কভিডৰ মাজতে এইবাৰ এখন দেশত কলেৰাৰ প্ৰভাৱ, মাথো এসপ্তাহতে নিহত শতাধিক
এফালে চীন, ভাৰত আদিত কভিডৰ প্ৰাদুৰ্ভাৱ পুনৰ এবাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। তাৰে মাজতে আহিছে ছুডানৰ পৰা আন এক খবৰ।
ছুডানত কলেৰাৰ প্ৰাদুৰ্ভাৱৰ ইমানেই বৃদ্ধি পাইছে যে, মাথো এটা সপ্তাহতে মৃত্যু হৈছে শতাধিক।
প্ৰকাশিত তথ্য অনুসৰি, কলেৰাৰ ফলত ছুডানত বিগত এসপ্তাহত ১৭০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে ২৫০০ৰো অধিক লোক অসুস্থ হৈ পৰিছে।
স্বাস্থ্য বিষয়াসকলৰ মতে, ৰাজধানী খাৰ্টুম আৰু কাষৰীয়া চহৰ ওমদুৰমানত সৰ্বাধিক সংখ্যক লোক আক্ৰান্ত হৈছে। উত্তৰ কৰ্ডোফান, চেনাৰ, গাজিৰা, হোয়াইট নীল আৰু ৰিভাৰ নীল প্ৰদেশতো সংক্ৰমণ নিশ্চিত হৈছে।
লগেত ইয়াকো কৈছে যে, দেশখনত মে’ মাহৰ মাজভাগৰ পৰা কলেৰাৰ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছে। কেৱল এটা সপ্তাহতে ২০০০ৰো অধিক সন্দেহযুক্ত ৰোগীৰ চিকিৎসা কৰা হৈছে।
স্বাস্থ্য বিবাগৰ পৰা সদৰি কৰৈ অনুসৰি, কেন্দ্ৰসমূহত ৰোগীৰ ভিৰ অতিমাত্ৰা আৰু পৰিস্থিতি অত্যন্ত চিন্তনীয়। তাৰে মাজতে মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ কাৰণ হৈছে বহু ৰোগী দেৰিকৈ আহি পোৱা।
বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি কলেৰা হৈছে এক অতি সংক্ৰামক পানীজনিত ৰোগ যিয়ে ডায়েৰিয়া আৰু পানীলগাৰ সৃষ্টি কৰে আৰু তৎকালীন চিকিৎসা নকৰিলে ঘণ্টাৰ ভিতৰতে মাৰাত্মক হ’ব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















