বিগ বিৰ বিদায়! ছলমান খান হ’ব নেকি KBCৰ পৰৱৰ্তী ঘোষক
বলীউডৰ ছুপাৰষ্টাৰ অমিতাভ বচ্চনে বিগত ২৫ বছৰ ধৰি ভাৰতৰ অন্যতম জনপ্ৰিয় টিভি শ্ব’ ‘কৌন বনেগা কড়োৰপতি’ত ঘোষক হিচাপে কাম কৰি আহিছে। ২০০০ চনত আৰম্ভ হৈছিল কেবিচি আৰু তেতিয়াৰ পৰাই অমিতাভে এই অনুষ্ঠানটোৰ আয়োজন কৰি আছে।
মাজতে শ্বাহৰুখেও এটা ছিজন আয়োজন কৰিছিল যদিও কেবিচি মানেই ইয়াৰ মূখ্য আকৰ্ষণ বিগ বি। কিন্তু এতিয়া এই শ্ব’টোৰ সৈতে অমিতাভৰ যাত্ৰা শেষ হ’বলৈ ওলাইছে বুলি খবৰ ওলাইছে।
বলীউড হাংগামাৰ এক প্ৰতিবেদন অনুসৰি কেবিচিৰ হৈ আলোচনাত মিলিত হৈছে ছলমান খান। এক সূত্ৰৰ উদ্ধৃতিৰে প্ৰতিবেদনত কোৱা হৈছে যে, “চলমান খান সৰু পৰ্দাৰ কিং আৰু অমিতাভ বচ্চনৰ ঠাইত তেওঁ উপযুক্ত ব্যক্তি কাৰণ তেওঁৰ দৰ্শকৰ সৈতে ভাল সংযোগ আছে।”
লগতে কোৱা হৈছিল যে পাৰিশ্ৰামিক সন্দৰ্ভত আলোচনা চলি আছে আৰু যদি সকলো ঠিকে থাকে তেন্তে ছলমান খান ‘কে বি চি’ৰ নতুন ঘোষক হ’ব পাৰে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















