰ ৩১৭ টকাকৈ৷
যদি আপুনি ৯ লাখ বিনিয়োগ কৰে তেন্তে আপুনি তাৰপৰা মাহিলী সুদেই লাভ কৰিব ৫ হাজাৰ ৫৫০ টকা৷ যদি ইয়াত ১৫ লাখ টকা বিনিয়োগ কৰে তেন্তে আপুনি মাহিলী লাভ কৰিব ৯ হাজাৰ ৩২০ টকা৷ অৱশ্যে বিনিয়োগ কৰাৰ পূৰ্বেই সমস্ত তথ্য ভালকৈ চাব৷ নহ’লে আৰ্থিক ক্ষতি হ’ব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















