প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক উদ্দেশ্যি ভাষণ দিয়াৰ পূৰ্বেই ডাঙৰ বাৰ্তা দিছিল আমেৰিকাৰ প্ৰেছিডেণ্ট ডনাল্ড ট্ৰাম্পে৷ তেওঁ এক সংবাদমেল সম্বোধন কৰি কৈছিল, ‘মই ভাৰত আৰু পাকিস্তানৰ সংঘৰ্ষ বন্ধ কৰাইছো৷ ব্যৱসায় বন্ধ কৰাৰ কথা জনাই দুই দেশৰ মাজত পাৰমাণৱিক যুদ্ধৰ দিশে ঢাল খোৱা যুদ্ধক বন্ধ কৰাইছো৷’
ট্ৰাম্পে কয়, ‘মই দুই দেশৰ সংঘৰ্ষ বন্ধ কৰাৰ বাবে আহ্বান জনাইছিলো৷ সংঘৰ্ষ বন্ধ নকৰিলে বাণিজ্যৰ ওপৰত প্ৰভাৱ পৰিব বুলিও জনাইছিলো৷’ দুই দেশৰ মাজত যুদ্ধবিৰতি ঘোষণাৰ পাছতেই ডোনাল্ড ট্ৰাম্পে নিজকে মধ্যস্থতাকাৰী বুলি জাহিৰ কৰিছে৷
ট্ৰাম্পে যুদ্ধবিৰতিক লৈ কয়, ‘শনিবাৰে আমাৰ প্ৰশাসনীয় বিষয়াই ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ প্ৰস্তাৱ লোৱাত সহায় কৰিছে৷ দুই পাৰমাণৱিক শক্তিধৰ দেশৰেই এই যুদ্ধ বাঢ়ি গলে ব্যাপক ক্ষতি হ’লহেতেন৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















