পাকিস্তানত এইবাৰ নতুন সংকট, গৃহযুদ্ধৰ দিশে পৰিস্থিতি
ভাৰতৰ সৈতে লাগি লৈ বিপদত পৰাৰ পাছত এইবাৰ আন এক সংকটে দেখা দিছে পাকিস্তানত। দেশখনত গৃহযুদ্ধৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। হাতে হাতে বন্দুক লৈ প্ৰতিবাদকাৰীৰ গৃহমন্ত্ৰীৰ ঘৰত আক্ৰমণ।
পানীৰ বাবে এইদৰে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে দেশখনত। ভাৰতে সিন্ধু নদী চুক্তি বাতিল কৰাৰ লগতে চেনাব নদী বান্ধো বন্ধ কৰি ৰখাৰ বাবে পাকিস্তানত পানীৰ বাবে হাহাকাৰ পৰিস্থিতি।
এই বিষয়টো ইমানেই তীব্ৰতৰ হৈ পৰিল যে মানুহে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। সিন্ধ প্ৰদেশৰ গৃহমন্ত্ৰী জিয়াউল হাছান লঞ্জাৰৰ ঘৰত প্ৰতিবাদকাৰীৰ আক্ৰমণ। আনকি প্ৰতিবাদকাৰীয়ে গৃহমন্ত্ৰীগৰাকীৰ ঘৰতো অগ্নি সংযোগ কৰে।
উল্লেখ্য যে, পানী বিতৰণক লৈ পাকিস্তানৰ পঞ্জাৱ আৰু সিন্ধৰ মাজত বিবাদ চলি আছে। এই বিষয়টোক লৈ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে। অনিয়ন্ত্ৰিত ৰাইজে লক্ষ্য কৰি লৈছে গৃহমন্ত্ৰীৰ ঘৰ। আনকি বন্দুক লৈ আহে প্ৰতিবাদকাৰীসকল।
সামাজিক মাধ্যমত বিয়পি পৰিছে হাহাকাৰ পৰিস্থিতিৰ দৃশ্য। সমগ্ৰ অঞ্চলটোত বৰ্তমানে উত্তেজনাৰ পৰিবেশ। গৰম বাঢ়ি অহাৰ লগে লগে পানীৰ সমস্যাও বৃদ্ধি পাইছে পাকিস্তানত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















