উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে বুধবাৰে অৰ্থাৎ আজি শপত ল’লে ভূষণ ৰামাকৃষ্ণা গাভাই৷ তেওঁ ভাৰতৰ ৫২ তম মুখ্যন্যায়াধীশ৷ চলিত বছৰৰ ২৩ নৱেম্বৰ পৰ্যন্ত এই আসনত থাকিব তেওঁ৷ জানি থওক নতুন মুখ্য ন্যায়াধীশ সম্পৰ্কে কেইটামান গুৰুত্বপূৰ্ণ তথ্য৷
অমৰাৱতীত জন্ম মুখ্য ন্যায়াধীশ ভি আৰ গাভাইৰ
১৯৬০ চনৰ ২৪ নৱেম্বৰত মহাৰাষ্ট্ৰৰ অমৰাবতীত জন্ম ভি আৰ গাভাইৰ৷ পিতৃ ৰামকৃষ্ণ সূৰ্যভান গাভাই আছিল আম্বেদকাৰৰ একনিষ্ঠ ভক্ত৷ ৰিপাব্লিকান পাৰ্টিৰ প্ৰতিষ্ঠাতাও আছিল সূৰ্যভান৷ সাধাৰণ লোকে তেওঁক দাদাচাহেব বুলি সন্মানেৰে মাতিছিল৷ অমৰাবতীৰ মিউনিছিপাল প্ৰাইমাৰি স্কুলত শিক্ষাজীৱন আৰম্ভ হৈছিল ভি আৰ গাভাইৰ৷
নাগপুৰ ইউনিভাৰ্ছিটিৰ পৰা আইনৰ ডিগ্ৰী লৈছিল মুখ্যন্যায়াধীশ গাভাই৷ ১৯৮৫ চনৰ মাৰ্চ মাহত অধিবক্তা হিচাপে কাম আৰম্ভ কৰে৷ ২০০৩ চনত বম্বে হাইকৰ্টৰ এডিছনেন জাজ হয় গাভাই৷ স্থায়ী ন্যায়াধীশ হিচাপে কাৰ্যভাৰ চমজি লয় ২০০৫ চনৰ নৱেম্বৰ মাহত৷ ২০১৯চনৰ পৰা উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হিচাপে তেওঁ কাম আৰম্ভ কৰে৷ সাংবিধানিক, প্ৰশাসনিক, অপৰাধ, দেৱানী, শিক্ষা পৰিবেশসহ বিষয়ক আইনৰ সকলো শাখাতেই তেওঁৰ কৰ্মৰ অভিজ্ঞতা আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















