বৰ্তমান কেতুৱে অৱস্থান কৰিছে কন্যা ৰাশিত৷ ১৮ মাহৰ পাছত নিজৰ ঘৰ সলনি কৰিছে ছায়া গ্ৰহ কেতুৱে৷ আগন্তুক ১৮ মে’ৰ বিয়লি ৫বাজি ৮ মিনিটত কন্যা ৰাশি এৰি বক্ৰী চলনেৰে কেতুৱে সিংহ ৰাশিত গোচৰ কৰিব৷ সূৰ্যৰ ঘৰত কেতুৰ গোচৰৰ ফলত লাভজনক প্ৰভাৱ পৰিব বিভিন্ন ৰাশিৰ জাতকৰ জীৱনত৷ বিশেষকৈ কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ সুযোগ পাব কেইটামান ৰাশিৰ জাতকে৷ জানি থওক কেতুৰ গোচৰত কোন কোন ৰাশিৰ জাতক লাভৱান হ’ব?
মিথুন ৰাশি
মিথুন ৰাশিৰ তৃতীয় ঘৰত গোচৰ কৰিব ৰাহুৱে৷ কেতুৰ এই অৱস্থানৰ ফলত সাহস আৰু আত্মবিশ্বাস বাঢ়িব মিথুন ৰাশিৰ জাতকে৷ এই সময়ত আপুনি নিজৰ সকলো কামত সততা আৰু পৰিশ্ৰমৰ সৈতে সম্পন্ন কৰিব৷ আত্মীয় আৰু বন্ধুৰ সৈতে তীৰ্থযাত্ৰালৈ যাব পাৰে৷ কেতুৰ প্ৰভাৱত মনত পজিটিভ চিন্তাৰে কাম কৰিব৷ কেৰিয়াৰত উন্নতি কৰিব পাৰিব আৰু সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক ভাল হ’ব৷
কন্যা ৰাশি
কেতুৱে কন্যা ৰাশি এৰিলে তাৰ শুভ ফল পাব কন্যা ৰাশিৰ জাতকে৷ যাৱতীয় ঋণ শোধ কৰিব পাৰিব৷ পুৰণি অসুখ থাকিলে তাৰ পৰা ৰেহাই পাব৷ আইনী ঝামেলাৰ পৰা মুক্তি পাব পাৰে৷ আমদানি ৰপ্তানীৰ ব্যৱসায়ত লাভৱান হব৷ আৰ্থিক দিশৰ পৰা এই সময় খুবেই লাভজনক হব৷ চাকৰি আৰু ব্যৱসায়ত সকলো সমস্যা দূৰ হব৷ নতুন চাকৰি পাব পাৰে৷
তুলা ৰাশি
তুলা ৰাশিৰ একাদশ ঘৰত গোচৰ কৰিব কেতুৱে৷ ইয়াৰ ফলত আপুনি সকলো বিষয়ত কাঙ্খিত ফল পাব৷ অতিৰিক্ত অৰ্থ উপাৰ্জনৰ সুযোগ পাব৷ নিজৰ লক্ষ্যৰ প্ৰতি মনোনিৱেশ কৰাৰ ফলত সেয়া অৰ্জন কৰাৰ সম্ভাৱনা বাঢ়ি যাব৷ প্ৰেমৰ ক্ষেত্ৰত অশান্তিয়ে দেখা দিব পাৰে৷ অফিচত আপোনাৰ প্ৰতিপত্তি বাঢ়িব আৰু ছিনিয়ৰ অফিচাৰৰ সমৰ্থন আপোনাৰ সৈতে থাকিব৷
ধনু ৰাশি
ধনু ৰাশিৰ নৱম ঘৰত গোচৰ কৰিব কেতুৱে৷ এই সময়ত ধৰ্মীয় বিষয়ৰ প্ৰতি আগ্ৰহ বাঢ়িব আপোনাৰ৷ তীৰ্থযাত্ৰালৈ যাব পাৰে৷ ধ্যান, প্ৰাণায়াম কৰি নিজৰ মনক শান্ত কৰিব পাৰিব৷ পৰ্যটনৰ ব্যৱসায়ত জড়িতসকলে এই সময়ত ভাল লাভ পাব৷ কোনো পৰিকল্পনা এই সময়ত কাৰ্যকৰী হ’ব পাৰে৷
মকৰ ৰাশি
মকৰ ৰাশিৰ অষ্টম ঘৰত গোচৰ কৰিব কেতুৱে৷ এই সময়ত আপুনি হঠাৎ কিছু অৰ্থ লাভ কৰিব পাৰে৷ শৰীৰ-স্বাস্থ্য পূৰ্বতকৈ ভালে থাকিব৷ পূৰ্বে কৰা বিনিয়োগৰ পৰা লাভৱান হব আৰু আৰ্থিক পৰিস্থিতি মজবুত হব৷ যিসকলে চাকৰিৰ চেষ্টা কৰিছে তেওঁলোকে এই সময়ত নতুন চাকৰি পাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















