বৈদিক জ্যোতিষত ৰাহুক ছায়া গ্ৰহ বুলি কোৱা হয়৷ এই গ্ৰহে সকলো সময়তে বক্ৰী চলনত গোচৰ কৰে৷ ৰাহুৱে এটা এটা ৰাশিত ১৮ মাহ অৱস্থান কৰে৷ বৰ্তমান ৰাহু আছে মীন ৰাশিত৷ আগন্তুক ১৮ মেৰ সন্ধিয়া ৭ বাজি ৩৫ মিনিট ৰাহুৱে মীন এৰি কুম্ভ ৰাশিত গোচৰ কৰিব৷ জানি থওক ৰাহুৰ গোচৰৰ প্ৰভাৱত ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ?
মেষ ৰাশি
ৰাহুৰ গোচৰ লাভজনক হ’ব মেষ ৰাশিৰ জাতকৰ বাবে৷ বৰ্তমান শনিৰ চাৰে সাতি দশা চলিছে মেষ ৰাশিত৷ এই অৱস্থাত ৰাহুৰ গোচৰত স্বস্তিৰ বতাহ ব’ব মেষ ৰাশিৰ জাতকৰ জীৱনত৷ কেৰিয়াৰত উন্নতি কৰাৰ একাধিক সুযোগ পাব৷ আৰ্থিকভাৱেও লাভৱান হ’ব মেষ ৰাশিৰ জাতক৷ বিদেশ যাত্ৰা কৰিব পাৰে৷ সাংসৰিক জীৱনত সুখ থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















