আকৌ চীনত ধৰা পৰিছে নতুন ধৰণৰ বেক্টেৰিয়া। এই বেক্টেৰিয়াক বিশ্লেযণ কৰি বিজ্ঞানীয়ে ধাৰণা কৰিছে যে এয়া পৃথিৱীত প্ৰথম। এই বেক্টেৰিয়াৰ নাম নিয়লিয়া। এয়া সন্মুখলৈ অহাৰ পাছতেই আকৌ চীনত আৰম্ভ হৈছে নতুন আতংক।
বেইজিঙৰ পৰা কোৱা হৈছে যে এই নতুন ধৰণৰ বেক্টেৰিয়া তেওঁলোকে প্ৰথম দেখা পাইছে। এয়া পৃথিৱীত নতুন ধৰণৰ বেক্টেৰিয়া। সেয়ে ইয়াক লৈ পৰীক্ষা আৰম্ভ হৈছে। মানৱদেহত এই ধৰণৰ বেক্টেৰিয়াই কিমান ক্ষতি কৰিব পাৰে সেই দিশতো নজৰ ৰখা হৈছে।
চীনৰ স্পেছ ষ্টেচনৰ পৰা পোৱা গৈছে এই নতুন বেক্টেৰিয়া। তাতেই প্ৰতিজন মানুহ, গছ, খাদ্য় সকলোবোৰ ভালকৈ পৰীক্ষা কৰি থকা হৈছে। এই বেক্টেৰিয়াৰ আকাৰ ইমানেই সৰু যে ইয়াক খালী চকুৰে দেখা পোৱা নাযায়। এই নতুন বেক্টেৰিয়াই অতি দ্ৰুতগতিত বংশবৃদ্ধি কৰিব পাৰে বুলিও ধাৰণা কৰিছে বিজ্ঞানীয়ে।
স্পেছ ষ্টেচনৰ প্ৰতিজন মানুহকেই টেষ্ট কৰি থকা হৈছে। ইয়াৰ পূৰ্বেও ২০২৩ চনত চীনত এনে এক বেক্টেৰিয়া পোৱা গৈছিল। এই বেক্টেৰিয়াই কিমান ক্ষতি কৰিব পাৰে সেয়া এতিযাও পৰ্যবেক্ষণ কৰি আছে চীনৰ বিজ্ঞানীয়ে। গৱেষকে ইয়াক পৰীক্ষা কৰি পাইছে ইও অতি দ্ৰুত গতিত বিস্তাৰ হৈছে।
নতুন বেক্টেৰিয়াৰ স্বভাৱ অন্য বেক্টেৰিয়াতকৈ পৃথক। ই যিকোনো পৰিবেশত জীয়াই থাকে। এই ধৰণৰ বেক্টেৰিয়াই মহাকাশচাৰীৰ দেহৰ ক্ষতি কৰিব পাৰে। ফলত ই মহাকাশচাৰীৰ শৰীৰত প্ৰৱেশ কৰিলেই ডাঙৰ সমস্যাৰ সন্মুখীন হব বুলিও ধাৰণা কৰিছে বিজ্ঞানীয়ে। এই ধৰণৰ বেক্টেৰিয়া যদি ভৰশূন্য পৰিবেশত জীয়াই থাকিব পাৰে তেন্তে ই পৃথিৱীত সহজেই জীয়াই থাকিব পাৰে বুলিও ধাৰণা কৰিছে বিজ্ঞানীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















