কিছুদিন পূৰ্বেই নেটফ্লিক্সত মুক্তি লাভ কৰিছে ৱেব চিৰিজ ‘এডোলেচেঞ্চ’৷ কৈশোৰৰ পৰা যৌৱনত পদাৰ্পণ কৰাৰ সময়ত যৌনতাক লৈ কি কি সমস্যাই দেখা দিয়ে সেই বিষয়টোকেই চিৰিজত উপস্থাপন কৰা হৈছে৷ সেই চিৰিজ চায়েই অনুপ্ৰাণিত সৈ সদ্য যৌৱনত ভৰি দিয়া বহু তৰুণৰ কৌমাৰ্য ভাঙিবলৈ আগ্ৰহী হৈ উঠিছে এগৰাকী খ্যাতনামা মডেল কেমি ষ্ট্ৰেলা৷
এইগৰাকী অনলি ফেনছ মডেলে সম্প্ৰতি জনাইছে যে তেওঁ পূৰ্বে কোনোদিন সংগম নকৰা তৰুণৰ সৈতে সম্পৰ্ক গঢ়িব খোজে৷ তেওঁলোকক পথভ্ৰষ্ট হোৱাৰ পৰা ৰক্ষা কৰিব খোজে৷ তাৰকা মডেলৰ দাবী, যদি প্ৰথমবাৰেই তেওঁলোকে ভাল অনুভূতি পায় তেতিয়া বেয়া পথলৈ তেওঁলোক নাযায়৷ বিষয়টোক তেওঁ সমাজ সেৱা বুলিও দাবী কৰিছে৷
ষ্ট্ৰেলাই নিউৰোচায়েন্সত পঢ়াশুনা কৰিছে৷ তেওঁৰ দাবী, অধিকাংশ ক্ষেত্ৰতেই মানুহে কেৱল সংযোগ বিচাৰে৷ ডেটিং এপৰ দুনীয়াত সকলোবোৰেই দ্ৰুততৰভাৱেও পোৱা যায়৷ কিন্তু মানসিক যোগসূত্ৰ গঢ়ি তোলা সহজ বিষয় নহয়৷ মডেলে জনাইছে যে তেওঁ সেই যোগসূত্ৰ কেনে হ’ব পাৰে সেই বিষয়টো পঢ়াশুনা কৰিছে৷ সংগমে মানসিক স্বাস্থ্য ভালে ৰখাৰ বাবে কাম কৰে বুলিও দাবী সেই মডেলৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















