সময়ৰ সৈতে সলনি হৈছে আমাৰ জীৱনযাপনৰ সংজ্ঞা৷ বৰ্তমান কম বয়সতেই বহু লোকৰ শৰীৰত বাঁহ বান্ধিছে একাধিক ক্ৰনিক ৰোগে৷ যাৰ মাজত অন্যতম হৈছে ফেটি লিভাৰসহ লিভাৰৰ আৰু কেইবাটাও সমস্যা৷ বেছিভাগ মানুহৰেই ধাৰণা, মদ্যপান কৰিলেই কেৱল লিভাৰৰ অসুখ হয়৷ কিন্তু চিকিৎসকে জনাইছে এই ধাৰণা একেবাৰেই সঁচা নহয়৷
সাম্প্ৰতিক এক সমীক্ষা অনুসৰি বৰ্তমান প্ৰায় ৪০শতাংশ ভাৰতীয়ই নন এলকহলিক ফেটিলিভাৰত ভূগিছে৷ আৰু এই ৰোগৰ হাতত ধৰিয়েই শৰীৰত বাঁহ বান্ধিব পাৰে লিভাৰ চিৰোচিছৰ দৰে মাৰণ ৰোগো৷ সেয়ে প্ৰাথমিক পৰ্যায়ত ৰোগ চিনাক্ত কৰাটো জৰুৰী৷ লিভাৰৰ সমস্যাৰ কেইবাটাও লক্ষণ প্ৰাথমিকভাৱে শৰীৰত দেখা যায়৷ জানি থওক সেই লক্ষণসমূহ কি কি?
১. টোপনিৰ পৰা উঠিয়েই পেট ফুলা বা আলস্যবোধ
যদি প্ৰতিদিনে পুৱা টোপনিৰ পৰা উঠি পেট ফুলে বা এনাৰ্জি কম পায় তেতিয়া সতৰ্ক হওক৷ বিশেষকৈ ইয়াৰ সৈতে বমি বমি ভাৱ বা ভোক নলগা আদিও লিভাৰৰ সমস্যাৰ লক্ষণ হব পাৰে৷
২. ভোক কমি যোৱা বা ঘনে ঘনে বমি বমি ভাৱ
যদি আপোনাৰ ক্ৰমাগত ভাৱে ভোক নালাগে বা কাৰণ অবিহনেই বমি বমি ভাৱ আহি থাকে তেতিয়াই বুজিব এয়া লিভাৰৰ সমস্যাৰেই কাৰণ৷
৩. পেটৰ মেদ
ওজন বাঢ়ি যোৱা বিশেষকৈ পেটৰ মেদ বাঢ়িলে সেয়া লিভাৰে সঠিকভাৱে ফেট বিপাক নকৰাৰেই ইংগিত বহন কৰে৷
৪. মুখ, ডিঙি বা বাহুত কলা দাগ
শৰীৰৰ কিছু অংশত পিগমেণ্টেছনো লিভাৰৰ অসুখৰ লক্ষণ৷ যাৰ ভিতৰত মুখ, ডিঙি, বাহুত কলা দাগ দেখিলে প্ৰথমেই সতৰ্ক হওক৷
৫. পেটৰ সোঁফালে অস্বস্তি
যদি আপোনাৰ পেটৰ সোঁফালে বিষ অনুভৱ হয় ইয়াক চিকিৎসাৰ পৰিভাষাত কোৱা হয় হাইপোকণ্ড্ৰিয়াক ৰিজিওন ৷ ই লিভাৰৰ প্ৰদাহৰ ইংগিত দিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















